অসমৰ ৰত্ন ভূপেন দা -নিতিষ্মান দাস

অসমৰ ৰত্ন ভূপেন দা

অসমৰ বিশেষ ৰত্ন তুমি ভূপেন দা,
অমিয়া গীত লৈ আহিছা ক’ৰ পৰা।
অসমক দিলা বিশ্বত তুমি নতুন পৰিচয়,
তোমাৰ গীতেৰে সকলোকে কৰিলা জয়।
মনত পৰে ভূপেন দা তোমাৰ প্ৰতিটো কথা,
আমাক এৰি থৈ ক’লৈ তুমি গ’লা ।
অসমৰ ৰত্ন তুমি অসমৰ সন্তান তুমি,
সংগীতেৰে উপচালা অসম ভূমি।
তোমাৰ প্ৰতিটো গীতত যেন অসম জিলিকে,
তোমাৰ গীতত অসমীয়াই প্ৰাণ পাই উঠে।
ধনী-দুখীয়া, সৰু-বৰ দিলা আঁতৰাই,
পুলকিত হৈ পৰিল অসমী আই।
অতুলনীয় ভূপেন দা তোমাৰ দেশভক্তি,
অসমক গীতেৰে সুৰীয়া কৰিলা তুমি ।
অসম সুৰীয়া কৰিলা তোমাৰ গীতেৰে,
দিলা অৱদান তুমি চিৰ সেউজ মাতেৰে।
আগবঢ়াই নিলা তুমি অসম ভূমি,
মনত পৰে ভূপেন দা তোমাৰ প্ৰতিটো স্মৃতি।
আকাশত তৰা হৈ থাকা জিলিকি,
অসমক তাৰ পৰাই দিবা সু-মতি।
ভূপেন দা তোমাক জনালোঁ শ্ৰদ্ধাঞ্জলি,
তোমাৰ আত্মাই পাওক চিৰশান্তি।

-নিতিষ্মান দাস
অষ্টম শ্রেণী