অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ

অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অসমৰ ৮বিধ থলুৱা সামগ্ৰীয়ে লাভ কৰিলে জি আই টেগ।চেন্নাইস্থিত জিঅ’গ্ৰাফিকেল ইণ্ডিকেচন ৰেজিষ্ট্ৰীয়ে এই পৰম্পৰাগত সামগ্ৰী কেইবিধলৈ আগবঢ়ালে জি আই টেগ। বড়ো জনগোষ্ঠীৰ এই আঠ সামগ্ৰীৰ ভিতৰত আছে পৰম্পৰাগত খাদ্য, সামগ্ৰী আৰু বিভিন্ন প্ৰকাশৰৰ থলুৱা পানীয়।  Bodo Traditional Brewers Association য়ে তিনি প্ৰকাৰৰ থলুৱা পানীয়ক জি আই টেগ দিবৰ বাবে আবেদন কৰিছিল। এই তিনি প্ৰকাৰৰ থলুৱা পানীয় হৈছে বড়োসকলৰ পৰম্পৰাগত বড়ো জৌ গোৱৰণ , মাইব্ৰা জৌ বিদ্বি আৰু বড়ো জৌ গিছি । Association of Traditional Food Products য়ে মুঠ চাৰিটা খাদ্য সামগ্ৰীৰ বাবে জি আই টেগ বিচাৰি আবেদন কৰিছিল। এই চাৰিওটা সামগ্ৰীয়েই জি আই টেগ লাভ কৰিছে। এই খাদ্য সামগ্ৰীৰ ভিতৰত আছে বড়ো নাফাম , বড়ো অনলা , বড়ো গোৱাখাও  আৰু বড়ো নাৰ্জী । শুকান মাছৰ দ্বাৰা প্ৰস্তুত কৰা হয় বড়ো নাফাম। বড়ো লোকসকলে বিভিন্ন কৌশল ব্যৱহাৰ কৰি মাছ সংৰক্ষণ কৰি আহিছে। যাৰ ভিতৰত আছে ধোঁৱাৰে শুকোৱাই, ৰ’দত শুকোৱাই, নিমখ দি, মছলা আদি সানি মাছ শুকুৱাই দীৰ্ঘদিনলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা। আন এবিধ খাদ্য হৈছে বড়ো অনলা। এই খাদ্য বিধ নহৰু, আদা, নিমখ আৰু খাৰৰ জৰিয়তে পিঠাগুৰিৰে তৈয়াৰ কৰা হয়। বৈখাগু উৎসৱৰ সময়ত প্ৰস্তুত কৰা বড়ো গোৱাখাও লাভ কৰিছে জি আই টেগ। বড়ো গোৱাখাক গোৱাকা গোৱাখি বুলিও জনা যায়। মৰাপাটৰ পৰা প্ৰস্তুত কৰা খাদ্য বড়ো নাৰ্জীয়েও লাভ কৰিছে জি আই টেগ। এই খাদ্য স্বাস্থ্যৰ বাবে অতি উপযোগী বুলি বিশ্বাস কৰা হয়। এয়া প্ৰচুৰ পৰিমাণে ফেটি এচিড, ভিটামিন, কেলচিয়াম আৰু মেগনেছিয়ামেৰে সমৃদ্ধ। এই কেইবিধ খাদ্য সামগ্ৰীৰ উপৰিও বড়োসকলে ব্যৱহাৰ কৰা জনপ্ৰিয় গলবস্ত্ৰ আৰ’নাই ও লাভ কৰিছে জি আই টেগ। বড়ো সকলৰ এইখন আৰনায় তেওঁলোকে উৎসৱৰ সময়ত নৃত্যৰ পোচাকৰ সৈতে পৰিধান কৰে। এই আৰনাইত ফুটি উঠে প্ৰকৃতিৰ ৰূপ। এইদৰেই বড়ো সকলৰ মুঠ ৩ বিধ পানীয়, ৪ বিধ থলুৱা খাদ্য আৰু এবিধ বস্ত্ৰই পুনৰ জি আই টেগ লাভ কৰিছে।