অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা

অসমৰ ১১ টা লোকসভা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লীত বিজেপিৰ শীৰ্ষ নেতৃত্বই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসমৰ ১১ খন আসনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা। মুঠ ১৪ খন আসনৰ ভিতৰত বিজেপিয়ে ২ খন আসন ক্ৰমে বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টি এজিপিক আৰু কোকৰাঝাৰ সমষ্টি ইউ পি পি এলক এৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই ৩ টা সমষ্টিক বাদ দি বাকী কেইটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।নতুন দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ৰাষ্ট্রীয় সাধাৰণ সম্পাদক বিনোদ তাওড়েই আনুষ্ঠানিকভাৱে প্রার্থীৰ তালিকা ঘোষণা কৰে। ইয়াৰ লগে লগে কার্যতঃ সমাগত লোকসভা নির্বাচনত অসমত বিজেপিৰ প্রার্থিত্বক লৈ চলি থকা জল্পনা-কল্পনাৰ ওৰ পৰিল। লক্ষণীয়ভাবে প্রার্থিত্বৰ বাবে এইবাৰ বিজেপিৰ ৰাষ্ট্রীয় নির্বাচন কমিটী আৰু সংসদীয় ব’র্ডৰ বাছনিত নুঠিল কেন্দ্রীয় ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলীসহ ৫ সাংসদ। কেন্দ্রীয় ৰাজ্যমন্ত্রী তেলীৰ উপৰি প্রার্থিত্ব নোপোৱা ৪ সাংসদ হ’ল- কুইন ওজা (গুৱাহাটী), ডাঃ ৰাজদীপ বয় (শিলচৰ), পল্লবলোচন দাস (পূর্বৰ তেজপুৰ, বৰ্তমানৰ শোণিতপুৰ) আৰু হৰেনছিং বে’ (ডিফু)। বিজেপিয়ে ৫খন নতুন মুখক অসমত প্রক্ষেপ কৰিছে। তেওঁলোক হৈছে- শিলচৰত মন্ত্রী পৰিমল শুক্লবৈদ্য, শোণিতপুৰত বিধায়ক ৰঞ্জিত দত্ত, ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ’, নগাঁৱত সুৰেশ বৰা আৰু গুৱাহাটীত বিজুলী কলিতা মেধি। বর্তমান ৰাজ্যসভাত অসমক প্রতিনিধিত্ব কৰা কেন্দ্রীয় জাহাজ-বন্দৰ-জলপথ আৰু আয়ুস দপ্তৰৰ মন্ত্রী তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইবাৰ দলৰ হৈ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব। তেওঁক ডিব্রুগড় সংসদীয় সমষ্টিত প্রার্থিত্ব প্রদান কৰা হৈছে। সেইদৰে আন এজন ৰাজ্যসভাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক কামাখ্যা প্রসাদ তাছাক প্রার্থিত্ব দিয়া হৈছে কাজিৰঙা লোকসভা সমষ্টিত। বর্তমানৰ সাংসদ তপন গগৈ, প্রদান বৰুবা, দিলীপ শইকীয়া আৰু কৃপানাথ মাল্লাই পুনৰ ক্রমে যোৰহাট, লখিমপুৰ, দৰং-ওদালগুৰি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত প্রার্থিত্ব লাভ কৰিছে। উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে প্রস্তুত কৰা পেনেলক লৈ যোৱা ২৯ ফেব্রুবাৰীত নতুন দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্রীয় নির্বাচন কমিটী আৰু সংসদীয় ব’ৰ্ডৰ বৈঠকত পর্যালোচনা হৈছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত পুৱতিনিশা পর্যন্ত চলা এই বৈঠকতে বিজেপিয়ে লোকসভা নির্বাচনৰ প্ৰথমখন প্রার্থী তালিকাক লৈ চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ পিছতে আনুষ্ঠানিকভাবে অসমসহ ১৯ ৰাজ্য-কেন্দ্রীয়শাসিত অঞ্চলৰ ১৯৫টা লোকসভা সমষ্টিৰ প্রার্থী তালিকা ঘোষণা কৰা হয়। ইফালে প্রার্থী তালিকা ঘোষণা কৰাৰ পাছতেই ৰাজ্যিক বিজেপিয়ে লোকসভা নির্বাচনক লৈ অধিক তৎপৰ হৈ পৰিছে। দলটোৱে অহা ৩ মাৰ্চৰ পৰা ৬ মাৰ্চৰ ভিতৰত ৰাজ্যজুৰি অনুষ্ঠিত কৰিব ‘লাভ্যার্থী সম্পর্ক অভিযান’। প্রধানতঃ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰা কল্যাণকামী আঁচনিসমূহ জনসাধাৰণৰ মাজত সঠিকভাবে মূল্যায়ন কৰাই হৈছে ইয়াৰ লক্ষ্য।