অসমৰ শিৱাংগী শৰ্মাৰ ৭৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত তৃতীয়টো স্বৰ্ণ পদক অৰ্জন

Pc- Fisto sports

অসমৰ শিৱাংগী শৰ্মাৰ ৭৪ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱেটিক চেম্পিয়নশ্বিপত তৃতীয়টো স্বৰ্ণ পদক অৰ্জন

ৰঙিলী বাৰ্ত্তাসেৱা- বাংগালুৰুত অনুষ্ঠিত হোৱা ছিনিয়ৰ ৰাষ্ট্ৰীয় একুৱাটিক চেম্পিয়নশ্বিপত অসমৰ ছুইমিং তাৰকা শিৱাংগী শৰ্মাই তৃতীয়টো স্বৰ্ণ পদক অৰ্জন কৰে।বাংগালুৰুত সামৰণি পৰা প্ৰতিযোগিতাখনত ২০০ মিটাৰ ফ্রী ষ্টাইল ইভেণ্টত চমকপ্রদ প্ৰদৰ্শনেৰে শিৱাংগীয়ে অসমৰ হৈ স্বৰ্ণ জয় কৰে। তেওঁ ২ মিনিট ৭.১০ ছেকেণ্ডত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদকৰ গৰাকী হয়। ইয়াৰ পূৰ্বে শিৱাংগীয়ে ১০০ মিটাৰ ফ্রী ষ্টাইল আৰু ৪০০ মিটাৰ ফ্রী ষ্টাইলত স্বৰ্ণ জয় কৰিছিল। প্ৰতিযোগিতাখনৰ অন্তিম দিনা অসমৰ আস্থা চৌধুৰীয়ে ১০০ মিটাৰ বাটাৰ ফ্লাইত ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয়। আস্থাই ১ মিনিটত ৩.৮৩ ছেকেণ্ডত তেওঁ এই সফলতা অর্জন কৰিবলৈ সক্ষম হয়।