অসমৰ শতাধিক স্থানত এবিভিপিৰ দিৱস উদযাপন 

অসমৰ শতাধিক স্থানত এবিভিপিৰ দিৱস উদযাপন 
গুৱাহাটীত কৃতী ছাত্ৰ ছাত্ৰীক জনোৱা হ’ল “বিৰুবালা ৰাভা বঁটা”

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপ্ৰেম আৰু ৰাষ্ট্ৰীয়তাবাদৰ চিন্তাৰে ১৯৪৯ চনৰ ৯ জুলাই তাৰিখে জন্মগ্ৰহণ কৰা ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিষ্ঠা দিৱস অসম প্ৰায় শতাধিক স্থানত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়। এবিভিপি গুৱাহাটী মহানগৰৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচীৰে প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত পুৱা ৯ বজাৰ পৰা এদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। য’ত এবিভিপিৰ বহু সংখ্যক কাৰ্যকৰ্তা উপস্থিত থকাৰ লগতে বহু সংখ্যক প্ৰাক্তন কাৰ্যকৰ্তাও উপস্থিত থাকে। সন্মানীয় অতিথি হিচাপে অসম গৌৰৱ সন্মানেৰে সন্মানিত অনুপম ডেকা (উদ্যোগী)‌, টুৰিজিম ডাইৰেক্টৰ (IRS) পদ্মপানী বৰা, এবিভিপিৰ উত্তৰ- পূব ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন ,এবিভিপিৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন বিশেষভাৱে উপস্থিত থাকে৷উক্ত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ গুৱাহাটী মহানগৰ সমিতিয়ে গুৱাহাটী মহানগৰৰ অন্তৰ্গত প্ৰায় ৩৭২ খন বিদ্যালয়ৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক “পদ্মশ্ৰী বিৰুবালা ৰাভা”বঁটাৰে সন্মানিত কৰাৰ লগতে নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হোৱা ৬ গৰাকী যুৱ প্ৰজন্ম ক্ৰমে সান্নিধ্য ভূঞা (কন্ঠশিল্পী) ,ড° অক্ষিতা নাৰায়ন ( যুৱ উদ্যোগী)‌, কৌশিক নন্দন বৰুৱা (যুৱ লিখক ), প্ৰিজা গোস্বামী (যুৱ শৈক্ষিক পৰামৰ্শ দাতা) ,অবয়ব ভূঞা (ইউটিউবাৰ) , কমলিকা কাশ্যপ (যুৱ কন্ঠশিল্পী)ক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ইয়াৰ উপৰিও নলবাৰীৰ বৰভাগত অনুষ্ঠিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ, হাউলিত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যিক মিডিয়া প্ৰমূখ জিতুমণি কলিতা বিশেষভাৱে উপস্থিত থাকে। ইয়াৰ উপৰিও মঙলদৈ, লামডিং আদি স্থানটো কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানৰ যোগেদি এবিভিপিৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।