অসমৰ বিভিন্ন বিভাগৰ ১,০৫,২৬০ অস্থায়ী কৰ্মচাৰীক শীঘ্ৰে নিয়মীয়া কৰাৰ দাবী আম আদমি পাৰ্টীৰ

Pc Wikipedia

অসমৰ বিভিন্ন বিভাগৰ ১,০৫,২৬০ অস্থায়ী কৰ্মচাৰীক শীঘ্ৰে নিয়মীয়া কৰাৰ দাবী আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ বিভিন্ন বিভাগত থকা অস্থায়ী কৰ্মচাৰীসকলৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনে দেখুওৱা চৰম উদাসীনতাই উদ্বেগ কৰিছে আম আদমি পাৰ্টীক। এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অস্থায়ী কৰ্মচাৰীসকলক নিয়মীয়া কৰাৰ ক্ষেত্ৰত চৰম উদাসীনতা প্ৰদৰ্শন কৰি আহিছে। যি সময়ত চৰকাৰখনে মুখলজ্জাৰ পৰা হাত সাৰিবলৈ চৰকাৰী পদত নিযুক্তি দি আছে, সেই সময়ত বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা ১,০৫,২৬০ জন অস্থায়ী কৰ্মচাৰীক আজিকোপতি নিয়মীয়া কৰা নহ’ল। তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ বাবে সময়ে সময়ে আন্দোলনৰ কাৰ্যসূচীও লৈ আহিছে যদিও আৰক্ষীৰ দ্বাৰা তেওঁলোকৰ আন্দোলনহে কঠোৰভাৱে দমন কৰি আহিছে। প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ দিনত এই অস্থায়ী, ঠিকা ভিত্তিক, মাষ্টাৰোল তথা তদৰ্থ ভিত্তিক চাকৰিয়ালসকলৰ একাংশৰ চাকৰি নিয়মীয়া কৰা হৈছিল যদিও ২০১৬ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত তেওঁলোকৰ সমস্যালৈ চৰকাৰে পিঠি দিলে। লক্ষাধিক পৰিয়ালৰ জীৱন অনিশ্চয়তাৰ গৰ্ভত সোমাই পৰাৰ পাছতো বিজেপি চৰকাৰৰ উদাসীনতাক আম আদমি পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু তেওঁলোকৰ সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।