অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান সম্ভৱনে ? – নাছিৰ আহমেদ

অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধান সম্ভৱনে ?
নাছিৰ আহমেদ,
শিমলাবাৰী, গোৱালপাৰা
অসম হ’ল নদী মাতৃক ৰাজ্য। ইয়াৰ দুখন প্ৰধান নদী ক্ৰমে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ উপনৈ সমূহ ,যেনে –দিবং, ছিয়াং,জীয়াঢল, সোৱণশিৰি, ৰঙা নদী, দিক্ৰং,ভৰলু, ধনশিৰি,পুঠিমাৰী,পাগলাদিয়া,বেঁকী, মানাহ, সোণকোষ, গংগাধৰ ,( ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে)
লোহিত, দিহিং, বুঢ়ীদিহিং,দৰিকা,দিখৌ, ভোগদৈ, ধনশিৰি,কলংসুতি,ভৰলু,  যমুনা, কপিলী,দিয়ং,কুলসী, দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম,জিনাৰি ( ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিন পাৰে) সোণাই, ঘাগৰা নদী,কাটাখাল,ধলেশ্বৰী,জিৰি,চিৰি নদী,মধুৰা আৰু জাতিংগা ( বৰাক নদীৰ উপনৈ) সকলো মিলি এক বিশাল জলৰাশিৰে অসম আগুৰি আছে।দুয়োখন নদীৰ উৎপত্তি স্থল পাৰ্বত্য অঞ্চল। যেনে ব্ৰহ্মপুত্ৰৰ উৎপত্তি স্থল তিব্বতৰ কৈলাশ পৰ্বতৰ চেমায়ুং ডুং হিমবাহ আৰু বৰাকৰ উৎপত্তি স্থল মনীপুৰৰ পাৰ্বত্য অঞ্চল। এই প্ৰধান নদী দুখন পাৰ্বত্য  অঞ্চলৰ ওখ ভূমিৰ থিয় ঢালেদি   প্ৰৱাহিত হওঁতে গতিবেগ তীব্ৰ হৈ নদীৰ তলিভাগ খনন কাৰ্য চলাই শিল, বালি আৰু মাটি কঢ়িয়াই আনে। কম ঢালৰ সমতল ভূমিত নদীৰ গতিবেগ ধীৰ হোৱাৰ বাবে নদীয়ে পৰিবহন কৰা শিল,বালি আৰু মাটি নদীৰ তলিভাগত জমা হৈ তলিভাগ বাম হৈ পৰে। আনহাতে পাৰ্শখনন আৰু অৱক্ষেপনৰ ফলত নদীৰ গতিপথ একাবেঁকা হৈছে আৰু আৰু নদীৰ দুয়ো পাৰৰ মাটি কোমল হোৱাৰ বাবে গৰাখহনীয়া হৈ বিস্তৃত অঞ্চলত বানপানীৰ সৃষ্টি হয়।নদী দুখনৰ উপনৈ সমূহ পাৰ্বত্য অঞ্চলৰ পৰা নামি অহাৰ ফলত বৰফ গলিত হৈ অতিৰিক্ত পানী প্ৰবাহিত হৈ নদ-নদীৰ দুয়ো পাৰ উপচি প্ৰবল বানপানীৰ সৃষ্টি হয়।দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত মে মাহৰ পৰা চেপ্তেম্বৰ মাহলৈকে নদীৰ উৎপত্তি স্থল পাৰ্বত্য অঞ্চলত প্ৰচুৰ বৃষ্টিপাত হোৱাৰ ফলত এক প্ৰলয়ংকৰী বানপানীৰ সৃষ্টি কৰি অসমত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰে। ১৮৯৮ চন আৰু ১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত ব্ৰহ্মপুত্ৰৰ পূব অংশ বাম হৈ পানীৰ বহন ক্ষমতা কমাৰ ফলত উজনি অসমত বানপানীৰ দ্বাৰা সঘনাই আক্ৰান্ত হোৱা দেখা যায়। তদুপৰি মানৱ সৃষ্ট কাৰ্যকলাপ যেনে বিস্তৃত অঞ্চলৰ গছ গছনি কাটি গৃহ নিৰ্মাণ, ৰাস্তা ঘাট তৈয়াৰ আদি কাৰণতো বানপানী সমস্যাৰ সৃষ্টি হৈছে।বিভিন্ন কাৰণত অসমত প্ৰবল বানপানী হোৱাৰ ফলত প্ৰতি বছৰে লাখ লাখ গৃহ ধ্বংস -প্ৰাপ্ত হয়। শস্য পথাৰৰ লাখ লাখ টন শস্য আৰু শাক-পাচলি বিনষ্ট হৈ মানুহৰ কুলাই পাচিয়ে নধৰা দুখৰ সৃষ্টি হয়। অসংখ্য জীৱ-জন্তু, মানুহ-দুনুহ মৃত্যুৰ মুখত পৰে। নগৰ -চহৰ , গাঁও -ভূঁই ধ্বংসৰ গৰাহত পৰে। ৰাস্তা -ঘাট , পুখুৰী আদি নষ্ট হৈ যাতায়তৰ ব্যৱস্থা অসুচল হৈ পৰে, পুখুৰীৰ মাছ -কাছ ওলাই যায়। আকৌ ভূতৰ ওপৰত দানহ পৰাদি বানপানী শুকাই যোৱাৰ পাছত এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈ নানা ধৰণৰ সংক্ৰামক ব্যাধিৰ দ্বাৰা মানুহ আক্ৰান্ত হৈ হয় মৃত্যুৰ মুখত পৰে নাইবা গোটেই জীৱন পঙ্গুত্ব লৈ কলধপ কলধপ কৈ জীয়াই থাকে। মানুহবোৰে বাসস্থান হেৰুৱাই পথৰ দাঁতিত,মথাউৰিত বা শিক্ষানুষ্ঠানত অস্থায়ী ভাবে শিবিৰ পাতি যমৰ জীয়াতু ভূগি থাকে। চৰকাৰী ভাবে প্ৰচুৰ পৰিমাণে খাদ্য বা ঔষধ যোগান দিয়া দেখা নাযায়। মুঠতে এক দুৰ্ভিক্ষ-সদৃশ পৰিবেশৰ সৃষ্টি হয়।আৰু প্ৰতি বছৰে  হোৱা এই বানপানীৰ ফলত অসমৰ জন-জীৱন বিধ্বস্ত হৈ পৰে।এই বানপানী সমস্যাৰ সমাধান কৰিব নোৱাৰিলে অসম ৰাজ্যখনৰ সকলোবোৰ উন্নয়নৰ পথ স্থবিৰ হৈ পৰি ভাৰতবৰ্ষৰ ভিতৰতে এই ৰাজ্যখন অতিশীঘ্ৰে এখন দাৰিদ্ৰ্য-পীড়িত অঞ্চল হিচাপে পৰিগণিত হ’ব।ইতিমধ্যে উত্তৰ-পূব পৰিষদে ব্ৰহ্মপুত্ৰ বৰ্ড গঠন কৰি অসমৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ চেষ্টা কৰিছে যদিও ভুল পৰিকল্পনা আৰু চৰকাৰী আমোলাৰ দূৰ্নীতিৰ বাবে এই ক্ষেত্ৰত একো ফলপ্ৰসূ সমাধান এতিয়ালৈকে ওলোৱা নাই।ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে নিৰ্মাণ কৰা মথাউৰিসমূহ দূৰ্বল হোৱাৰ বাবে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা মথাউৰিসমূহ প্ৰবল বৰষুণ নামিলেই চিগি যায় আৰু চিগা অংশয়েদি ওপচি পৰা পানী সোমাই বিস্তীৰ্ণ অঞ্চল বুৰাই পেলায়। মঠাউৰিসমূহ প্ৰায় বাৰিষাতহে কেঁচা মাটিৰে নিৰ্মাণ কৰা দেখা যায় আৰু ৰঙা ফিটাৰ মেৰপেচত সম্পূৰ্ণ নোহোৱাৰ ফলত বানপানী তীব্ৰ ৰূপ ধাৰণ কৰে। তদুপৰি অসংখ্য মথাউৰিৰ ম্যাদ উকলি যোৱাৰ পাছতো পুনৰ্নিমাণ কৰা দেখা নাযায়।মথাউৰিসমূহ নিৰ্মাণৰ নামত বিভাগীয় কতৃপক্ষ, ঠিকাদাৰ,অভিযন্তা আদিৰ হেমাহি আৰু দুৰ্নীতিৰ কুফল ভূগিব লগীয়া হৈছে সাধাৰণ মানুহ।নদীৰ মাজত বান্ধ দি ব্ৰহ্মপুত্ৰ আয়োগে (Brahmaputra Commission)বানপানী ৰোধৰ চেষ্টা কৰিছে যদিও একো লাভ হোৱা নাই  ; বৰঞ্চ যেতিয়াই তেতিয়াই এই বান্ধ ভাঙি নদীৰ উৰ্বৰতা শক্তি ধ্বংস কৰাৰ ওপৰিও প্ৰবল বানপানীৰ কাৰক হৈ পৰিছে। শ্লুইচ গেটেৰে পানী ধৰি ৰখাৰ প্ৰচেষ্টা ব্যৰ্থ হৈ বিপৰীত দিশত পানী প্ৰবাহিত হৈ প্ৰবল বানপানীৰ সৃষ্টি হয় । পাৰ্কুপাইনৰ নামত গছৰ ডাল, বাঁহ, কাঠৰ টুকুৰা আদিৰ দ্বাৰা নদীৰ দুয়ো পাৰ বন্ধাৰ চেষ্টাও বিফল হয় ব্ৰহ্মপুত্ৰ নদীৰ তলিভাগ খান্দি দ কৰাৰ বাবে কোটি কোটি টকা খৰচ কৰি বুলড’জাৰ যন্ত্ৰৰ  আনি পেলাই থোৱাৰ বাবে সেই যন্ত্ৰাংশ ক্ষয় গৈ একো কামত নলগা হৈছে।। নদীৰ একাবেঁকা গতিপথ ৰোধ কৰি বানপানীৰ সমস্যাটোৰ সমাধান কৰিব বিচৰা হৈছে যদিও প্ৰকৃত বিজ্ঞান-সন্মত পৰিকল্পনাৰ অভাৱত সেয়া হৈ উঠা নাই। নদীৰ অতিৰিক্ত পানী ভাৰতৰ বাহিৰৰ দেশলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনা মতে কোনো দেশৰ লগত এতিয়ালৈকে কোনো চুক্তি হোৱা নাই।বৰঞ্চ ভূটানৰ কুৰিশ্ব’নদীৰ বান্ধ আৰু নামনি সোৱণশিৰি বৃহৎ নদীৰ বান নিৰ্মাণত ভাৰত চৰকাৰে সন্মতি জনাই উজনি অসম আৰু নামনি অসমত বানপানীৰ সোঁত বোঁৱাই অনাতহে সহায় কৰি আছে।অসমৰ সকলো মানুহে সচেতন হৈ নদ-নদীৰ পাৰত অসংখ্য গছ-গছনি ৰোপন কৰাৰ পৰিকল্পনাও হাতত লোৱা দেখা নাযায়।এতিয়ালৈকে ভাৰত চৰকাৰেও অসমৰ বানপানীক এক ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। অসমৰ জনগণেও তীব্ৰ আন্দোলন গঢ়ি তুলি চৰকাৰক বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে সৈমান কৰাও দেখা নাযায়।তেনেক্ষেত্ৰত, অসমৰ এই বানপানীৰ সমস্যাটোৰ স্থায়ী সমাধান সম্ভৱ হ’ব বুলি ধাৰণা নহয়।