অসমৰ বাদ্যযন্ত্ৰ- জ্যোতিস্মিতা গোস্বামী শৰ্মা

Pc Asomiya Pratidin

অসমৰ বাদ্যযন্ত্ৰ

অসমত প্ৰাচীন কালৰে পৰা বিভিন্ন বাদ্যযন্ত্ৰৰ প্ৰচলন দেখা পোৱা গৈছে। বাদ্যযন্ত্ৰ বোৰৰ ভিতৰত প্ৰাচীন মূৰ্ত্তিৰ হাতত থকা বীণা,কালি, ঢোল, ডম্বৰু আছিল প্ৰধান বাদ্য। পুৰণি পুথি চিত্ৰত শংখ, বাঁহী, খোল,তাল আদি বজোৱা পুৰুষ-স্ত্ৰীৰ বিভিন্ন ভংগীৰ দৃশ্য পোৱা যায়।
১৩শ শতাব্দীত ৰচিত মাধৱ কন্দলীৰ ৰামায়ণত বাদ্যযন্ত্ৰৰ উল্লেখ আছে এনেদৰে-

বীৰ ঢাক ঢোল বাজে
তবল ডগৰ দণ্ডি
শৱদ শুনিয়া কোলাহল
ভেমচা ক্ষেমচা চয়
ঝাঝাৰ ৰেমচি বাজে
ৰামতাল আৰু কৰতাল
টোকাৰি কেণ্ডৰা ৰুদ্ৰ
বিপিঞ্চি দুতোৰা বাজে
………………………..
স্বাৰ্গভুৱনৰ গৈলা পুৰি ।

জ্যোতিস্মিতা গোস্বামী শৰ্মা