অসমৰ বাংলাদেশ সীমান্তত বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

Pc- DNA INDIA

অসমৰ বাংলাদেশ সীমান্তত বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধি কেন্দ্ৰীয় চৰকাৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সন্ত্ৰাসবাদৰ লগতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত অপৰাধ আৰু অবৈধ কার্যকলাপ ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সীমান্ত সুৰক্ষা বল চমুকৈ বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ বৃদ্ধি কৰিছে। অসমৰ বাংলাদেশ সীমান্তত বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ ১৫ কিলোমিটাৰৰ পৰা ৫০ কিল’মিটাৰলৈ বৃদ্ধি কৰাৰ বিপৰীতে মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ ৮০ কিল’মিটাৰৰ পৰা ৫০ কিল’মিটাৰলৈ হ্ৰাস কৰা হৈছে। উল্লেখযোগ্য যে অসম, পঞ্জাৱ আৰু পশ্চিমবংগত পূর্বে বি-এছ-এফৰ অধিকাৰ ক্ষেত্ৰ ১৫ কিল’মিটাৰ আছিল। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কয় যে এই পদক্ষেপে সীমান্তৰ অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাত সহায় কৰিব। এতিয়াৰে পৰা বি-এছ-এফে বাংলাদেশ সীমান্তৰ পৰা ৫০ কিল’মিটাৰ পৰ্যন্ত অভিযান চলাব পাৰিব। বি-এছ-এফৰ এই অঞ্চলত সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ বা বেআইনী সামগ্রী জব্দ কৰাৰ কৰ্তৃত্ব থাকিব