অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰু সমস্যা – কমলেশ কাঞ্চন

অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা আৰু সমস্যা

কমলেশ কাঞ্চন

আমাৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত এখন সৰু ৰাজ্য হৈছে অসম। এসময়ৰ বৰ অসম আজি সাতখন স্বতন্ত্র ৰাজ্যত পৰিণত হৈছে। স্বাধীনতাৰ আগৰে পৰা অসমে বহু ঐতিহাসিক ঘটনাৰ সাক্ষী হৈ আছে। সেয়া স্বাধীনতা সংগ্ৰামত অংশগ্ৰহন কৰা স্বাধীনতা সংগ্ৰামীৰ বলিদানে হওক বা বৰ অসম ভাগি খণ্ড-বিখণ্ড হোৱা ঘটনাই হওক। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰে পৰা ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমূহে শিক্ষাৰ দিশটো উন্নত কৰাৰ বাবে অহৰ্নিশে কষ্ট কৰি আছে। এইক্ষেত্রত ভাৰতৰ কিছুমান ৰাজ্যই সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিশেষকৈ ভাৰতৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা, দিল্লী, গুজৰাট আদিৰ দৰে ৰাজ্যই শৈক্ষিক দিশত বহুখিনি আগুৱাই যাবলৈ সক্ষম হোৱা বুলি ক’ব পাৰি। কিন্তু আমাৰ ৰাজ্য অসমে ভবা ধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। এইক্ষেত্রত চৰকাৰৰ শৈক্ষিক দিশত সঠিক পৰ্যালোচনাৰ অভাৱ বুলি ক’ব পাৰি। লগতে অসমৰ শৈক্ষিক দিশত অগ্ৰসৰৰ ক্ষেত্রত প্ৰাকৃতিক দুৰ্যোগো প্ৰধান অন্তৰায় হিচাপে দেখা দিয়ে।অসমৰ ৩৫খন(বৰ্তমান ৩১) জিলাৰ ভিতৰত প্ৰায় দহৰ ৰ পৰা পোন্ধৰখন জিলাক প্ৰত্যেক বছৰে বানপানীয়ে বিস্তৰ ক্ষতি কৰে। এই জিলা সমূহত বানপানীৰ বাবে দুই-তিনি সপ্তাহলৈ বিদ্যালয় বন্ধ ৰাখিৱ লগা হয়। কেতিয়াবা যদি বানপানীয়ে ৰাস্তাঘাট ভাঙি যাতায়ত ব্যাহত কৰে আনহাতে কেতিয়াবা বিদ্যালয় গৃহত সপ্তাহ দিনলৈকে পানী জমা হৈ থাকে। এইখিনিতে ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষাখণ্ডৰ বাহিৰ শালমাৰা এম.ই.মাদ্ৰাছাখনৰ কথা উল্লেখ কৰিবলৈ লৈছোঁ। এসময়ত এই বিদ্যালয়খনে অসমৰ জাতীয় সংগীতৰ সুৰ সলনি কৰি পৰিৱেশন কৰাৰ বাবে অসমত চৰ্চিত হৈছিল। এই বিদ্যালয়খনত যাওতে বাৰিষাৰ সময়ত(পানবাৰীৰ পৰা) দুটা নদী আৰু এটা সুতি পাৰ হ’ব লাগে আনহাতে আলমগঞ্জৰ পৰা এটা ডাঙৰ নদী পাৰ হৈ বহু দূৰ অতিক্ৰমী বিদ্যালয়ত যাব লাগে(বৰ্তমান যাতায়তৰ কথা অৱগত নহয়)। ওচৰত থাকিবলৈয়ো তেনেকুৱা বিশেষ উন্নত সুবিধা নাই। গতিকে অনিচ্ছা সত্বেও কেতিয়াবা নাওৰ অসুবিধাৰ বাবে উক্ত অঞ্চলত থকা বিদ্যালয় সমূহত সময়মতে উপস্থিত হোৱাত পলম হয় বহুতো শিক্ষকৰ। প্ৰত্যেক বছৰে বানপানীয়ে ৰাস্তা-ঘাটৰ লগতে ধুবুৰীৰ সমগ্ৰ বন্দিহানা অঞ্চলত বৃহৎ ক্ষতি কৰে। প্ৰাকৃতিক দুৰ্যোগে অসুবিধা সৃষ্টি কৰাৰ পিছতো কিন্তু শিক্ষক সকলে নিজৰ একাগ্ৰতাৰে পাঠদান কৰি আহিছে।বৰ্তমান চৰকাৰী শিক্ষা ব্যৱস্থাত এটা প্ৰধান সমস্যা হৈছে শিক্ষকক বিভিন্ন কামত নিয়োগ কৰা। নিৰ্বাচনী দায়িত্বকে ধৰি কভিড ডিউটী, এন আৰ চি, লোকপ্ৰিয়লৰ দৰে কামত চৰকাৰী শিক্ষকক ব্যৱহাৰ কৰে। শিক্ষক সমূহ পাঠদানৰ পৰা মাহ দিন ধৰি আঁতৰি থাকিবলৈ বাধ্য। এনেক্ষেত্রত বহু ছাত্র-ছাত্রীয়ে সময়মতে পাঠ গ্ৰহন কৰিবলৈ অসমৰ্থ হয়। বহু মূল্যবান সময় এইবোৰ কামত জৰিত হৈ থাকোতে পাৰ হয়। শিক্ষক সকলক চৰকাৰৰ বিভিন্ন কামত নিয়োগ কৰিলেও ৰাইজৰ আপত্তি নাথাকিলেহেঁতেন যদিহে চৰকাৰে পৰ্যাপ্ত পৰিমানে শিক্ষক নিযুক্তি দিলেহেঁতেন। যোৱা ২০২০-২১ ইংৰাজী বৰ্ষটো কভিড-১৯ য়ে অসমৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ বৃহৎ ক্ষতি কৰিছে। সেই সময়ত অসম চৰকাৰে “অনলাইন পাঠদান” আৰম্ভ কৰিছিল। এই অনলাইন পাঠদানৰ জৰিয়তে কিমান সংখ্যক ছাত্র-ছাত্রীয়ে উপকৃত হৈছে তাত সন্দেহ আছে। কাৰণ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত(নিম্ন আৰু উচ্চ) পঢ়া বহুতো ছাত্র-ছাত্রীৰ ঘৰত স্মাৰ্ট ফোন নাই। আৰু বহুতৰে ঘৰত নেটৱৰ্ক নাপাই। চৰকাৰী প্ৰাথমিক বিদ্যালয়ত ৬ ৰ পৰা ১৪ বছৰৰ ছাত্র-ছাত্রীয়ে অধ্যয়ন কৰে। এই বয়সত ছাত্র-ছাত্রীয়ে সঠিকভাবে ষ্মাৰ্ট ফোন ব্যৱহাৰ কৰিব নাজানে। তাৰোপৰি ঘৰৰ ফোনটো সাধাৰণতে দেউতাকৰ হাতত থাকে। দেউতাকে কৰবাত কামলৈ ওলাই গ’লে ফোন কৰিলেও ছাত্র-ছাত্রীক পোৱা নাযায়। কাৰণ দেউতাকে মোবাইলটো লগতে লৈ যায়। সকলোবোৰ কথা পৰ্যালোচনা কৰি চালে এটা কথা নিশ্চিত হ’ব পাৰি যে “অনলাইন” মাধ্যমৰ পাঠদানে বিশেষ সফলতা নাপালে।বৰ্তমান প্ৰাথমিক শিক্ষা ব্যৱস্থাত এটা প্ৰধান সমস্যা হৈছে শিক্ষকৰ সমস্যা। পূৰ্বৰ শিক্ষামন্ত্রী তথা বৰ্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বতে অসমত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ শিক্ষক সময়ে সময়ে নিযুক্তি দি থকা হৈছে যদিও এতিয়াও প্ৰাথমিক বিদ্যালয় সমূহত শিক্ষকৰ সমস্যা শেষ হোৱা নাই। কিছুমান শিক্ষকে বাৰে বাৰে নিযুক্তি লাভ কৰি থাকিবলৈ সক্ষম হৈছে। কেতিয়াবা যদি নিম্ন প্ৰাথমিকত কেতিয়াবা উচ্চ প্ৰাথমিকত আৰু কেতিয়াবা উচ্চ মাধ্যমিক বিদ্যালয়ত। ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াৰ পিছত তেওঁলোকক পুনৰ নিয়মীয়া কৰি আন বিদ্যালয়ত লৈ যোৱাৰ ফলত উক্ত বিদ্যালয়খনত পুনৰ শিক্ষকৰ সমস্যাই দেখা দিছে। এনেকৈ দিয়া-নিয়া চলি থকাৰ বাবে কিছুমান বিদ্যালয়ত শিক্ষক বাঢ়ি গৈ আছে আৰু কিছুমান বিদ্যালয়ত দুই-এজনে পঢ়াই থাকিব লগা গৈছে। যিয়ে আমাৰ লৰা-ছোৱালীৰ মাজত শৈক্ষিক দিশত এক বাধাৰ সৃষ্টি কৰিছে।অসমৰ মাননীয় শিক্ষামন্ত্রী ডা০ ৰণোজ পেগু ডাঙৰীয়াই বহুত দিনৰে পৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ সমস্যা আঁতৰোৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। কিন্তু কিমান দূৰ সফল হৈছে সেয়া ৰাইজে দেখি আহিছে। তেওঁ প্ৰায়ে ঘোষণা কৰি থকা ‘ৰেছনালাইজ’ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈ উঠা নাই। ‘ৰেছনালাইজ’ প্ৰক্ৰিয়াৰে ছাত্র-ছাত্রী অনুপাতে শিক্ষকৰ যি ব্যৱস্থা কৰাৰ কথা কৈছে সেইটো এতিয়াও কাৰ্যকৰী হৈ উঠা নাই। ফলস্বৰূপে, পাঠদান প্ৰক্ৰিয়াত ব্যাঘাত জন্মিছে। এইক্ষেত্রত চৰকাৰখনক অতিশীঘ্ৰে ব্যৱস্থা ল’বলৈ অনুৰোধ জনালোঁ। লগতে প্ৰাথমিক বিদ্যালয়ত যিহেতু শিক্ষকৰ সংখ্যা কম সেয়েহে শিক্ষক সকলক নিৰ্বাচনী দায়িত্ব তথা এন.আৰ.চিৰ দৰে কিছুমান কামৰ পৰা আঁতৰত ৰাখিৱলৈ অনুৰোধ জনালোঁ। একে সময়তে শিক্ষকৰ উপস্থিতিৰ দিশটোও কঠোৰভাবে দৃষ্টি ৰখাটো প্ৰয়োজন। শিক্ষকৰ অনুপস্থিতিয়ে শ্ৰেণী কোঠাত পাঠদানৰ ক্ষেত্রত সমস্যাৰ সৃষ্টি কৰে।অসমৰ শিক্ষা ব্যৱস্থাক ভাৰতৰ উন্নত ৰাজ্য কেইখনৰ সমপৰ্যায়ৰ কৰিবলৈ হ’লে চৰকাৰে শৈক্ষিক দিশৰ ওপৰত কিছু সংস্কাৰ কৰাৰ প্ৰয়োজন আছে। জনসাধাৰণৰ বৃহৎ স্বাৰ্থৰ বাবে কিছুমান নিয়ম সলনি কৰিবই লাগিব। ভাৰতৰ শৈক্ষিকভাবে আগবঢ়া ৰাজ্য কেইখনৰ শিক্ষা ব্যৱস্থাক পৰ্যৱেক্ষন কৰাৰ বাবে অসমৰ পৰা কেইজনমান শিক্ষা বিষয়াক সেই ৰাজ্য কেইখনলৈ পঠাৱ লাগে। তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত শিক্ষাৰ কাৰ্যসূচী তথা শৈক্ষিক দিনপুঞ্জী চৰকাৰে প্ৰস্তুত কৰিব লাগে। লগতে আমাৰ শিক্ষা ব্যৱস্থাৰ দুৰ্বলতা সমূহ আলোচনা কৰিব লাগে। আমাৰ অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত সদায় “ছাত্র-ছাত্রী অনুপাতে শিক্ষকৰ ব্যৱস্থা” এই বিষয়টোৰ ওপৰতহে চৰকাৰে গুৰুত্ব দি আহিছে। কিন্তু অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত বহুতো ব্যক্তিয়ে এই ব্যৱস্থাটোৰ ওপৰত প্ৰশ্ন চিহ্ন তুলিছে। অসমৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত হৈ থকা গুণোৎসৱৰ সময়ত এই ব্যৱস্থাটোৰ কথা কিছুমান বহি:মূল্যায়কে উত্থাপন কৰিছে। তেওঁলোকে এই বিষয়ে অসমৰ জনপ্ৰিয় দৈনিক অসমীয়া বাতৰি কাকতত প্ৰকাশ কৰিছে। এইটো কথা সকলোৱে জানে যে প্ৰাথমিক বিদ্যালয়ত এজন বা দুজন শিক্ষকেৰে পাঠদান কৰাটো কিমান কষ্টকৰ। ইচ্ছা কৰিলেও কিছুমান কথা ক’বলৈ বা শিকাবলৈ ৰৈ যায়। সেয়েহে শ্ৰেণীয়ে প্ৰতি শিক্ষক থকাটো সকলোৱে অনুভৱ কৰে। অনাগত দিনত প্ৰাথমিক শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি চৰকাৰে শ্ৰেণীয়ে প্ৰতি শিক্ষক ৰাখি এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰিলোঁ।