অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামী ” শ্বহীদ গমধৰ কোঁৱৰ ” – লখিমী শৰ্মা

PC Unsplash
অসমৰ প্ৰথম স্বাধীনতা সংগ্ৰামী ” শ্বহীদ গমধৰ কোঁৱৰ “
লখিমী শৰ্মা, যোৰহাট 
অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন । তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ আৰু মাতৃৰ নাম আছিল জুটুলী। গমধৰ কোঁৱৰৰ জন্ম হৈছিল ১৮০৭  চনত উজনি অসমৰ লাকুৱাত । ফেনা কোঁৱৰ আহোম ৰাজবংশৰ লোক আছিল । মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ফেনা কোঁৱৰে পত্নী জুটুলীক লৈ প্ৰথমে শিৱসাগৰৰ নাজিৰাৰ পৰা আহি জাঁজীৰ বামুণপুখুৰীত থাকিবলৈ লয় । মানৰ আক্ৰমণত স্বামীয়ে মৃত্যুক আকোঁৱালি লোৱাত পত্নী জুটুলীয়ে পুত্ৰ – কন্যাক লৈ লাকুৱালৈ গুচি আহে । সেই সূত্ৰে গমধৰ কোঁৱৰ লাকুৱাতেই ডাঙৰ দীঘল হয়। ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল । ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল । আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব । কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবে ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে । ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম । বিদ্ৰোহী সকলে যোৰহাটত আহোম ৰীতিমতে গমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায় । কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ জেললৈ প্ৰেৰণ কৰে। কিন্তু বেমাৰৰ বাবে তেওঁক ৭ বছৰ কাৰাবাসৰ পিছত নিজৰ জন্মভূমিলৈ উভতাই পঠোৱা হয়।ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ প্ৰথমজন স্বাধীনতা সংগ্ৰামী । তেওঁ দিচাং নৈ সাঁতুৰি পাৰ হৈ পাটসাঁকোলৈ প্ৰাথমিক শিক্ষাৰ বাবে গৈছিল । মাত্ৰ তিনি বছৰমান পঢ়ি তেওঁ পঢ়া – শুনা বাদ দিয়ে । গমধৰ কোঁৱৰ সৰুৰে পৰা সাহসী আৰু স্বাধীনচেতীয়া মনৰ আছিল । মানৰ অসম আক্ৰমণৰ ঘটনাই তেওঁক ক্ষোভিত কৰিছিল আৰু ডেকা অৱস্থাতেই অসম মাতৃৰ মংগলৰ হকে প্ৰাণ দিবলৈ সংকল্প কৰিছিল । মানৰ আক্ৰমণৰ পাছত ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ব্ৰিটিছৰ তললৈ যায় । ব্ৰিটিছে অসম অধিকাৰ কৰি ডেভিদ স্কটক উজনি অসমৰ কমিছনাৰ পাতে । ব্ৰিটিছসকলে অসমৰ থলুৱা সকলক আশ্বাস দিছিল যে অসমৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ পিছত স্থানীয় ৰজাৰ হাতত ৰাজ্যখনৰ ক্ষমতা হস্তান্তৰ কৰি তেওঁলোক গুচি যাব । কিন্তু তাৰ পৰিৱৰ্তে ব্ৰিটিছে অসমীয়া লোকৰ ওপৰত খাজনা আৰোপ কৰি নিজৰ গাদী কটকটীয়া কৰিবলৈ বিচাৰিলে। আহোম ৰজাসকলে প্ৰৱৰ্তন কৰা পাইক প্ৰথা ইংৰাজসকলে উঠাই দিয়ে । ১৮২৮ চনৰ আৰম্ভণিতে গমধৰ কোঁৱৰ ব্ৰক্ষ্মদেশৰ পৰা আহি উজনি অসমত উপস্থিত হয় । আচলতে ব্ৰিটিছে অসম দখল কৰাৰ পিছত প্ৰায় ১৮২৭ চনৰ পৰাই ব্ৰিটিছ বিৰোধী আন্দোলনৰ সূচনা হয় । ইফালে গমধৰ কোঁৱৰক সহায়ৰ হাত আগবঢ়ায় খামটি বৰগোহাঁয়ে । খামটি বৰগোহাঁই আৰু গমধৰ কোঁৱৰে তিতাবৰৰ ওচৰৰ বচা পথাৰত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে । গমধৰ কোঁৱৰে নিজকে আহোম স্বৰ্গদেউ বুলি ঘোষণা কৰি উজনি অসমৰ লোক সকলক তেওঁৰ বিদ্ৰোহত যোগ দিবলৈ আহ্বান জনায় । আনহাতে ইংৰাজৰ হৈ খাজনা তুলি ফুৰা মানুহক হকাবাধা কৰিছিল ।”স্বদেশ প্ৰেমৰ সহস্ৰ স্ফুলিঙ্গ প্ৰবাহিত হোৱা গমধৰ কোঁৱৰৰ শৰীৰত আছিল অফুৰন্ত বল , বুকুত আছিল অদম্য সাহস । ৰাজমৰ্যাদাৰে ভুষিত গমধৰ কোঁৱৰে ততলিত ৰজা হৈ ব্ৰিটিছৰ যুঁজ দিয়াৰ মানসেৰে ৰণ প্ৰস্তুতিৰ কৌশল পূৰ্ণোদ্যমে চলি থকা অৱস্থাত গাৰ নোমেই শক্ত হোৱাৰ দৰে অচন্দা গোহাঁই নামৰ এজন ৰাজ চোৰাংচোৱাই সকলো কথাৰ ভু লৈ লেফটেনেণ্ট ৰোথাৰ ফোৰ্ড সহ কেপ্তেইন নিউভিল চাহাবক জনোৱাত যুদ্ধংদেহী মনোভাৱেৰে কেপ্তেইন নিউভিল ৰোথাৰ ফোৰ্ডৰ নেতৃত্বত তিনিকুৰী বন্দুকধাৰী চিপাহীৰ বাহিনী এটাৰ সৈতে আহি ততলি ৰাজভৱন আক্ৰমণ কৰে । গমধৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভ কৰা এই বিদ্ৰোহৰ গুৰুত্ব আছে । গমধৰৰ এই বিদ্ৰোহে অসমবাসীক ব্ৰিটিছৰ কবলৰ পৰা অসমক উদ্ধাৰ কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল । ১৮২৭ চনৰ পৰা ১৮৩০ চন মানলৈকে চলা এই বিদ্ৰোহ খাছী , খামটি আৰু চিংফৌসকলকো ব্ৰিটিছ বিৰোধী আন্দোলন গঢ়ি তুলিবলৈ প্ৰেৰণা যোগাইছিল ।