অসমৰ জ্বলন্ত সমস্যা সমাধান নিমিত্তে আমাৰ কৰণীয় খিনি কি ? – চন্দ্ৰ শেখৰ পৰাজুলী

অসমৰ জ্বলন্ত সমস্যা সমাধান নিমিত্তে আমাৰ কৰণীয় খিনি কি ?
আমাৰ অসমৰ জ্বলন্ত সমস্যা বুলি ক’লে সকলোৱে হয়তো ধৰিব পাৰিছে নহয়নে? হয়,অসমৰ বানপানীৰ সমস্যাটোৱে হ’ল এক ডাঙৰ সমস্যা। অসমত ১৯৫০ চনত হোৱা ডাঙৰ ভুঁইকঁপৰ জোঁকাৰনিৰ পাছৰে পৰা প্ৰায়ে প্ৰতি বছৰে প্ৰৱল বানপানী হৈ থকা পৰিলক্ষিত হৈছে। ভুঁইকঁপৰ জোঁকাৰনিৰ ফলত  আমাৰ অসমৰ নদীবোৰৰ তলি দাং খাই উঠিছে, যাৰ ফলত অলপমান পানী জমা হʼলেই  পাৰ উপচি পৰা দেখা যায়। অসমত সচৰাচৰ ৰাৰিষা কাল নিৰ্ভৰ কৰে মৌচুমি বতাহৰ ওপৰত। মৌচুমি বায়ু যদি আগতীয়া বলে তেন্তে বাৰিষা আগতীয়া আহে, আৰু যদি মৌচুমি বায়ু পলমকৈ বলে তেন্তে বাৰিষাৰ দিনো অলপমান পলমকৈ আৰম্ভ হয়। সম্প্ৰতি সময়ত মানুহবোৰে হাবি-বননি কাটি, পৰ্বত-পাহাৰ ভাঙি  বসবাস কৰিবলৈ আৰম্ভ কৰাৰ বাবে মৌচুমিৰ গতি অনিয়মীয়া হৈ উঠিছে। আমাৰ অসমত সাধাৰণতে জুন মাহৰ পৰা আৰম্ভ হৈ ছেপ্টেম্বৰ মাহত সমাপ্তিৰ সময়লৈকে হোৱা প্ৰচণ্ড বৰষুণেই অসমৰ বানপানীৰ সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত  তিব্বতৰ পৰা উৎপত্তি হোৱা আৰু চীন, ভাৰত, বাংলাদেশৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী অত্যাধিকভাবে পানীৰে উপচি পৰে । সেয়েহে অসমৰ ঠায়ে ঠায়ে বানপানীৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও অসমত বানপানীৰ সৃষ্টি কৰা আন প্ৰধান নদীসমূহ  হ’ল বৰাক, সোৱণশিৰি, ধনশিৰি।বানপানীৰ ফলত বহুতো ব্যক্তিকে আদি ‌কৰি‌ প্ৰায় সকলো  জীৱ – জন্তুৰ জীৱন বিপদত পৰি  আহত হয় নতুবা মৃত্যু-মুখত পৰে । ইয়াৰ উপৰিও বানপানী হোৱাৰ লগে ‌লগে‌ সেই ঠাই সমূহত ৰোগবৃদ্ধি কৰে। বানপানীৰ হোৱা ঠাই সমূহত মেলেৰিয়া, কলেৰা, টাইফইড, ডেংগু ইত্যাদি ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা অত্যাধিকভাবে বৃদ্ধি হোৱা দেখা যায়। বানপানীয়ে পৰিৱেশৰো বহু ক্ষতিসাধন কৰে। বানপানী হলে ঘৰ দুৱাৰৰ ক্ষয়-ক্ষতি হয়, শস্য পথাৰ নষ্ট হয়, ভঁৰালত ৰখা  খাদ্য -শস্যও নষ্ট হৈ যায় ।বানপানীৰ সময়তে নদীৰ প্ৰবল খহনীয়াই ঘৰ -দুৱাৰ, ভেঁটি, খেতি পথাৰ খহায় লৈ যায়। ইয়াৰ উপৰিও দীৰ্ঘম্যাদী বানপানীৰ ফলত দেশৰ অৰ্থনীতি,পৰ্য্যটন আদিৰ ওপৰতো অত্যন্ত বেয়া প্ৰভাৱ পেলায়।এতিয়া কথা হ’ল অসমত স্থায়ীভাৱে বান-নিয়ন্ত্ৰন কৰিবলৈ হলে প্ৰধানকৈ নদীসমূহ নিয়ন্ত্ৰন কৰিব লাগিব। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ। অৱশ্যে এই কাম কৰাটো একেবাৰে সহজ নহয় যদিও একেবাৰে অসম্ভৱো নহয় । ইয়াৰ বাবে প্ৰচুৰ টকা আৰু অভিজ্ঞ কাৰিকৰী লোকৰ প্ৰয়োজন হব। যদি বান-নিয়ন্ত্ৰনৰ দ্বাৰা অনাৱশ্যকীয় ঠাইৰ পৰা পানী উলিয়াই নি আৱশ্যকীয় ঠাইত যোগান ধৰিব পৰা যায় তেন্তে তাৰ পৰা আমি অত্যাধিক মাত্ৰাত জলবিদ্যু উৎপাদন কৰিবলৈ সক্ষম হ’ম।অসম চৰকাৰে নৈবোৰত মথাউৰি দিয়াৰ ব্যৱস্থা কৰে, কিন্তু মথাউৰিসমূহ পৰিকল্পিত নোহোৱাত ফলত  বানপানী আহিলেই কোনোবা নহয় কোনোবা এখন নদীৰ মাথাউৰি আকস্মিকভাৱে ভাঙি যায়। গতিকে চাওঁক বানপানীৰ অসমৰ এক স্থায়ী সমস্যা বুলি আমি কেৱল হাত সাৱটি বহি থাকিলে নহ’ব। ইয়াৰ বাবে আমি সৰ্বসাধাৰণ লোক একেলগ হৈয়ো যদি চৰকাৰৰ সহযোগীতা নাথাকে তেন্তে আমাৰ পক্ষে ডাঙৰ,এক প্ৰভাৱশালী সিদ্ধান্ত গ্ৰহণ কৰাটো সম্ভৱপৰ নহ’ব। চাওঁক আমি সৰ্বসাধাৰণ অসমৰ জনসাধাৰণে চৰকাৰক স্পষ্ট ৰূপত ক’ব লাগিব যে আমাক বিভিন্ন ক্ষেত্ৰত প্ৰদান কৰি অহা আৰ্থিক সাহায্য পৰা কেইবা বছৰ ধৰি বঞ্চিত কৰিলেও আমাৰ একো আপত্তি নাথাকিব। লগতে আমাৰ মানুহৰ চৰকাৰী আৰু বেচৰকাৰী ভাবে  আয় যদি ২,৫০,০০০  বা ৩,০০০০০ টকাতৈ অত্যাধিক হয় তেন্তে তেওঁলোকৰ পৰা আমাৰ অসমৰ জ্বলন্ত সমস্যা সমাধান নিমিত্তে সিমিত পৰিমাণে মাহিলী অনুদান প্ৰদানৰ বাবে অনুৰোধ কৰা হয় তেন্তে মাই নিচিন্ত হৈ ক’ব পাৰিম মে এই ক্ষেত্ৰত সকলোৱে নিজ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়ায় দিব। কিন্তু ইয়াৰ বাবে প্ৰথমে চৰকাৰ পৰা আদি কৰি সক্ষমতাত অধিষ্ঠিত থকা মানুহবোৰৰ মনসা ঠিক আৰু সৎ হোৱা অত্যন্ত দৰকাৰ। গতিকে আমি সকলোৱে মিলি চিন্তা কৰা উচিত যে,অসমৰ জ্বলন্ত সমস্যা সমাধান নিমিত্তে আমাৰ কৰণীয় খিনি কি ? নহ’লে আমি বানপানীৰ সমস্যাটোতে সদায় লাগি থাকিলে অনাগত ভবিষ্যতে সৃষ্টি অন্যান্য সমস্যা সমূ্হৰ আগত কিদৰে মোকাবিলা কৰিম।
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি