অসমৰ ক’ভিড পৰিস্থিতিক লৈ এতিয়ালৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc- The SEntinel Assam

অসমৰ ক’ভিড পৰিস্থিতিক লৈ এতিয়ালৈ উদ্বিগ্ন হোৱাৰ কাৰণ নাইঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰে হোৱা  বার্তালাপত ৰাজ্যৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ কথা প্ৰকাশ কৰি কয় যে তেওঁ প্রতিদিনে টুইটাৰযোগে ৰাজ্যৰ ক’ভিড পৰিস্থিতি প্ৰকাশ কৰি আহিছে। এই মুহূৰ্তলৈ তেওঁৰ ক’ভিড পৰিস্থিতিক লৈ কোনো চিন্তা হোৱা নাই।সেইদৰে ক’ভিড ভেকচিনৰ প্ৰসংগত তেওঁ কয় যে প্রথম ড’জ ভেকচিন লোৱাৰ নিৰ্দিষ্ট সময়ৰ পাছতহে দ্বিতীয় ডʼজ ভেকচিন ল’ব পাৰিব। সেয়ে এতিয়া প্রথম ড’জ ডেকচিন লোৱাসকলৰ কিমানে দ্বিতীয় ড’জ ভেকচিন ল’লে, সেই উত্তৰ তিনি মাহ পাছতহে দিব পৰা যাব। ইপিনে, ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গাড়ীগাঁও বালিকা মোক্তাব বিদ্যালয় আৰু মাৰিগাঁৱৰ কামাখ্যা হাইস্কুলক মাইক্র’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে।