অসমীয়া সমাজৰ গামোচা – ৰশ্মি ৰেখা দুৱৰা

PC -Notun Puhor
অসমীয়া সমাজৰ গামোচা

ৰশ্মি ৰেখা দুৱৰা
গামোচা শব্দৰ  অৰ্থৰ কোনো ঐতিহাসিক সমল পোৱা নাযায় যদিও সাধাৰণভাৱে ইয়াৰ অৰ্থ হৈছে-কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য।(গা-শৰীৰ,মচা-মচ্)গা-মচা বস্ত্ৰখনকে গামোচা হিচাপে নামকৰণ কৰা হৈছে।আমাৰ অসমীয়া সমাজত গামোচাক বিহুৱান বুলিও কোৱা হয়।বহাগ বিহুৰ সময়ত বয়োজ্যেষ্ঠজনক আৰু প্ৰিয়জনক উপহাৰ হিচাপে প্ৰদান কৰিবৰ বাবে শিপিনীয়ে তাঁতশালত বয় বিহুৰ আগতেই সম্পূৰ্ণ কৰে অতি আদৰৰ গামোচাখন।গামোচাত ৰঙা পাৰি দি লগাই মাজৰ অংশ বগা।কপাহী সূতাৰে(পকোৱা সূতা) বোৱা গামোচাখন আমাৰ অসমৰ গৌৰৱ।অসমৰ পৰা কোনো ব্যক্তি বাহিৰত ফুৰিব গ’লে নাইবা কিছু অনুষ্ঠানত ভাগ লয় বিজয়ী হ’লে গামোচাখন বিজয়ৰ ধ্বজা হিচাপে উৰুৱাব পাৰি।সেইবাবে গামোচাক বিজয়ীৰ প্ৰতীক বুলিও ক’ব পাৰি।অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ৰঙৰ পাৰি দিয়া গামোচা পৰিধান কৰে।যেনে- সোণোৱাল কছাৰীসকলে সেউজীয়া পাৰি দি মাজৰ অংশ বগাকৈ বয়,টাই সকলে কেইবাটাও ৰঙেৰে মাজত চেক চেক দি বয়,তিৱা সকলে কমলা ৰঙেৰে বয় পৰিধান কৰে।বগা গামোচা প্ৰথমে উজনি অসমতে প্ৰচলন হৈছিল।অসমৰ স্বাভিমান গামোচাখন সামাজিক অনুষ্ঠানত সভা-সমিতিত বিজ্ঞজনক প্ৰদান কৰি সন্মান যচা হয়।বিবাহস্থলী,ধৰ্মীয় অনুষ্ঠান সকলোতে গামোচাৰ মান্যতা আছে।বহাগ মাহৰ গছতলৰ বিহুত  তামোল-পাণৰ লগতে গামোচা আঁৰি ৭  দিন বা  ৯  দিন বিহু কৰে গাঁৱৰ ডেকা-গাভৰুৱে,ইয়াৰো জনসমাজত এক তাৎপৰ্য আছে।গামোচাৰ শ্ৰেণীবিভাজন সমূহ হৈছে–
১/পানী গামোচা।
২/তামোল গামোচা।
৩/ফুলাম গামোচা।
৪/বিহুৱান।
৫/ফুটুকি গামোচা আদি।
নামনি অসমত আনাকটা গামোচাৰো প্ৰচলন আছে ।এই গামোচা আধ্যাত্মিকতাৰ লগত জড়িত।কেঁচি ব্যৱহাৰ নকৰি সূতাবোৰ হাতেৰে চিঙি পৃথক কৰা হয়।অসমীয়া সমাজৰ লগত প গামোচা পৰম্পৰাগতভাৱে অতীজৰে পৰা জড়িত আছে।বাহিৰৰ পৰা অহা গামোচাবোৰ ক্ৰয় নকৰি আমাৰ থলুৱা শিপিনী সকলৰ পৰা ক্ৰয় কৰিলে অসমীয়া জাতি আৰু এখোজ উচ্চখাপলৈ ঢাপলি মেলিব।