অসমীয়া ভাষাক গুগলৰ স্বীকৃতি 

অসমীয়া ভাষাক গুগলৰ স্বীকৃতি 

ৰঙিলী বাৰ্ত্তসেৱা- অসমবাসীৰ বাবে এক ভাল লগা খবৰ।অৱশেষত আহিল ভাল খবৰটো।অসমীয়া ভাষাই পালে গুগলৰ স্বীকৃতি। গুগল অনুবাদত সংযোজিত হ’ল অসমীয়া ভাষা। অসমীয়া ভাষাকে ধৰি ৭টা অন্য ভাৰতীয় ভাষাক গুগল অনুবাদত সংযোজিত কৰা হৈছে।এতিয়াৰে পৰা ইংৰাজী বা অন্য যিকোনো ভাষাক আপুনি অসমীয়া ভাষালৈ অনুবাদ কৰিব পাৰিব।গুগল অনুবাদলৈ সংযোজিত হোৱা ভাষাসমূহ হৈছে সংস্কৃত, অসমীয়া, ভোজপুৰী, ডগ্ৰী, কোংকানী, মৈথেলী, মিজো আৰু মইতেই।উল্লেখযোগ্য যে,গুগল ট্ৰান্সলেট ৱেব ব্ৰাউজাৰৰ পৰা ব্যৱহাৰ কৰিব পাৰি বা এজন ব্যৱহাৰকাৰীয়ে গুগল প্লে ষ্টোৰৰ পৰা এপ্পটো ইনষ্টল কৰিব পাৰে।ব্যৱহাৰকাৰীয়ে তেওঁ টাইপ কৰি থকা ভাষা আৰু তেওঁলোকে অনুবাদ বিচৰা আকাংক্ষিত ভাষা বাছনি কৰিব লাগিব।