অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণঃ মুখত কলা কাপোৰ বান্ধি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ বিক্ষোভ

অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াক আক্ৰমণঃ মুখত কলা কাপোৰ বান্ধি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল ৰাজ্যৰ সাংবাদিক সমাজ৷ ন্যায় প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰিলে দুই শতাধিক সাংবাদিকে৷ মুখত কলা কাপোৰ বান্ধি সাংবাদিক নিৰ্যাতনৰ ঘটনাক ধিক্কাৰ জনায় প্ৰতিবাদত অংশ লোৱা প্ৰতিগৰাকী সাংবাদিক আৰু সংবাদকৰ্মীয়ে৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ আৰক্ষীৰ ময়মতালী নচলিব, সাংবাদিক সুৰক্ষা আইন প্ৰনয়ন কৰক, সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব, অভিযুক্তৰ পক্ষ লোৱা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লওক, নিৰ্যাতিত সাংবাদিক বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান কৰক, সাংবাদিকৰ নিৰপত্তা নিশ্চিত কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক বনজিৎ ঠাকুৰীয়াই ৭ ছেপ্তেম্বৰৰ নিশা বাতৰি সংগ্ৰহৰ বাবে যাওতেই শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা ঘটনা সন্দৰ্ভত চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে লোৱা পক্ষপাত মূলক আচৰণক গনতন্ত্ৰৰ বাবে ভাবুকি বুলি সাংবাদিক সকলে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ এইক্ষেত্ৰত চানমাৰি থানাৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহনৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে৷ আজিৰ প্ৰতিবাদস্হলীত জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, সুশান্ত তালুকদাৰ, নিত্য বৰা, প্ৰশান্তজ্যোতি বৰুৱা, নৰেশ কলিতা, দিলীপ চন্দন, ধৈৰ্য্য হাজৰিকা, প্ৰনয় বৰদলৈ, নিতুমনি শইকীয়া, অচ্যুৎ কুমাৰ পাটোৱাৰী, বিপুল শৰ্মা, প্ৰানজিত শইকীয়া, প্ৰকাশ মহন্ত, সঞ্জীৱ ফুকন, মনোজ কুমাৰ নাথ, সঞ্জয় ৰায়, মনি মহন্ত, চেমিম চুলতানা আহমেদ, নৱজিত বৰঠাকুৰ, জিতেন্দ্ৰ কুমাৰ চৌধুৰী, ভূবন চেতিয়া, মৌচমজ্যোতি বৈশ্যকে ধৰি বিভিন্ন সংবাদ গোষ্ঠীৰ বহুসংখ্যক জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকে অংশ লৈ আৰক্ষী বিষয়া টিংকুমনি বৰদলৈৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম বাৰ্তাজীৱী সংঘ, অসম ফটো সাংবাদিক সন্হা, আপকুৰ লগতে কেইবাটাও সাংবাদিক সন্হাই সহযোগিতা কৰে৷ ইফালে প্ৰতিবাদৰ পিছতে সাংবাদিক সকলে গুৱাহাটী প্ৰেছ ক্লাবত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ সভাই শীঘ্ৰে সাংবাদিক সুৰক্ষা আইন প্ৰনয়ন কৰিবলৈ চৰকাৰক দাবী জনায়৷ ইফালে আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে মূখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে সাংবাদিকৰ ওপৰত ভাৰতত নহয় অসমতো দীৰ্ঘদিন ধৰি নিৰ্যাতন চলি আহিছে বুলি কয়৷ লগতে সাংবাদিক নিগ্ৰহৰ ঘটনাৰ সন্দৰ্ভত আমি দীৰ্ঘদিনৰ পৰা মাত মাতি আহিছো যদিও চৰকাৰে বৰ্তমানলৈ কোনোধৰনৰ ফলপ্ৰসূ পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই৷ আৰক্ষীক দুৰ্নীতি কৰিবলৈ প্ৰশ্ৰয় দিয়াতো উচিত হোৱা নাই বুলি উল্লেখ কৰি সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ নিৰ্যাতনৰ ঘটনাটো দুৰ্ভাগ্যজনক আখ্যা দি দোষীক শাস্তি দিবলৈ দাবী জনায়৷ ইফালে কাৰ্যসূচীত উপস্থিত থাকি দ্যা আসাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ আক্ৰমণৰ ঘটনাৰ ন্যায় দাবী কৰাৰ লগতে আৰক্ষী বিষয়া টিংকুমনি বৰদলৈৰ কাৰ্যক ধিক্কাৰ দিয়ে৷ অসম বানীৰ সম্পাদক দিলীপ চন্দনে কয় ৰাইজৰ চৰকাৰ বুলি দাবী কৰা মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ন্যায় বিছাৰি সাংবাদিক ৰাজপথত আহিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক৷ এইটো এটা সাধাৰণ কথা বুলি চৰকাৰে গন্য কৰিব নোৱাৰে৷ সাংবাদিকৰ ওপৰত হোৱা এনেধৰণৰ আক্ৰমণৰ ঘটনাৰ ন্যায় বিছাৰি ৰাজহুৱা প্ৰতিবাদ হোৱাৰ পিছতো চৰকাৰখনে যদি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে এনেধৰণৰ ঘটনাই দেশৰ ন্যায় ব্যৱস্থা আৰু গনতন্ত্ৰক অধপতনে লৈ যাব বুলি তেওঁ কয়৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে যি সময়ত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী প্ৰশাসনক জনসাধাৰণৰ ওচৰলৈ গৈ আস্থাভাজন হবলৈ আহ্বান জনাইছে তেনে সময়তে চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে সম্পূৰ্ণ ওলোটা কথা কৈ সাংবাদিকক নিৰ্যাতন কৰা ঘটনা কোনো কাৰনতে গ্ৰহন কৰিব নোৱাৰি৷ ইয়াৰ উপৰি ডিএ নিউজ প্লাচৰ মূখ্য সম্পাদক প্ৰনয় বৰদলৈয়ে কয় যিয়ে সাংবাদিকক আক্ৰমণ কৰিলে তেওঁক আৰক্ষীয়ে ৰক্ষনাবেক্ষন দিলে আৰু যিজনে বাতৰি পৰিবেশন কৰিবলৈ গৈছিল তেওঁৰ ওপৰত গোচৰ জাপি দি হাৰাশাস্তি কৰাটো দুৰ্ভাগ্যজনক৷ গতিকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়৷ জ্যেষ্ঠ সাংবাদিক সুশান্ত তালুকদাৰে কয় কেৱল এই এটা ঘটনাই নহয় এনেকুৱা ধৰনৰ সকলো ঘটনাৰে প্ৰতিবাদ হোৱা উচিত৷