অসমীয়া চিনেমাৰ প্ৰযোজক, বিতৰক এবাদত চৌধুৰীৰ মৃত্যু

অসমীয়া চিনেমাৰ প্ৰযোজক, বিতৰক এবাদত চৌধুৰীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভালেকেইখন অসমীয়া চিনেমাৰ সফল বিতৰক, প্ৰযোজক এবাদত আলী চৌধুৰীৰ আজি পুৱা বি বৰুৱা কেন্সাৰ ইনষ্টিউটত ৭২ বছৰ বয়সত মৃত্যু হয়। ফিল্ম ৰিপ্ৰেজেণ্টেটিভ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত চৌধুৰী পাছলৈ অসমীয়া চিনেমাৰ এগৰাকী সফল বিতৰক হিচাপে পৰিচিত হয় আৰু চিনেমা প্ৰযোজনাত নামি পৰে । হিয়া দিয়া নিয়া, দাগ, কইনা মোৰ ধুনীয়া, কাদম্বৰীৰ দৰে অসমীয়া চিনেমাৰ বিতৰকৰ দায়িত্ব গ্ৰহণ কৰিছিল প্ৰয়াত এবাদত চৌধুৰীয়ে। ব্যৱসায়ীকভাৱে সফল অসমীয়া চিনেমাৰ অন্যতম এগৰাকী পৰিচালক প্ৰয়াত মুনীন বৰুৱাই তেওঁৰ প্ৰায়বোৰ চিনেমাৰ বিতৰণৰ দায়িত্ব প্ৰয়াত চৌধুৰীক অৰ্পণ কৰিছিল । হিয়া দিয়া নিয়াৰ মুক্তিৰ সময়ত চিনেমাখন নিৰ্বাচিত চিনেমা হলত চলাবলৈ বহুতে পৰামৰ্শ দিছিল । অভিজ্ঞ বিতৰক এবাদত চৌধুৰীয়ে ব্যৱসায়ীকভাৱে সফলতা অৰ্জনৰ বাবে সৰু বৰ সকলো ধৰণৰ চিনেমা হলত চলাবৰ বাবে মুনীন বৰুৱাক সৈমান কৰায় । ফলত হিয়া দিয়া নিয়া এখন অন্যতম ব্যৱসায়ীকভাৱে সফল অসমীয়া চিনেমা হিচাপে খ্যাতি অৰ্জন কৰে৷অসমৰ এগৰাকী প্ৰসিদ্ধ চিনেমা বিতৰক প্ৰয়াত মানিক দত্তৰ অধীনত ফিল্ম ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰি থকাৰ সময়ত জয় সন্তোষী মা নামৰ ধৰ্মমূলক হিন্দী চিনেমাখনে মুক্তি লাভ কৰে । চিনেমাখনৰ অসমত বিতৰকৰ দায়িত্ব লবৰ বাবে  প্ৰথমতে কোনো আগবাঢ়ি অহা নাছিল । দৰ্শকৰ ৰুচি বুজি পোৱা এবাদত চৌধুৰীয়ে প্ৰয়াত দত্তক চিনেমাখনৰ বিতৰকৰ দায়িত্ব লবলৈ পৰামৰ্শ আগবঢ়ায় । জয় সন্তোষী মাৰ ব্যৱসায়িক সফলতা ভাৰতীয় চিনেমাৰ ইতিহাসত লিপিৱদ্ধ হৈ আছে । প্ৰয়াত এবাদত চৌধুৰীয়ে কাদম্বৰীৰ অন্যতম প্ৰযোজক আছিল ।ইষ্টাৰ্ণ ইণ্ডিয়া ম’চ’ন পিকচাৰ্ছ এচছিয়েশ্বনৰ অন্যতম সদস্য এবাদত চৌধুৰীৰ অসমীয়া ছবিৰ ব্যৱসায়িক দিশত এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে বহুতে তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰিছিল । অসমীয়া ছবিৰ দূৰ্বলতা সম্পৰ্কেও বিশেষ জ্ঞান থকা চৌধুৰীৰ মুকলিমুৰীয়া আলোচনাৰ বাবে বহুতে তেওঁক এৰাই চলিছিল । অসমীয়া চিনেমাই সহজ সৰল স্বকীয়তা বিসৰ্জন দি হিন্দী চিনেমাক অন্ধভাৱে অনুকৰণ কৰিলে তেনে চিনেমাক অসমীয়া দৰ্শকে গ্ৰহণ নকৰে বুলি প্ৰয়াত চৌধুৰীয়ে  স্পষ্টভাৱে মত ব্যক্ত কৰিছিল৷গুৱাহাটীৰ আঠগাঁৱত জন্ম হৈ তাতে ডাঙৰ দীঘল  হোৱা এবাদত চৌধুৰীয়ে পাছলৈ ধীৰেনপাৰাত বাস কৰিবলৈ লয় আৰু চিনেমাৰ ব্যৱসায় বাদ দি বিভিন্ন সামজিক  কামত জড়িত হৈ পৰে । তেওঁ কেবাবছৰ ধীৰেনপাৰা ইটাভাটা ঈদগাহৰ সম্পাদক আছিল আৰু আঠগাঁৱৰ গুৱাহাটী কবৰস্থানৰ লগতো জড়িত আছিল । মৃত্যুৰ  সময়ত তেওঁ পত্নী, তিনিজনী কন্যা, দুজন জোঁৱাই আৰু তিনিজন নাতিক ইহ সংসাৰত এৰি থৈ যায় । এগৰাকী উদাৰ, সহনশীল আৰু মানৱতাবাদী ব্যক্তিৰূপে প্ৰয়াত এবাদত চৌধুৰী জাতি, ধৰ্ম নিৰ্ৱিশেষে সকলোৰে মাজত সমানে জনপ্ৰিয় আছিল । শ শ লোকৰ অংশগ্ৰহণেৰে  আজি দুপৰীয়া আঠগাঁৱৰ গুৱাহাটী কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন হয় ।