অসমীয়া খিলঞ্জীয়া মুছলমানৰ সচেতনতা আৰু সময়ৰ আহ্বান-ফখৰুদ্দিন আহমেদ

pc-clarionIndia

অসমীয়া খিলঞ্জীয়া মুছলমানৰ সচেতনতা আৰু সময়ৰ আহ্বান
~~~~~~~~~

ফখৰুদ্দিন আহমেদ

ইতিহাসৰ পৃষ্ঠা লুটিয়াই চালে দেখা যায় যে ১২০৫ খ্ৰীষ্টাব্দত তীব্বত আক্ৰমন কৰিবলৈ আহি অসম (কামৰূপ)ত প্ৰবেশ কৰা তুৰ্কী সেনাপতি ইখতিয়াৰউদ্দিন মহম্মদ বখতিয়াৰ খিলিজীক বাট দেখুৱাই আনিছিল থলুৱা অসমীয়া মেচ জনগোষ্ঠীৰ ইছলাম ধৰ্মত নব দিক্ষিত আলি মেছ নামৰ এগৰাকী ব্যক্তিয়ে।এই তথ্য মিনহাজুদ্দীনৰ তবাক্ত-ই-নাচিৰী নামৰ গ্ৰন্থত উল্লেখিত আছে।১২৫৪-৫৫ খ্ৰীষ্টাব্দত কামৰূপৰ ৰজাক পৰাজিত কৰি তুঘ্ৰিল খাই হাজোত নিৰ্মান কৰা মছজিদত সমবেত হৈ স্থানীয় মুছলমান সকলে প্ৰথম অসমত শুক্ৰবাৰৰজুম্মা নমাজ আদায় কৰিছিল। তেনে সময়ৰ ওচৰা ওচৰি কালতে পবিত্ৰ মক্কা চহৰৰ পৰা এপোৱা মাটি লগত লৈ হাজোৰ তুঘ্ৰিল খাই নিৰ্মান কৰা মছজিদটিত অবস্থান কৰিছিলহি গিয়াছুদ্দিন আউলিয়া চাহেবে। যাৰ বাবে ঠাই খন পোৱা মক্কা নামেৰে সাম্প্ৰতিক সময়লৈ জনাজাত হৈ আছে। ইয়াৰ দ্বাৰা থাৱৰ কৰিব পাৰি যে সেই সময়তো মুছলমান সকলে ঠায়ে ঠায়ে সামাজিক দায়বদ্ধতাৰে অসমত বসবাস কৰা আৰম্ভ কৰিছিল। তাৰ পিছত ১৬৩৪ খ্ৰীষ্টাব্দত ইৰাকৰ বাগদাদ চহৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা ছুফী সাধক আজান পীৰ চাহেবে অসমত ইছলাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্যোগ গ্ৰহন কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ বৰগীতৰ আদৰ্শত অসমীয়া ভাষাত জিকিৰ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ ভৰাল চহকী কৰিছিল।থলুৱা অসমীয়া লোকৰ ইছলাম গ্ৰহনে ইছলাম ধৰ্মৰ সংস্কৃতিৰ লগত অসমীয়া সংস্কৃতিৰ মিলন হৈছিল আৰু এনেকৈয়ে অসমত অতীজৰে পৰা বসবাস কৰি অহা জনগোষ্ঠী সমূহৰ সৈতে মহামিলনৰ সেতু গঢ়িছিল।নবদিক্ষিত মুছলমান লোক সকলে ইছলাম ধৰ্মৰ ৰীতি নীতিত কৈ পুৰ্বৰ পৰা পালন কৰি অহা নীতি নিয়মকহে বেছিকৈ প্ৰাধান্য দিছিল বুলি ইতিহাসবিদ সকলে ক’বলৈ বিচাৰে।
তাৰ পিছত অসমৰ মুছলমান সমাজৰ পথ পৰিক্ৰমাত দৃষ্টি গোচৰ হয় যে ইয়ান্ডাবু সন্ধিৰ সুত্ৰে অসম ইংৰাজৰ শাসন ব্যবস্থাৰ অধীন হোৱাৰ সুত্ৰে অবিভক্ত ভাৰতবৰ্ষত চামিল হয়। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম চলি থকা সময়তে কুৰি শতিকাৰ ৩য় বা ৪ৰ্থ শতিকাত নিৰ্বাচনৰ জৰিয়তে অসমত গঠন হোৱা চৰকাৰৰ প্ৰধানমন্ত্ৰী চাৰ চৈয়দ চাদুল্লাই প্ৰত্যক্ষ ভাবে বিশেষকৈ অসমত খেতি বাতি কৰিবলৈ তদানিন্তন অবিভক্ত ভাৰতবৰ্ষৰ মৈমনচিঙ জিলাৰ পৰা শ্ৰমিক আমদানি কৰি আনিছিল।ভাৰতবৰ্ষৰ স্বাধীনতা প্ৰাপ্তীৰ প্ৰাক্ ক্ষনত শাসনৰ গাদীৰ লোভত পৰি মুছলিম লীগৰ নেতা মহম্মদ আলি জিন্নাৰ পৰিকল্পনাত বিভাজন হৈ পাকিস্তানৰ পুব পাকিস্তান আৰু পিছলৈ স্বাধীন বাংলাদেশ হিচাপে বিশ্বত স্বীকৃতি লাভ কৰা দেশখনৰ পৰা অসমলৈ হোৱা জনপ্ৰবজন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছলৈয়ো স্তব্ধ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ অসমত সৃষ্টি হোৱা বিদেশী সমস্যাৰ সাম্প্ৰতিক সময়লৈ সুবিধাজনক ভাবে মিমাংসা নহ’ল।
বাংলাদেশৰ পৰা অসমলৈ বৈধ বা অবৈধ ভাবে হোৱা এই ইছলাম ধৰ্মৰ মিঞা জনগোষ্ঠীৰ লোক সকলক স্বাধীনোত্তৰ সমগ্ৰ সময়ত ৰাজনৈতিক দল বোৰে ভোট বেংক হিচাপে ব্যবহাৰ কৰি অহা পৰিলক্ষিত হৈছে। এই জনগোষ্ঠীৰ লোক সকল স্বাভাবিক ভাবেই পৰিশ্ৰমী আৰু শিক্ষাগত দিশত বহুত বেছিকৈ পিছ পৰা। বিশেষকৈ অসমৰ চৰাঞ্চলৰ মিঞা সকল শিক্ষাগত দিশত পিছপৰা কাৰনেই কিছু সংখ্যকৰ বাহিৰে প্ৰায় সংখ্যকৰে এটা সময়ত বহিৰ্বিশ্বৰ সৈতে সম্পৰ্ক নাছিল বুলিব পাৰি। স্বাধীন দেশৰ লিখিত সংবিধান থকাৰ পিছতো এই চৰ সমূহত চ’লে তথাকথিত নিৰক্ষৰ দেৱানী সকলৰ স্বেচ্ছাচাৰী শাসন। ফলত এই চৰাঞ্চল সমূহত আছে হত্যা , ধৰ্ষন , লুন্ঠন আৰু দালালি ৰাজ ইত্যাদিৰ সুলভতা।জনসংখ্যা অনিয়ন্ত্ৰিত ব্যবস্থা আৰু অন্ধবিশ্বাসৰ পয়োভৰত সংঘটিত কুকৰ্মবোৰৰ কথা সাম্প্ৰতিক সময়ৰ নিউজ চেনেল আৰু বাতৰি কাকতত নিয়মিত ভাবে হোৱা প্ৰচাৰত সঁচা কথা উনুকিয়াই দিবলৈ গ’লে অস্বস্তিত পৰিবলগা হয়। ১২০৫ খ্ৰীষ্টাব্দৰ পৰা অসমত বসবাস কৰি অহা থলুৱা জনগোষ্ঠীৰ খিলঞ্জীয়া মুছলমান সকল।কাৰন দুয়োটা জনগোষ্ঠীৰ লোক সকল ইছলাম ধৰ্মৰ হোৱা বাবে নাম আৰু উপাধিবোৰ একে।
চৰাঞ্চলত বসবাস কৰা মিঞা মুছলমান সকলক ৰাজনৈতিক ভাবে সন্তুষ্ট কৰি ৰাখিবলৈ ” চৰ উন্নয়ন” ৰ দৰে বিভাগ খুলি অসমৰ চৰকাৰ সমূহে ইতিপূৰ্বে দি অহা সা-সুবিধাবোৰৰ পৰা কিন্তু একে ধৰ্মৰ হোৱাৰ পিছতো খিলঞ্জীয়া মুছলমানৰ গৰিয়া , মৰিয়া , দেশী আৰু জলহা আদি জনগোষ্ঠীৰ মুছলমান সকলক ইতিপূৰ্বে সুকীয়া ভাবে মিঞা জনগোষ্ঠীৰ দৰে কোনো সুবিধা প্ৰদান কৰা নাছিল । এক কথাত ক’বলৈ গ’লে অসমৰ মুছলমানৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহক ৰাজনৈতিক পাশাখেলৰ জৰিয়তে বঞ্চিত কৰি ৰখা হৈছিল।
অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইতিমধ্যে চৰ উন্নয়ন বিভাগ বন্ধ হোৱাৰ পিছতহে অসমৰ মুছলমানৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ উন্নয়নৰ চিন্তা কৰাৰ আহৰি পাইছে সাম্প্ৰতিক সময়ৰ অসম চৰকাৰে।কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই জনগোষ্ঠী সমূহৰ পৰা ১৫০ গৰাকী ব্যক্তিক আমন্ত্ৰন কৰি আনি আলোচনাৰ মেজত বহোৱা বিষয়টিয়ে তাৎপৰ্যা বহন কৰা লগতে আশাৰ সঞ্চাৰ কৰিছে।
খিলঞ্জীয়া মুছলমান সকলক একত্ৰিকৰনৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ অক্লান্ত কৰ্মী আৰু প্ৰাক্তন মুখপাত্ৰ , কবি-গীতিকাৰ চহিৰ ভূঞা দেৱৰ উদ্যোগত জন্ম লাভ কৰা সদৌ অসম গৰিয়া , মৰিয়া আৰু দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠী সমূহক এক লগ কৰি নিজৰ প্ৰাপ্য সা-সুবিধা তথা ৰাজনৈতিক অধিকাৰ সম্পৰ্কত সজাগতাৰ সৃষ্টি কৰাত গ্ৰহন কৰা পদক্ষেপ সঁচাকৈয়ে প্ৰশংসাৰ যোগ্য।ইতিমধ্যে এই সংস্থাটোৱে সমগ্ৰ অসমৰ খিলঞ্জীয়া মুছলমান জনগোষ্ঠীৰ লোক সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে।
অসমৰ মিঞা জনগোষ্ঠী আৰু খিলঞ্জীয়া জনগোষ্ঠী দুটাৰ মাজত কোনো বাদ বিসম্বাদ নাথাকিলেও সংস্কৃতিগত ভাবে ১২০৫ খ্ৰীষ্টাব্দৰ পৰা মূলত অসমীয়া কৃষ্টি সংস্কৃতিক মূল হিচাপে লৈ থলুৱা জনগোষ্ঠী সমূহৰ পৰা বিশেষকৈ ধৰ্মান্তৰিত হৈ মুছলমান হোৱা খিলঞ্জীয়া সকল ১৯ শতিকাৰ ৩য় বা ৪ৰ্থ দশকৰ পৰা অসমলৈ প্ৰব্ৰজিত হোৱা সকলৰ সৈতে ধৰ্মীয় দিশবোৰৰ বাহিৰে ঘৰুৱা জীৱনত ব্যবহাৰ কৰা ভাষা আৰু কৃষ্টি সংস্কৃতিত জাহ যোৱাৰ প্ৰশ্নই আহিব নোৱাৰে।খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি পোচাক পৰিচ্ছদ আৰু সামাজিক জীৱন ব্যবস্থাৰো দুয়োটা জনগোষ্ঠীৰ মাজত বিস্তৰ প্ৰভেদ আছে।
অসমত বাস কৰা প্ৰতিটো ধৰ্মৰ লোক সকলৰ মাজত ভিন্ন.জনগোষ্ঠীয় লোক আছে আৰু থকাতো স্বাভাবিক। এই ক্ষেত্ৰত অসমৰ মুছলমান সকলৰ মাজত মুখ্যমন্ত্ৰী মহোদয়ে বিভাজন আনিবলৈ বিচৰা বুলি কিছুমান বুদ্ধিজীৱি আৰু ৰাজনৈতিক নেতাই অনা অভিযোগ অবাস্তবেই নহয় অবান্তৰো।
স্বাধীনোত্তৰ কালছোৱা অৰ্থাৎ প্ৰায় ৭৩ বছৰে অবহেলিত আৰু বঞ্চিত হৈ থাকিবলগা হোৱা খিলঞ্জীয়া মুছলমানৰ জনগোষ্ঠী সমূহ সাম্প্ৰতিক সময়ত সজাগ হৈ উঠাটো জনগোষ্ঠী সমূহৰ লোক সকলৰ বাবে শুভ সংবাদ।কাৰন স্বৰূপে উল্লেখ কৰিব পাৰি যে সাম্প্ৰতিক সময়ৰ অসমৰ বিধান সভা সমূহত খিলঞ্জীয়া মুছলমান সকলৰ জনপ্ৰতিনিধি নাই বুলিবই পাৰি। কিন্তু ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰাক্ ক্ষনত অসমলৈ যি কাৰনতেই নহওক প্ৰব্ৰজিত হৈ অহা বাংলাদেশীমূলীয় মিঞা মুছলমান সকলৰ জনপ্ৰতিনিধি অসম বিধান সভাত দহ জনতকৈ ওপৰত সকলো ক্ষেত্ৰতে আগৰনুৱা বুলি প্ৰমানিত হৈ আহিছে। সেয়া শৰাইঘাটৰ যুদ্ধৰ পৰা স্বাধীনতা সংগ্ৰাম , ভাষা আন্দোলন আৰু অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ইতিহাস, সকলোতে সোনালী আখৰেৰে লিপিবদ্ধ হৈ আছে।
ধৰ্মীয় উগ্ৰ আগ্ৰাসনৰ এই সন্ধি ক্ষনত সংস্কৃতি গত ভাবে , ৰাজনৈতিক ভাবে , সামাজিক ভাবে , ঐক্যবদ্ধ ভাবে খিলঞ্জীয়া মুছলমান সকল সচেতন হোৱাটো সময়ৰ আহ্বানতেই নিশ্চয় হৈছে। মাত্ৰ এনে পৰিক্ৰমাত সাবধানেৰে আগবাঢ়িলেই সকলো সম্ভব হৈ উঠিব।