অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি 

অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতি 
৩ অক্টোবৰৰ দিনটো ‘ধ্ৰুপদী অসমীয়া ভাষা দিৱস’ হিচাবে পালনৰ প্ৰস্তাৱ
উৎফুল্লিত অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলন আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মাজুলী জিলা সমিতিঃ
‌বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভত সমগ্ৰ অসমৰ লগতে উৎফুল্লিত হৈ পৰিছে অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলন আৰু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মাজুলী জিলা সমিতি । অসমীয়া ভাষা‌ আৰু সাহিত্যৰ বাবে এক গৌৰৱময় মাইলৰ খুঁটি হিচাপে অভিহিত কৰি অসম কবি সন্মিলনৰ অন্তৰ্গত মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ৰমেশ চন্দ্ৰ শইকীয়া, সম্পাদক পাপু বৰা আৰু যুটীয়া সম্পাদক শংকুসিদ্ধ নাথে প্ৰদান কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰ, অসম সাহিত্য সভা, অসম প্ৰকাশন পৰিষদ, সাহিত্য অকাডেমি আৰু অসমীয়া ভাষা‌ক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভৰ বাবে কৰা এই দীঘলীয়া পৰিক্ৰমাত অৱদান আগবঢ়োৱা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰি আনন্দ প্ৰকাশ কৰিছে। অন্যহাতে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মাজুলী জিলা সমিতিয়েও সভাপতি ৰমেশ চন্দ্ৰ শইকীয়া, সম্পাদক শংকুসিদ্ধ নাথ আৰু সাহিত্য সম্পাদক পাপু বৰাৰ দ্বাৰা প্ৰেৰিত এক প্ৰেছ বাৰ্তাৰ জৰিয়তে অসমীয়া ভাষা‌ই এনে অভূতপূৰ্ব স্বীকৃতি লাভ কৰাত সন্তোষ প্ৰকাশ কৰি আগন্তুক বৰ্ষৰ পৰা ৩ অক্টোবৰৰ দিনটো ‘ধ্ৰুপদী অসমীয়া ভাষা দিৱস’ হিচাবে পালন কৰাৰ বাবে অসমবাসীৰ লগতে অসম চৰকাৰলৈ অনুৰোধ জনাইছে ।