অসমীয়া বৰ্ণমালাৰ বনভোজ যাত্ৰা- বন্দিতা শৰ্মা কন্দলি

Pc assamese Grammar

অসমীয়া বৰ্ণমালাৰ বনভোজ যাত্ৰা

ডিচেম্বৰ মাহ সোমোৱাৰ লগে লগেই অসমীয়া বৰ্ণমালাই বনভোজ খাবলৈ যোৱাতো খাটাং কৰিলে। মনোৰঞ্জনৰ বাবে মনোৰম ঠাই এটুকুৰা নিৰ্বাচিত কৰিবলৈ ‘ম’ ক দায়িত্ব দিয়া হ’ল। ‘ম’ ই সেই সময়তে মনতে এটা আশা পুহি ৰাখিছিল; যি সময়ত অসমৰ চুকে কোনে, ৰেডিঅ’, দূৰদৰ্শন, বাতৰি কাকত আদি সকলোতে ঠাইখনে খলকনি তুলিছিল। আনকি মন্ত্ৰী বিধায়ক সকলো বাদ পৰা নাছিল। স্বয়ং মূখ্যমন্ত্ৰী য়েও পূজা আগবঢ়াইছিল আৰু মনৰ আশা পূৰণ হোৱাত পুনৰ সেই ঠাইলৈ গৈ পূজা আগবঢ়াইছিল । সেয়ে এই চেগতে গোটেই পৰিয়াল সৈতে গৈ ঠাইখন চাই অহাৰ লগতে মনৰ আশাটো পূৰণ কৰিব বুলি ভাবি ক’লে এচিয়াৰ ভিতৰতে সৰ্ববৃহৎ নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰলৈ গ’লে ভাল হ’ব নেকি! সকলোৱে সন্মতি জনালে। অ-য়ে বিনয়ী ভাবে ক’লে আমি এনে ভাবে যাব লাগে যাতে কোনো বিদেশী পৰ্যটক আহিলেও আমি যে অসমীয়া সেই কথা আমাৰ পোচাক পৰিধানে পৰিচয় কৰাই দিয়ে। অ- ৰ কথাত দুই একে হে সমৰ্থন জনালে। যি কি নহওঁক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ যাব যেতিয়া পৃথিৱী বিখ্যাত এশিঙীয়া গঁড় চাই যাব পাৰিব। এই কথায়েও সকলোকে আনন্দ দিলে। প্ৰয়োজনীয় সকলো বস্তু যোগাৰ কৰি যথা সময়ত যাত্ৰা আৰম্ভ হ’ল। ব-য়ে বোলে বনগীত এটিৰেই যাত্ৰা আৰম্ভ কৰিলে ভাল হয়। সকলোৱে হাত তালিৰে সমৰ্থন জনালে।প-ই আৰম্ভ কৰিলে–পকাধানৰ মাজে মাজে সৰু সৰু আলি ঐ/সৰু সৰু আলি/আলিত পৰি গীত জোৰে জাক,বালিমাহী ঐ জাক বালিমাহী। এনেদৰে ৰং ধেমালিৰ মাজেৰে তেওঁলোক আগবাঢ়ি গৈ থাকিল। গীতটো শেষ হোৱাত সকলোৱে নিজৰ নিজৰ অভিজ্ঞতা ক’বলৈ ধৰিলে। লাহে লাহে হূলস্থূল বাঢ়ি গৈ কোনেও কাৰো কথা নুবুজা হ’ল। হঠাৎ ক্ষ ৰ মোবাইল ফোন ত টিং কৈ বাজি উঠাত চাই দেখে একাউণ্ট নম্বৰৰ পৰা টকা কাট খালে। ভালকৈ চাই দেখে গতিৰোধ মানি নচলাৰ বাবে এই জৰিমনা। কথাটো খ- ই জানিব পাৰি খঙতে সকলোকে মনে মনে থাকিবলৈ ক’লে। লগে লগে কাহ পৰি জীন যোৱাৰ দৰে হ’ল। ক্ষ-ই সুবিধা পাই বহুত দিন ৰ পৰা ভাবি থকা কথা কেইটামান সকলোকে উদেশ্যী কʼলে আজি এই ঘটনাটো ঘটিবলৈ পালে একমাত্ৰ গতিবেগ নিয়ন্ত্ৰণ নকৰাৰ বাবে। কিন্তু আমাৰ মাজত থকা গতিবেগ নিৰূপক ,যাক আমি ‘যতি চিন’ বুলি কওঁ সেই খিনিৰ সঠিক প্ৰয়োগ কৰোঁনে? এই যতি চিনবোৰৰ প্ৰয়োগে বাক্যৰ অৰ্থ প্ৰকাশত সহায় কৰে। যাত্ৰা পথত এনে এক গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰাৰ বাবে গ— ই ‘ক্ষ’ ক ধন্যবাদ জনালে। মনে মনে বহি থকা চেমিকোলনে (;) ক’লে আজি কালি আমাক চিনি নোপোৱা হৈছে, ব্যৱহাৰ কমি গৈ ভাষাৰ লিখিত ৰূপ টো বিকৃত হোৱা দেখা যায়। সেয়ে পৰিচয় কৰাই দিয়া ভাল। এজন এজনকৈ নিজৰ পৰিচয় দাঙি ধৰিলে। কমা(,) –এটা আখৰ উচ্চাৰণ কৰোঁতে যিমান সময় লাগে, সিমান সময় ৰʼবলৈ হ’লে কমা চিন ব্যৱহাৰ কৰা হয়। শব্দৰ পৰস্পৰ সম্বন্ধ ৰক্ষাৰ বাবে আমাৰ প্ৰয়োজন। চেমিকোলন (;)— এটা দীঘলীয়া বাক্যত থকা বাক্যাংশ দুটাৰ মাজত সম্বন্ধ থাকিলে অথচ বিৰতিৰ বাবে আমাৰ প্ৰয়োজন। আমাক দেখিলে কমাতকৈ অলপ বেছি সময় ৰʼব লাগে। দাড়ি– বাক্যটো সম্পূৰ্ণ শেষ হ’লে দাড়ি চিন ব্যৱহাৰ কৰা হয়। প্ৰায় দুটা আখৰ উচ্চাৰণ কৰাৰ সমান সময় ৰʼব লাগে। প্ৰশ্নবোধক চিন(?)– কোনো প্ৰশ্ন কৰোঁতে বাক্যৰ শেষত এই চিন ব্যৱহাৰ কৰা হয়। ভাৱবোধক চিন(!)— মনৰ আনন্দ,বিষাদ, আশ্চৰ্য আদি ভাব প্ৰকাশ কৰিবলৈ এই চিন ব্যৱহাৰ কৰা হয়। ডেচ চিন (–)— কোনো বাক্যৰ লগতে আন বাক্যৰ সম্বন্ধ বুজাওঁতে এই চিন ব্যৱহাৰ কৰা হয়। হাইফেন (-)— বিপৰীত শব্দৰ যোৰা বুজাওঁতে, অনুৰূপ,অনুকাৰ আদি শব্দ বুজাওঁতে এই চিন ব্যৱহাৰ কৰা হয়। উদ্ধৃতি চিন বা প্ৰক্ষেপ চিন (” “) আনৰ কথা হুবহু তুলি দিওঁতে উদ্ধৃতি চিন বা প্ৰক্ষেপ চিন কমা ব্যৱহাৰ কৰা হয়। হ– হাঁহি মাৰি ক’লে আমাৰ যতিচিন সমূহ নিঃসংকোচে অসমীয়া ভাষাৰ স্পীড বেকাৰ বুলি ক’ব পাৰি দেখোন। হাঁহিৰ খলকনি উঠিল। এনেতে গ –ই গঁড় গঁড় বুলি চিঞৰি উঠিল। সকলোৱে গঁড় চোৱাত লাগিল। গাড়ীৰ গতিবেগ কমাই দিয়া বাবে ‘মই দেখা পোৱা নাই’ বুলি কৈ চন্দ্ৰবিন্দু প্ৰথমতে নামিব খুজিলে! আ-য়ে ততাতৈয়াকৈ গৈ আগভেটি ধৰি ক’লে চন্দ্ৰবিন্দু আগত থাকি আপদ চোঁচৰাব নালাগে। হাঁহিমুখীয়া হ-য়ে নিজৰ শিৰত চন্দ্ৰবিন্দুক তুলি লোৱাত সকলোৱে স্বস্তিৰ নিশ্বাস এৰিলে।

বন্দিতা শৰ্মা কন্দলি
দেৰগাঁও