অসমীয়া চলচিত্ৰ “অন্তিম নিৰ্ণয়”লৈ “দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড” সন্মান

অসমীয়া চলচিত্ৰ “অন্তিম নিৰ্ণয়”লৈ “দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড” সন্মান

দীপক শৰ্মা, ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সংগীত পৰিচালক অবনী ৰঞ্জন পাঠক পৰিচালিত আৰু যুৱ ব্যৱসায়ী তথা চলচিত্ৰ অনুৰাগী কুশান চৌধুৰী প্ৰয়োজিত “অন্তিম নিৰ্ণয়” ( The last decision) অসমীয়া চলচিত্ৰখনলৈ “দাদা চাহেব ফাল্কে আইকণ এৱাৰ্ড ” সন্মান লাভ কৰাৰ উপৰিও পুডুচেৰীৰ “MOKKHO INTERNATIONAL FILM FESTIVAL AWARD” বঁটাৰে বিভূষিত হৈ অসমলৈ সন্মান বুটলি আনিবলৈ সমৰ্থ হৈছে । MOKKHO INTERNATIONAL FILM FESTIVAL ৰ The best Debut film maker শিতানত পুৰস্কৃত চলচিত্ৰখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে চেতনা দাস, ভাৰ্গব কটকী, পংকজ পল্লৱ শৰ্মা, প্ৰাণকৃষ্ণ মহন্ত, জুলি দাস, হীমজ্যোতি মেধি, নিহা দাস, বিতোপন ৰাজবৰা, শিশু শিল্পী ভাৰ্গৱ ডেকা, ঋৰাণ শৰ্মা, ছৱি কাত্যায়ণ আদিয়ে । মুখ্য সহকাৰী পৰিচালক লৰ্ড দাস, সহকাৰী পৰিচালক অসীমা চৌধুৰী আৰু অভিজিৎ চলিহা । সংগীত প্ৰশান্ত কুমাৰ দাসৰ । ছৱিখনৰ গীতৰ ৰছনা মৃণাল পী জ্যোতি আৰু শান্তি শ্ৰী দত্ত । কেমেৰা প্ৰসেনজিৎ দেৰ । অচিৰেই ৰাজ্যখনৰ ছবিগৃহত মুক্তি পাব বুলি জানিব পৰা গৈছে।