অসমীয়া গীতক সাহিত্যলৈ ৰূপান্তৰিত কৰিলে আকাশবাণীয়ে: বিশিষ্ট সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা

অসমীয়া গীতক সাহিত্যলৈ ৰূপান্তৰিত কৰিলে আকাশবাণীয়ে: বিশিষ্ট সাহিত্যিক ড০ কৰবী ডেকা হাজৰিকা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সৌজন্যত ২১\১\২৪ মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত “অনাতাঁৰ সাহিত্য” শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাক্তন প্ৰাধ্যাপক ড০ কৰবী ডেকা হাজৰিকাৰ সঞ্চালনাত আয়োজিত এই আলোচনা সত্ৰখনিত বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড: নীৰাজনা মহন্ত বেজবৰা আৰু বিশিষ্ট লেখক, নাট্যকাৰ সপোনজ্যোতি ঠাকুৰে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি তাত্বিক জ্ঞানগৰ্ভ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰে। ড: নীৰাজনা মহন্ত বেজবৰাই “অনাতাঁৰ কথা সাহিত্য” সম্পৰ্কত বক্তব্য প্ৰদান কৰি আকাশবাণীত প্ৰচাৰ হৈ থকা কথিকা, গল্প, উপন্যাস, সাক্ষাৎকাৰ, আলোচনা আৰু আনকি সংবাদো অনাতাঁৰ সাহিত্য হিচাপে স্বীকৃতি পোৱাৰ বাবে স্বয়ংসম্পূৰ্ণ বুলি উল্লেখ কৰি কয় যে অসমীয়া সাহিত্য জগতখন অসমত আকাশবাণীৰ সাহিত্যৰ জৰিয়তে বিশেষভাবে সমৃদ্ধ হৈছে। “অনাতাঁৰ নাট” সম্পৰ্কত বক্তব্য দি সপোনজ্যোতি ঠাকুৰে “মূলসূঁতিৰ সাহিত্য” বুলি প্ৰচলিত কথাটোক অস্বীকাৰ কৰি কয় যে “অনাতাঁৰ নাট” অসমীয়া সাহিত্যৰ অভিন্ন অংগ। সঞ্চালকৰ আসনৰ পৰা ড০ কৰবী ডেকা হাজৰিকাই আকাশবাণীৰ গীতি সাহিত্যত বিশেষ অৱলোকন কৰি প্ৰকৃততে আকাশবাণীয়েই অসমীয়া গীতক সাহিত্যত পৰিণত কৰাত মূল ভুমিকা পালন কৰিলে বুলি মন্তব্য কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শন ডিব্ৰুগড়ৰ অনুষ্ঠান মুৰব্বী লোহিত ডেকাই উদ্বোধন কৰা আজিৰ এই আলোচনা সত্ৰখনিত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যাপক ড০ ৰমেন হাজৰিকাই। মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অতনু কাকতি আৰু ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপ শইকীয়াৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰণ কৰা এই আলোচনা সত্ৰতে মহাবিদ্যালয়খনৰ অধ্যাপক ড° ৰুনজুন শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। আলোচনাৰ মূল পৰ্বৰ আগেয়ে অনাতাঁৰ শিল্পী শিৱাণী বৰুৱা ফুকনে এটি গীত পৰিৱেশন কৰে। অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয়খনৰ অধ্যাপক ড° কৌস্তুভমণি নাথে।