অসমীয়া আখল
মৌচুমীৰ ঘৰত সাংবাদিকৰ ভিৰ।
সাংবাদিক :—– আপুনি এই সুন্দৰ প্ৰতিষ্ঠানৰ অধিকাৰী কেনেকৈ হ’ল ?
মৌচুমী :—— বাল্য বিবাহৰ অপৰাধত ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী অৰ্থাৎ মোৰ স্বামীক যেতিয়া পুলিচে গেপ্তাৰ কৰি নিলে তেতিয়া মই দুখকে সাৱটি নাথাকি মোৰ লৰা ছোৱালীৰ ভবিষ্যতৰ কথা চিন্তা কৰি বহু কষ্টেৰে মোৰ আখলৰ পৰা অসমীয়া জলপান, পিঠা – পনা বনাই বিক্ৰী কৰি ঘৰ চলাই গৈছিলো । লাহে লাহে মোৰ ব্যৱসায় বাঢ়ি যোৱাত মই মোৰ দৰে মহিলাক নিয়োগ কৰি বৰ্তমান এই অৱস্থা পাইছোঁ।
সেয়ে মই মোৰ প্ৰতিষ্ঠানৰ নাম “অসমীয়া আখল ” ৰাখিছোঁ ।মোৰ জলপান পিঠা – পনাই বাহিৰৰ ৰাজ্যতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ।
ইভা গন্ধীয়া ফুকন