অসমীয়াই জীয়াই ৰাখিব লাগিব- বিহুৰ পৰম্পৰাঃ এক প্ৰাসংগিক চিন্তা (আমি অসমীয়া নহওঁ দুখীয়া…..)- মানসী মিশ্ৰ

pc gorajan goodluck tutor Centre

অসমীয়াই জীয়াই ৰাখিব লাগিব- বিহুৰ পৰম্পৰাঃ এক প্ৰাসংগিক চিন্তা (আমি অসমীয়া নহওঁ দুখীয়া…..)

 

ম‍ই খিৰিকীখন খুলি দিলো

স্তব্ধতাৰ নিৰ্জন পোহৰত আমি

আকৌ মুখামুখি হ’লোঃ

শিৰৰ সেন্দুৰৰে সেন্দুৰ

আকাশৰ মুখত জিলিকি উঠিছে

সোনোৱালী বহাগ।

শীতৰ তুহিন স্পৰ্শই সকলোকে চুই যোৱা বয়সতে সৌসিদিনা উলহ-মালহেৰে ৰাইজে ভোগালী বিহু পালন কৰিছিল। চাওঁতে চাওঁতে চকুৰ পলকতে পাৰ হৈ গ’ল তিনিটা মাহ। অসমৰ ৰাইজে এইবাৰ আদৰিবলৈ সাজু হৈছে অসমীয়া হেঁপাহৰ আমঠু ৰঙালী বিহুটিক। ফাগুনৰ চঞ্চলা বতাহজাক, শিমলু পলাশৰ দগমগীয়া ৰঙাবোৰে প্ৰতিজন অসমীয়াৰ অন্তৰত আগতীয়াকৈ সিচি দি যায় বহাগ অহাৰ বাতৰি। লঠঙা শীতে প্ৰকৃতিৰ শোভা সুষমাবোৰ টানি আঁজুৰি লৈ যোৱাৰ পিছত বসন্তৰ কুঁহিপাতবোৰ গছৰ ডালে পাতে পৰ্বতে পাহাৰ সকলোতে সিচি যায় সেউজীয়াৰ সুন্দৰতা। সুদূৰৰ পৰা দোকমোকালিতে ভাঁহি অহা কুলিৰ কু উ উ মাতে সকলোৰে হৃদয়ত এবাৰৰ বাবে হলেও এক হেন্দোলনি। বহাগৰ বিহুটিট বসন্তৰ আগমনে প্ৰকৃতিৰ বুকুত সিচি দিয়া সুন্দৰতা খিনিয়ে বিহুৰ আনন্দক এক অন্যান্য মাত্ৰা আৰু পূর্ণতা প্ৰদান কৰে। আঘোণ-পুহ মাহত কৃষকৰ দুই হাতেৰে গুজি দিয়া সোণালী ধানৰ মুঠিবোৰ যেতিয়া তেওঁলোকৰ ভৰালত জমা হয় তাৰ পিছতেই ভোগ আনন্দৰে ভোগালী বিহু পাতি কৃষক ৰাইজে বহাগ বিহুৰ সময়লৈ এইছোৱা সময় যথেষ্ট মুকলি মন লৈ আনন্দ উল্লাসেৰে পাৰ কৰে।  বহাগ বিহুৰ ৰং উছৱৰ লগে লগে আৰম্ভ হয় অসমৰ গঞা কৃষক ৰাইজৰ বছৰটোৰ বাবে পথাৰৰ সংগ্রামী যাত্রা। সেয়েহে এই বহাগ বিহুৰ সময়ছোৱাত যৌৱনা প্ৰকৃতিৰ অপৰূপ ৰূপ সুষমাৰ । সৈতে একাত্ম হৈ নাচি বাগি মনৰ সকলো ক্লান্তি আৰু অৱসাদ আঁতৰাই ৰাইজ পুনৰ সাজু হয়। নাঙলৰ সীৰত ধৰিবলৈ। সেইবাবে এই বিহুটিক বেছি ভাগেই আমি ৰঙালী বিহু বুলি কওঁ। বিহু সম্পূর্ণ কৃষিভিত্তিক উৎসৱ আৰু সেই বাবেই বিহুৰ লগত সংযুক্ত হৈ থকা বিভিন্ন লোকাচাৰসমূহত অসমীয়া সহজ সৰল গ্ৰাম্য  জীৱনৰ নিৰ্ভাঁজ ছবিখন ইয়াত পৰিস্ফুট হোৱা দেখা যায়।অসমীয়াৰ জাতীয় জীৱনৰ লগত  সাঙোৰ খাই থকা প্ৰতিটো বিহুৰ বিশেষ গুৰুত্ব আৰু মর্যাদা আছে। প্ৰকৃতিৰ বেলেগ বেলেগ সময়ত – অনুষ্ঠিত হোৱা তিনিওটা বিহুৰ লগত সুকীয়া বৈশিষ্ট আৰু পৰম্পৰা সাঙোৰ খাই আছে। ৰঙালী বিহু বা বহাগ বিহুত খোৱা লোৱা বা ভোগৰ আনন্দতকৈ ৰং আনন্দ সর্বাধিক। অসমৰ গাঁৱে ভূঞে বিভিন্ন অঞ্চলত সাত দিন জুৰি পালন কৰা এই ৰঙালী বিহুটিৰ লগত অঞ্চলভেদে কিছু সুকীয়া পৰম্পৰা সাঙোৰ খাই আছে যদিও গোটেই অসমব্যাপি সমূহীয়া পৰম্পৰা আৰু বৈশিষ্টৰ মাজেদি এই ৰঙালী বিহু পালন কৰা হয়। এই স্বকীয় বৈশিষ্টৰে ভৰা উপাদানসমূহৰ সমষ্টিকেই আমি সংস্কৃতি বুলি কওঁ। খুব সহজ ভাষাত মানুহ আচাৰ আচৰণ আৰু প্ৰকৃতিৰ সংশোধিত ৰূপটোৱেই হ’ল সংস্কৃতি। এটা জাতিৰ সংস্কৃতিয়ে তেওঁলোকৰ জীৱনধৰাৰ প্ৰায় সকলো দিশ যেনে ভাষা, মাত কথা, আচাৰ ব্যৱহাৰ খোৱা-লোৱাৰ প্ৰণালী, উৎসর পার্বণ আদি সকলো সামৰিলয়। জীৱনধৰণৰ সকলো দিশ প্রতিফলিত কৰা এই সাংস্কৃতি সেইবাবে সকলো জাতিৰ মেৰুদণ্ডস্বৰূপ, এই সাংস্কৃতিক উপাদানসমূহেই সেই জাতিটোক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়ে। সেয়েহে প্ৰতিটো সচেতন জাতিয়ে নিজৰ সাংস্কৃতিক পৰম্পৰা সমূহ ৰক্ষা কৰিবলৈ আৰু সাংস্কৃতিক উপাদানসমূহ বহল ভিত্তিত সকলোৰে আগত পৰিচিত কৰাই দিবলৈ সচেতন হৈ থাকে। বিশ্বৰ উন্নত জাতিসমূহে নিজৰ নিজৰ সাংস্কৃতিক উপাদানসমূহ সকলোতকৈ চহকী উপাদান বুলি গণ্য কৰে আৰু যথোচিত সন্মান আৰু মর্যাদাসহকাৰে সংস্কৃতি মানি চলিবলৈ সতকাই যত্নপৰ হোৱা দেখা যায়। সেইদৰে অসমীয়াৰ জনজীৱনত সংস্কৃতি বিহু উৎসৱ পালনৰ প্ৰতিও আছে প্রতিজন অসমবাসীৰ শ্ৰদ্ধাপূর্ণ দৃষ্টি আক তীব্র আকর্ষণ। প্ৰকৃতিৰ বেলেগ বেলেগ সময়ত অনুষ্ঠিত আৰু আয়োজিত তিনিওটা বিহু প্ৰতিজন অসমীয়াই সুকীয়া শৈলীৰে পালন কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। প্ৰতিটো বিহুৰ লগত জড়িত বেলেগ বেলেগ ধৰণৰ লোকাচাৰসমূহে মানুহক যে কেৱল আনন্দই দি আহিছে তেনে নহয়, এয়াই মানুহৰ মনত সামূহিক, সামাজিক ভাবানুভূতিৰ জন্ম দিয়ে। মনলৈ আনে ঐকা সম্প্ৰীতিৰ ভাৱ আৰু প্রতিজন ব্যক্তিকে নিজৰ নিজৰ সাংস্কৃতিক উপাদানসমূহৰ সৈতে পৰিচয় কৰাই দিয়ে। ৰঙালী বিহুত যদিও ভোগালী বিহুৰ দৰে ভাগৰ প্ৰাচুৰ্য্যতা নাই তথাপি গাঁৱে ভূঞে সাতদিন ব্যাপী চলা এই বিহুত আনন্দৰ প্ৰাচুৰ্য্যতা আছে। কেৱল যে মানুহৰ ৰং ৰইচৰ বাবে এই বিহু পালন কৰা হয় এনে নহয়। কিন্তু এই বিহুৰ পিছত কৃষিজীৱী অসমীয়া জনজীৱনত কৃষিকাৰ্য্যৰ শুভাৰম্ভ কৰা হয় বাবেই কৃষিৰ লগত সাঙোৰ খাই থকা গৰু গাই সকলৰ প্ৰতিও মৰম চেনেহৰ ভাব প্ৰকাশ কৰিবলৈ গৰু বিহু পালন কৰা হয়।

মানুহ বিহুৰ দিনাখন পুৱাই মাহ-হালধি গাত সানি গা পা ধুই নতুন বিহুৱান গাত লোৱা পৰম্পৰাই অসমীয়া জনজীৱনত অতীজৰ পৰাই চলি আছে। ইয়াত ধনী দুখীয়াৰ কোনো প্রভেদ নাথাকে। পৰিয়ালৰ আপোনজনক, আত্মীয়জনক হৃদয়ৰ আপোনজনক মনৰ ইচ্ছাৰে এখন নতুন বিহুৱান দিব পৰাটো প্ৰতিগৰাকী অসমীয়া বোৱাৰী জীয়ৰীৰ অন্তৰৰ কামনা, হৃদয়ৰ বাসনা। প্ৰতিগৰাকী অসমীয়া জীয়ৰী বোৱাৰীয়ে নিজে তাঁতশালত বৈ, সুন্দৰ আৰু নিপুন হাতৰ পৰশেৰে মন পছন্দৰ এখন বিহুৱান দিব পাৰিলেহে হৃদয়ৰ সন্তুষ্টি লাভ কৰে। অসমীয়া শিপিনীৰ জীয়ৰী বোৱাৰীৰ তাঁতশালত কাপোৰ বোৱা দক্ষতাৰ তুলনা নাই। সেইবাবে বহু যুগ আগতেই মহাত্মাগান্ধীয়ে অসমীয়া জীয়ৰী বোৱাৰীৰ বোৱা কটাৰ দক্ষতা দেখি অকপটে স্বীকাৰ কৰি গৈছিল যে ‘অসমীয়া শিপিনীয়ে তাঁতশালত পৰীৰ সপোন ৰচনা কৰে। আজিও তেওঁলোকে বহুজনৰ মাজত সেই অদ্বিতীয় আসনখন দখল কৰি আছে। মানুহ বিহুৰ দিনাখন মনৰ মানুহ গৰাকীয়ে মৰমৰ দীঘ আৰু চেনেহৰ বাণীৰে বৈ দিয়া বিহুৱান গাত লৈ জ্যেষ্ঠজনক সেৱা কৰি জ্যেষ্ঠজনৰ পৰা মৰম আৰু আর্শীবাদ গ্রহণ কৰি একেলগে জা-জলপান খোৱাটো বিহুৰ প্ৰকৃত পৰম্পৰা। বিহুধর্মীয় উৎসৱহে। কিন্তু পৰম্পৰাগতভাৱে পালন কৰা লোকাচাৰসমূহ ত কব নোৱাৰাকৈয়ে বহু আধ্যাত্মিকভাবো নিহিত হৈ আছে। এই বিহুৰ সময়ত অসমত থকা প্ৰতিটো জাতি-জনজাতিৰ ডেকা-গাভৰুৱে প্ৰাণঢালি গোৱা আৰু নচা বিহুগীত আৰু বিহুনাচসমূহে প্রতিজন অসমীয়া ব্যক্তিৰ মনত জগাই তোলে এক অনির্বাচনীয় পুলক আৰু হৃদয় জুৰোৱা শিহৰণ। এই বিহুগীতসমূহতো সহজ সৰলভাৱে বর্ণনা কৰা হয় বসন্তই প্ৰকৃতিৰ বুকুত সিঁচি দিয়া অপূর্ব সৌন্দৰ্য্যৰ সম্ভাৰ আৰু যৌৱন প্ৰাপ্ত ডেকা গাভৰুৰ ইগৰাকীৰ সিগৰাকীৰ প্ৰতি হৃদয়ৰ আকুল আহ্বান।

সময়ৰ লগে লগে ৰঙালী বিহুৰ ৰং আনন্দৰ ধাৰাটোৰ আজি বহু পৰিবৰ্তন হ’ল। আজি সময়ৰ পৰিবৰ্তনমুখী চিন্তাধাৰাৰ ফলতেই হওঁক বা আধুনিকতাৰ বাবেই হওঁক পথাৰৰ বিহু মঞ্চৰ বিহুত পৰিণত হ’ল। আগতে এটা সময় আছিল, মহিলাসকলে মুকলি মনেৰে পুৰুষ সমাজৰ আঁৰ লৈ পথাৰৰ নিৰ্জন ঠাইত গছৰ তলত জাক পাতি বিহু মাৰিছিল। মহিলাসকলৰ মাজত জেং বিহু আছিল অতি জনপ্রিয়। আজিৰ দিনত তাৰ বহু পৰিবৰ্তন আহিল। বিজ্ঞানৰ অগ্ৰগতি, মানুহৰ সংগ্ৰাম ভৰা জীৱনৰ ব্যস্ততা, আধুনিক শিক্ষা সমাজ ব্যৱস্থাৰ সমাজ ব্যৱস্থাৰ দ্ৰুত পৰিবৰ্তনে বহু সময়ত মানুহক ব্যক্তি কেন্দ্ৰিক কৰি তুলিছে। এইবোৰৰ কাৰণে উৎসৱ আনন্দত আগৰ দৰে প্ৰাণ চঞ্চলতা নাই। কিন্তু এইখিনিতেই উল্লেখযোগ্য যে উৎসৱৰ পাৰ্বণত মানুহৰ প্ৰাণত সন্ধান হোৱাৰ আনন্দ আৰু দৈনিক দেখা পোৱা ব্যতিক্রমীতাই মানুহক দিয়ে জীয়াই থকাৰ প্ৰাচুৰ্য্যতা আৰু সন্মোহিনী শক্তি। যৌথ পৰিয়ালসমূহত এই আনন্দ উৎসৱ মাত্রা অধিক হয়। কিন্তু অসমত বিছৰ সেই আনন্দ, বস্তুবোৰ এতিয়াও একেই আছেনে, আমি নিখুঁতকৈ জীয়াই ৰাখিব পাৰিছো নে বিছৰ এই ঐতিহ্যময় পৰম্পৰাক। আমি আমাৰ জীৱনলৈ এটা দশক আগতেই দেখা বিহুৰ সেই আনন্দ আৰু আজিৰ দিশৰ আনন্দৰ মাজত বহুত পার্থক্য দেখিবলৈ পাইছো।। সময়ৰ লগে লগে মানুহ চিন্তাধাৰাৰ পৰিবৰ্তন হয়। সময় আৰ সুবিধাৰ লগত সংগতি ৰাখি মানুহৰ সামাজিক উৎসৱ আৰু পৰম্পৰা পালনৰ ক্ষেত্ৰত কিছু নতুনত্ব আহি পৰিব পাৰে। আজি বিশ্বায়নৰ যুগত সময় আৰু সুবিধাৰ লগত সংগতি ৰাখি হোৱা পৰিবৰ্তনৰ লগত সকলোৱে খাপ খুৱাই ল’ব লাগে, কিন্তু আধুনিক দৃষ্টিভংগীয়ে মানুহৰ সাজ পোছাকৰ ক্ষেত্ৰত বাহ্যিকতা, পৰম্পৰা উৎসৱ পাৰ্বণৰ পাহৰি যোৱা অথবা নিজৰ ভাষাটোক হেয় জ্ঞান কৰাটো নুবুজায়। আধুনিক দৃষ্টিভংগীয়ে মানুহৰ সময় সাপেক্ষ চিন্তাধাৰাৰ পৰিবৰ্তনক বুজায়। আমাৰ নিজৰ বিহু উৎসৱটোক আমাৰ নিজৰ ৰাজ্যতেই মাজে মাজে অনাদৃত হোৱা যেন লাগে। বহুসময়ত গভীৰভাবে চিন্তা কৰিলে দেখা যায় যে যৌথ পৰিয়ালবোৰ ভাগি একক পৰিয়াল হোৱা ব্যৱস্থাটোৱে আমাৰ উৎসৰ পাৰ্বণ, সামাজিক পৰম্পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত বহুখিনি শিথিলতা আনি দিছে। নগৰীয়া পৰিয়ালসমূহতো পিতৃ মাতৃ দুয়োগৰাকীয়ে চাকৰিয়াল হোৱা বাবে বহুতেই এনেধৰণৰ উৎসৱ পালনত আগ্রহী হোৱা দেখা নাযায়। আমি সকলোৱে অৱশ্যে সময় সাপেক্ষ যুগৰ পৰিবৰ্তনক মানি ল’ব লাগিব কিন্তু সেই বুলিয়ে আধুনিকতাৰ মায়া জ্বালত নিজকে বন্দী কৰিব নালাগে। বিশ্বায়নৰ যুগত উন্নত প্ৰযুক্তিৰ বলত হোৱা দ্রুত পৰিবৰ্তনক আনি সকলোৱে স্বাগতম জনাব লাগিব। বিশ্বৰ দৰবাদত বিভিন্ন সামাজিক, সাংস্কৃতিক জীবনধাৰাৰ লগত নিজকে পৰিচিত কৰিব লাগিব। কিন্তু প্রথমতে নিজৰ জাতীয় সংস্কৃতিৰ উপাদানৰ স্বকীয়তা অটুট ৰাখিহে আনি আনৰটো গ্ৰহণ কৰিব লাগে। কিন্তু পৰিতাপৰ বিষয় এইটোৱে যে আমাৰ সমাজত এইটো হৈ থকা নাই। ইয়াৰ পৰিবৰ্তে আমেৰিকা, লণ্ডনত বাস কৰা প্রবাসী অসমীয়াই ধুমধামেৰে ৰঙালী বিহু পালন কৰাৰ লগতে আনুষ্ঠানিকভাবে পালন কৰা দেখা যায়। প্রবাসত থাকিও নিজৰ বিহু উৎসৱৰ সংস্কৃতিটো ৰক্ষা কৰিবলৈ তেওঁলোকে সদা সচেতন। তেওঁলোকেই চিনাকি কৰি দিছে বিশ্বদৰবাৰত বিহু নামৰ সংস্কৃতিতোক। অথচ আজি আমাৰ নিজৰ ৰাজ্যতে বহুসময়ত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বহুতেই বিহুৰ প্ৰতি কোনো আগ্রহ নেদেখুৱায়। বিহুৰ লগত জড়িত লোকাচাৰ হেপাহৰ বিহুগীত, বিহুনাচসমূহ শুনাৰ মুঠেই আগ্রহী নহয় ইয়াৰ এচাম লোক। বিহুগীত শুনিবলৈ, বিহুগীতৰ বিষয়ে জানিবলৈ নতুন প্ৰজন্মৰ অনেকৰ কোনো আকুলতা নাই। কিন্তু পাশ্চত্য সংস্কৃতি ৰক্ষা কৰিবলৈ যাওঁতে নিজৰ সংস্কৃতিৰ মাজেদি যোৱা উচিত। কেৱল নতুন প্ৰজন্মইয়ে নহয় তৰুণ প্রজন্ময়ো কিছু সচেতন হোৱা দৰকাৰ কেৱল কর্ম ব্যস্ততাৰ দোহাই দি নাথাকি অসমীয়াৰ নিজৰ জাতীয় জাতীয় কৃষি সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু আগ্ৰহ প্ৰকাশ কৰাটো ভাল। প্ৰতিটো উৎসৱ পাৰ্বণৰ সৈতে জড়িত সামাজিক ৰীতি লোকাচাৰসমূহৰ সৈতে চিনাকি কৰি দিয়াৰ দায়িত্ব এই তৰুণ প্ৰজন্মই ল’ব লাগিব। নিজে অসমীয়া বুলি ক’বলৈ, নিজৰ ভাষাটো শুদ্ধ আৰু সুন্দৰকৈ ক’বলৈ, নিজৰ জাতীয় পোছাকযোৰ পিন্ধি ভালপাওঁ বুলি ক’বলৈ পৰাটো অসমীয়াৰ বাবে গৌৰৱৰ কথাহে। আজি এই কর্মব্যস্ততাৰ মাজত, ৰাজহাঁড় পোনাবলৈ সময় নোপোৱা যুগত যদি বছৰটোৰ ঋতুকালীন এই উৎসৱসমূহৰ সময়ত আমি যদি নিজৰ সংস্কৃতিটোক মনত নেপেলাও তেন্তে কোনে কেতিয়া মনত পেলাব ? আনৰ সংস্কৃতি গ্রহণ কৰিবলৈ গৈ নিজৰ সংস্কৃতি আপোন হাততেই প্রবঞ্চিত হ’ব। আমাৰ ৰাজ্যৰ পৰাও যাতে আমাৰ বাপতি সাহোন স্বৰূপ বিহু নামৰ সংস্কৃতিটো লুপ্ত নহয় তাৰ বাবে সচেতন হ’ব লাগিব নতুন প্ৰজন্ময়। তেওঁলোকৰ জৰিয়তেহে অসমীয়া সংস্কৃতিৰ বিশাল বৰঘৰটোক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিবই লাগিব।

মানসী মিশ্ৰ