অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এক বিশেষ কাৰ্যসূচীৰ বাবে অসমলৈ আহিব।বিয়লি ৪ বজাত বৰঝাৰস্থিত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হ’ব। বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়লৈ যাত্ৰা কৰিব। দেৱালয়ত কামাখ্যাৰ আশীৰ্বাদ গ্ৰহণৰ পাছতেই তেখেতে উজানবজাৰলৈ যাব। বিয়লি ৪ বাজি ৩০ মিনিটত তেখেতে উজানবজাৰস্থিত বিজেপি উত্তৰ-পূৱ কাৰ্যালয় “পদ্ম ভৱন”ৰ শুভাৰম্ভণি কৰিব। এই শুভাৰম্ভনি অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু চাৰিগৰাকী মুখ্যমন্ত্ৰীৰ লগতে ৮ গৰাকী জিলা সভাপতিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি, পদ্ম ভৱনৰ শুভাৰম্ভণিৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় সভাপতিজনে বিয়লি ৫ বজাত মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত এখন কাৰ্যকৰ্তাৰ সভাও সম্বোধন কৰিব।