অসমত ৬৮ জন লোক নতুনকৈ কোভিডত আক্রান্ত

Pc WHO

ৰাজ্যত ৬৮ জন লোক নতুনকৈ কোভিডত আক্রান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ৬৮ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। আক্রান্ত হোৱা লোকসকলৰ ভিতৰত ৫৭জন লোক কামৰূপ মহানগৰৰ। যোৱা ২৪ ঘণ্টাত ৯০২ জন লোকৰ কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল। দিনটোত আক্ৰান্তৰ হাৰ হৈছে ৭.৫৪ শতাংশ। ৰাজ্যখনত সম্প্ৰতি সক্ৰিয় ঘটনা হৈছে ৩৬২টা।