অসমত স্থাপন হ’ব নতুনকৈ  ৫৭টা বেংক

pc- The Economic Times

অসমত স্থাপন হ’ব নতুনকৈ  ৫৭টা বেংক

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সংবাদ মেলত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ড° ভগৎ কিষাণ ৰাও কাৰাডে প্ৰকাশ কৰে যে অসমত অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত  ৫৭টা নতুন বেংক স্থাপন কৰা হ’ব। ৰাজ্যখনত জনসংখ্যা অনুপাতে বেংকৰ সংখ্যা কম হোৱা বাবে জনসাধাৰণে বিত্তীয় লেনদেনত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বাবে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। সংবাদ মেলখনত তেওঁ কয় যে গ্রামাঞ্চলত বেংকৰ নতুন নতুন শাখা খোলাত গুৰুত্ব দিয়া হৈছে। বেংকৰ জমাৰ পৰিমাণ ৫৫ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰা হৈছে।কম সুদত কেনেকৈ গ্ৰাহকক ঋণ দিব পৰা যায়, সেই বিষয়েও বেংক প্রতিষ্ঠানসমূহৰ সৈতে আলোচনা কৰা হৈছে। চৰকাৰী সুবিধাসমূহ হিতাধিকাৰীক বেংকৰ মাধ্যমেৰে দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ডিবিটি মাধ্যমেৰে সেই ধন আদায় দিয়া হয়। সমগ্ৰ দেশত ৩৫,৯৮৩ লাখ জনধন একাউণ্ট আছে। অসমতো যথেষ্ট জনধন একাউণ্ট আছে। ৰাজ্যখনত জনধন একাউণ্টৰ সংখ্যা আৰু বৃদ্ধি কৰা হ’ব। যিসকলৰ একাউণ্ট বন্ধ হৈ গৈছে তেওঁলোকৰ সেই একাউণ্টসমূহ পুলৰ খোলাৰ ব্যৱস্থা কৰা হʼব বুলি তেওঁ কয়। সংবাদ মেলখনৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী ড° কাৰাডে ৰাজ্যিক পৰ্যায়ৰ বিশেষ বেংকাৰ্ছ কমিটীৰ এখন বৈঠকত মিলিত হৈ ৰাজ্যখনৰ বেংকিং ব্যৱস্থা সম্পৰ্কত পর্যালোচনা কৰে।