অসমত ভ্রাম্যমাণ নাট প্ৰদৰ্শনী মুকলি

Motion Array

অসমত ভ্রাম্যমাণ নাট প্ৰদৰ্শনী মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা – ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ থকা ভ্রাম্যমাণ থিয়েটাৰৰ প্ৰসংগত প্রযোজক সকলৰে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ ইতিমধ্যে আলোচনা-বিলোচনা হোৱাৰ পাছত কিছু চর্ত সাপেক্ষে নাট্য দলসমূহৰ প্ৰদৰ্শনী মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ভ্ৰাম্যমাণ থিয়েটাৰ সমূহৰ নাট প্ৰদৰ্শনী মুকলি কৰি দিয়ে ৰাজ্য চৰকাৰে। এখন সংবাদ মেলযোগে দেৰগাঁৱত অসম চৰকাৰৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ঘোষণা কৰে।  সেই অনুসৰি অসমত ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্রাম্যমাণ নাট প্ৰদৰ্শনী মুকলি কৰা হৈছে আৰু নাট্যদলসমূহৰ লগতে আয়োজকসকলকো এই সম্পর্কত কিছু নীতি-নির্দেশনা বান্ধি দিয়া হৈছে ৷ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰতিগৰাকী শিল্পী, কলা-কুশলী আৰু আয়োজক সমিতিৰ প্ৰতিজন সদস্যই ল’ব লাগিব ক’ভিডৰ দুয়োপালি প্ৰতিষেধক। প্ৰতিষেধক লোৱাৰ প্ৰমাণ-পত্ৰ প্ৰশাসনক দাখিল কৰিব লাগিব। ইপিনে, কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্রমণ হোৱা ঠাইত ভ্রাম্যমাণ নাট প্ৰদৰ্শনীৰ অনুমতি দিয়া নহ’ব। এইক্ষেত্ৰত জিলা উপায়ুক্ত বা মহকুমাধিপতির বিশেষ দায়িত্ব থাকিব। থিয়েটাৰৰ প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব।