অসমত কালিলৈ অনুষ্ঠিত হ’ব ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

অসমত কালিলৈ অনুষ্ঠিত হব ৫টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ৫ টা বিধানসভা সমষ্টি ক্ৰমে ১১নং ধলাই, ৩১ নং চিদলী, ৩২নং বঙাইগাঁও, ৭৭নং বিহালী আৰু ৮৮নং চামগুৰি সমষ্টিত ইতিমধ্যে যোৱা ১৩ নৱেম্বৰত শান্তিপূৰ্ণভাৱে উপ-নিৰ্বাচনৰ ভোটগ্রহণ প্রক্রিয়া সমাপ্ত হয়। এই ৫ টা বিধানসভা সমষ্টিত ৩৪গৰাকী প্ৰাৰ্থীৰ বাবে সর্বমুঠ ১০৭৮ ভোটকেন্দ্ৰত প্ৰায় ৭৫.৬৭ শতাংশ ভোটাৰে ভোটদান কৰিছিল। প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণায়ক বেলটকাকতসমূহ কালিলৈ পুৱা ৮ বজাৰপৰা মুঠ ৫ টা ভোটকেন্দ্ৰত পৰীক্ষা কৰি গণনা কৰা হব। 

উল্লেখযোগ্য যে কালিলৈ ১১নং ধলাই বিধানসভা সমষ্টিৰ ভোটগণনা ৰামনগৰৰ আন্তঃৰাজ্যিক ট্ৰাক টাৰ্মিনেলৰ ভোটগৃহত, ৩১ নং চিদলী সমষ্টিৰ ভোটগণনা কাজলগাঁওস্থিত জিলা কেন্দ্ৰত, ৩২নং বঙাইগাঁও সমষ্টিৰ ভোটগণনা বঙাইগাঁও মহাবিদ্যালয়ত, ৭৭নং বিহালী সমষ্টি আৰু ৮৮নং চামগুৰি সমষ্টিৰ ভোটগণনা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ভোটগণনা কেন্দ্ৰ দুটাত অনুষ্ঠিত হব। ইতিমধ্যে পাঁচটা বিধানসভা সমষ্টিতে ভোটগণনাৰ প্ৰস্তুতি সম্পন্ন হৈছে।