অসমত ইছলামিক ষ্টেটৰ লক্ষ্যৰে জেহাদৰ পৰিকল্পনা ৰচিছিল বাহাৰ আৰু ৰাছেল মিঞাই

অসমত ইছলামিক ষ্টেটৰ লক্ষ্যৰে জেহাদৰ পৰিকল্পনা ৰচিছিল বাহাৰ আৰু ৰাছেল মিঞাই

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলক ইছলামিক ষ্টেটৰ অন্তৰ্ভুক্ত কৰিবলৈ দীর্ঘদিনৰ পৰা পৰিকল্পনা কৰিছিল দুই জেহাদী বাহাৰ মিঞা আৰু ৰাছেল মিঞাই। গুৰুত্বপূর্ণ কথাটো হ’ল জেহাদৰ এই বৃহৎ পৰিকল্পনাত অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ এটা বৃহৎ অংশও অন্তর্ভুক্ত হৈ আছিল। যোৱা ১৩ মে’ত গুৱাহাটী ৰে’ল ষ্টেচনত নাটকীয়ভাবে দুই জেহাদীয়ে অসম আৰক্ষীৰ এছ বিৰ হাতত কৰায়ত্ত হোৱাৰ পাছতহে এই পৰিকল্পনাৰ তথ্য পোহৰলৈ আহিছে। সম্প্রতি বিশেষ শাখাৰ কাহিলিপাৰাৰ মুখ্য কাৰ্যালয়ত বাহাৰ আৰু ৰাছেল মিঞাক চলোৱা মাৰাথন জেৰাৰ অন্তত বহু কথা পোহৰলৈ আহিছে। জেহাদৰ অন্যতম মূল হোতা খলিল মিঞাক বিচাৰি অসম আৰক্ষীয়ে যথেষ্ট তৎপৰ হৈ পৰিছে যদিও বর্তমানলৈকে খলিলৰ সন্ধান আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে যোৱা ১৩ মে’ত গুৱাহাটী ৰে’ল ষ্টেচনত বিশেষ শাখাই গ্ৰেপ্তাৰ কৰাৰ সময়তে জেহাদীদ্বয় বাহাৰ আৰু ৰাছেল মিঞাৰ সৈতে আৰক্ষীয়ে জব্দ কৰিছিল এটা পুস্তিকাৰ টোপোলা। আৰবী আৰু বাংলা মিশ্রিত ভাষাত বিভিন্ন বক্তব্য লিখা থকা পুস্তিকাকেইখনৰ পাঠোদ্ধাৰ, কৰিবলৈ সক্ষম হৈছে আৰক্ষী। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, আৰবী-বাংলা মিশ্রিত ভাষাৰে লিখা পুস্তিকাখনৰ ওপৰত ‘আল কায়দা ইন দ্য ইণ্ডিয়ান ছাব কন্টিনেন্ট’ বুলি উল্লেখ আছিল। ইছলাম ধৰ্মাৱলম্বীসকলৰ ধৰ্মীয় আবেগক ব্যৱহাৰ কৰি বাংলা ভাষাত লিখা হৈছিল বহুকেইটা উচটনিমূলক বক্তব্য। সূত্রটোৱে সদৰী কৰা মতে, মূলতঃ জেহাদ আৰু ইছলামিক ষ্টেট কিয় প্রয়োজন সেয়া পুস্তিকাখনত লিখা কথাবোৰৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছিল। সংখ্যালঘু যুবপ্রজন্মক বিভ্রান্ত কৰি জেহাদৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে প্রয়োজনীয় সকলো ধৰণৰ বক্তব্য উক্ত পুস্তিকাবোৰত লিপিবদ্ধ কৰা হৈছিল। জেহাদী নেতা খলিল মিঞাৰ নিৰ্দেশত জেহাদীদ্বয় বাহাৰ আৰু ৰাছেল মিঞাই অসমৰ সংখ্যালঘুপ্রধান অঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তত এই পুস্তিকাবোৰ বিতৰণ কৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। ভাৰতবৰ্ষৰ বিভিন্ন প্রান্তক ইছলামিক ষ্টেটৰ অন্তর্ভুক্ত কৰিবলৈ প্রচেষ্টা চলোৱা দুই জেহাদীয়ে অসমত সংগঠনটোৰ নেটৱৰ্ক শক্তিশালী কৰিবলৈ চামগুৰিৰ মতিউৰ ৰহমানৰ সহায় লৈছিল। বিশেষ শাখাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা বৃহৎ দলে দুই জেহাদীক লগত লৈ মতিউৰ ৰহমানক বিচাৰি চামগুৰিৰ কনুৱামাৰী গাঁৱত উপস্থিত হৈছিল। কিন্তু আৰক্ষী অহাৰ খবৰ পূৰ্বতে লাভ কৰি গৃহৰ পৰা পলাই গৈ নিৰাপদ স্থানত আত্মগোপন কৰিছিল মতিউৰে। উল্লেখ্য যে অসমত দীর্ঘদিন ধৰি চলি থকা জেহাদী কাৰ্যকলাপৰ আঁৰত থকা লোকক সর্বতোপ্রকাৰে বিভিন্ন গুৰুত্বপূর্ণ নথিপত্র তথা যোগাযোগৰ বাবে প্রয়োজনীয় ছিম কার্ড যোগান ধৰা অন্যতম লোক আছিল মতিউৰ ৰহমান। ২০২৩ চনত বিশেষ শাখাই এই অভিযোগতে মতিউৰ বহমানক গ্ৰেপ্তাৰ কৰিছিল যদিও একেটা বর্ষতে আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছিল মতিউৰে। অকল বাহাৰ মিঞাকে নহয়, অসমলৈ বিভিন্ন সময়ত অহা বিচ্ছিন্নতাবাদীসকলকো বিভিন্ন ধৰণে সহায় কৰিছিল মতিউৰে। বিনিময়ত তেনে লোকৰ পৰা লাভ কৰিছিল মোতা অংকৰ কমিছন। ধনৰ লোভতে মতিউৰে সন্ত্রাসবাদীক সহায় আগবঢ়াইছিল যদিও লাহে লাহে জেহাদৰ কৰাল গ্রাসতো মতিউৰে সোমাই পৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। যাৰ বাবে এই মুহূৰ্তত মতিউৰ ৰহমানক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে।