অষ্টমী, নৱমী আৰু দশমীৰ দিনটোত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত কেইবাজনো লোক হতাহত

pc The Sentinel Assam

অষ্টমী, নৱমী আৰু দশমীৰ দিনটোত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত কেইবাজনো লোক হতাহত

অনলাইন বাৰ্ত্তাসেৱা – দুর্গোৎসৱৰ আনন্দৰ মাজতে অষ্টমী, নৱমী আৰু দশমীৰ দিনটোত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত কেইবাজনো লোক হতাহত হৈছে। ৰঙিয়া, বঙাইগাঁও, হাওৰাঘাট, মৰাণ, চাবুৱা, ডিমৌ আৰু দেৰগাঁৱত সংঘটিত পথ দুর্ঘটনাত ১০জন লোক নিহত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পথ দুৰ্ঘটনাত মৰাণত এজন, চাবুৱাত এজন, দেৰগাঁৱত দুজন, ৰঙিয়াত এজন, বঙাইগাঁৱত দুজন, ডিমৌত দুজন আৰু হাওৰাঘাটত এজনকৈ লোকৰ মৃত্যু ঘটিছে।