অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েচনৰ বিক্ষোভ

অল আসাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছ’চিয়েচনৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুৎ গ্ৰাহক স্বাৰ্থবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ, বিদ্যুৎ সংশোধনী বিল, বেচৰকাৰীকৰণ আৰু বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে সৰ্বভাৰতীয় বিদ্যুৎ গ্ৰাহক সমিতিৰ আহ্বানত আজি সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো প্ৰতিবাদ দিৱস পালন কৰা হয়।অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ উদ্যোগত উলুবাৰীৰ ভলভো পয়েন্টত অৰ্ধশতাধিক গ্ৰাহকে হাতে হাতে দাবীসম্বলিত প্লেকাৰ্ড, ফেষ্টুন লৈ বিদ্যুতৰ মাচুল বৃদ্ধি বন্ধ কৰক, বেচৰকাৰীকৰণৰ চক্ৰান্ত বন্ধ কৰক, প্ৰিপেইড স্মাৰ্ট মিটাৰ বাতিল কৰক, বিদ্যুৎ সংশোধনী বিল প্ৰত্যাহাৰ কৰক আদি প্ৰতিবাদ স্থল শ্লোগানেৰে উত্তাল কৰি তোলে। পিছত প্ৰতিবাদকাৰী সকলক সম্বোধী বক্তব্য ৰাখে অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছনৰ অন্যতম ৰাজ্যিক আহ্বায়ক অজয় আচাৰ্য্যই।উল্লেখ্য, আজিৰ এই প্ৰতিবাদ দিৱস উপলক্ষে চাৰিদফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ ই মেইল যোগে ভাৰত চৰকাৰৰ বিদ্যুৎ মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়৷