অলৌকিক কাহিনীৰে ভৰপূৰ নেতাই ধুবুনী ঘাট – ইভা গন্ধীয়া ফুকন

PC - Wikipedia
অলৌকিক কাহিনীৰে ভৰপূৰ নেতাই ধুবুনী ঘাট
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড় 
ঐতিহ্যমণ্ডিত অলৌকিক কাহিনীৰে ভৰপূৰ ধুবুৰীৰ নেতাই ধুবুনী ঘাট । লখিন্দৰ বেউলাৰ কাহিনী সৰুৰে পৰা শুনি আহিছোঁ যদিও লখিন্দৰ বেউলাৰ কাহিনীৰ লগত এই নেতাই ধুবুনী ঘাট জড়িত এই কথা বহুতৰে বোধগম্য নহয়।কাল নাগে দংশন কৰা লখিন্দৰক কলৰ ভূৰ সাঁজি নদীত উটাই দিয়া হৈছিল লগত সতী বেউলা।নদীত উটি আহি থাকোতে বেউলাই লক্ষ্য কৰিছিল  এগৰাকী ধুবুনীয়ে কাপোৰ ধুই আছিল । কাপোৰ ধোৱা সময়ত তেওঁৰ দুষ্ট পুত্ৰই আমনি কৰি আছিল।যাৰ বাবে কাপোৰ ধুব পৰা নাছিল।তেওঁ দেৱতা সকলৰ কাপোৰ ধুইছিল।ধুবুনীয়ে কিবা মন্ত্ৰ মাৰি ল’ৰাটি মৃত কৰি ৰাখি নিজৰ কাম শেষ হোৱাৰ পিছত ল’ৰাটিক পুণৰ জীৱিত কৰি তুলিছিল।বেউলাই সেই কাৰ্য পত্যক্ষ কৰি আছিল।বেউলাই ভূৰখন ধুবুনীৰ ওচৰলৈ চপাই আনি কাকুতি মিনতি কৰিলে তেওঁৰ স্বামীক জীয়াই তুলিবলৈ।বেউলাৰ কাকুতি মিনতি শুনি  ধুবুনীয়ে কৈছিল যদি নৃত্য কৰি দেৱতা সকলক সন্তুষ্টি কৰিব পাৰে তেতিয়া লখিন্দৰ জী উঠিব । বেউলাই চৰ্ত মানি লৈছিল আৰু লখিন্দৰক জীয়াই তুলিছিল।সেই ধুবুনীৰ নাম নেতাই ধুবুনী।যি ঠাইত কাপোৰ ধোৱা কৰিছিল সেই ঠাই নেতাই ধুবুনী ঘাট নামেৰে জনাজাত।সেই ধুবুনী ঘাটৰ পৰাই ধুবুৰী নামৰ উৎপত্তি । আৰু তেওঁ যিচটা শিলত কাপোৰ ধুইছিল সেই শিলচটাও সংৰক্ষিত হৈ আছে।নেতাই ধুবুনী ঘাটত সতী বেউলা -লখিন্দ ,নেতাই ধুবুনী আৰু তেঁওৰ ল’ৰাটোৰ প্ৰতিমূৰ্ত্তি দেখা যায়। কাষতে এখনি ধুনীয়া পাৰ্ক।এই ঘাটত গদাধৰ , ব্ৰহ্মপুত্ৰ আৰু দহৰ বিলৰ মিলন ঘটিছে।এলাহাবাদৰ ত্ৰিবেণী সংগমৰ দৰে ।এই ত্ৰিবেণী সংগমত বিভিন্ন মাংগলিক কামৰ বাবে পানীতোলা আদি কাৰ্য কৰা দেখা যায়। মৃতকৰ আত্মাৰ স্বৰ্গ যাত্ৰাৰ বাবে ইয়াত শ ধোৱা কাৰ্য সমাপন কৰে।ভালকৈ লক্ষ্য কৰিলে তিনি নদীৰ ধাৰ বৈ থকা পৰিলক্ষিত হয় । নেতাই ধুবুনী ঘাটৰ সন্মুখতে পাঁচপীৰ দৰগাহ।এই দৰগাহলৈ সকলো ধৰ্মালম্বী লোকে মনৰ আশালৈ দৰ্শনৰ বাবে আহে । ওচৰতে বহু পুৰণি উপায়ুক্তৰ বাংলা।শিখ ধৰ্মৰ প্ৰৱতক গুৰু নানক দেৱৰ পদ ধুলাৰে পুণ্য ভূমিত পৰিণত হোৱা স্থান ধুবুৰী চহৰত অৱস্থিত শিখ সকলৰ উপাসনা স্থলী গুৰুদ্বাৰা। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ঐতিহাসিক গুৰুদ্বাৰা।সেই সময় চোৱাতে ১৫০৫ খ্ৰীষ্টাব্দত গুৰুনানক আৰু শ্ৰীমন্ত শংকৰদেৱৰ মিলন ঘটিছিল।১৬৬৭ খ্ৰীষ্টাব্দত নৱম শিখ গুৰু টেগবাহাদুৰজীয়ে সংগী সকলক লৈ ধুবুৰীত প্ৰবেশ কৰিছিল।আৰু গুৰুনানকৰ পদধুলা পৰা ব্ৰহ্মপুত্ৰ পাৰৰ এই সুন্দৰ স্থানতে বাহৰ পাতিছিল । টেগবহাদুৰজীয়ে ৰজা ৰাম সিংহ আৰু চক্ৰধ্বজ সিংহৰ মাজত সন্ধি কৰাইছিল । সেই সন্ধিৰ কাৰণে দুই পক্ষৰ সৈন্যই  টেগ বাহাদুৰজীৰ আদেশ অনুসৰি নিজৰ পাঁচ হাত মাটি দি এটা ওখ টিলাৰ নিৰ্মাণ কৰে ।ত্ৰিপুৰাৰ ৰজা ৰাম ৰায় নিঃসন্তান আছিল।টেগবহাদুৰজীৰ আশীৰ্বাদত ৰাম ৰায়ে এটি পুত্ৰ সন্তান লাভ কৰে । তেওঁৰ নাম আছিল ৰতন ৰায়।ৰতন ৰায়ে কৃতজ্ঞতা চিন স্বৰূপে গুৰু টেগবাহাদুৰজীৰ পুত্ৰ তথা  শিখৰ দশম গুৰু গোবিন্দ সিংজী মহাৰাজক কিছু উপহাৰ প্ৰদান কৰিছিল । সেই উপহাৰ সমূহ আছিল এটা প্ৰশিক্ষণ প্ৰাপ্ত হাতী, পাঁচ প্ৰকাৰে প্ৰয়োগ কৰিব পৰা এপাত যুদ্ধৰ অস্ত্ৰ, সোণৰ লেকাম লগোৱা পাঁচটা যুদ্ধৰ ঘোঁৰা আৰু লগতে অনেক মণি মুকুতা থকা যুদ্ধৰ পোছাক।গুৰু টেগবাহাদুৰজী ধুবুৰীত থকাৰ সময়ত গুৰুজনাৰ জনপ্ৰিয়তাত  ঈৰ্ষান্বিত হৈ প্ৰখ্যাত যাদুকৰনী নেতাই ধুবুনীয়ে টেগ বাহাদুৰজীক আক্ৰমণৰ লক্ষ্যৰে এচটা প্ৰকাণ্ড শিল মাৰি পঠিয়াইছিল।কিন্তু সেই শিলচটাই গুৰুজীৰ কোনো ক্ষতি সাধন নকৰি তেওঁ ধ্যানস্থ হৈ থকা স্থানৰ কিছু দূৰৈত থিয়ৈ থিয়ৈ আধা অংশ পোত যায়।সেই শিলচটা এতিয়াও তেনে অৱস্থাতে আছে । ধুবুৰীৰ ট্ৰেজাৰী অফিচৰ ওচৰত সংৰক্ষিত হৈ আছে ।তাৰ পিছত আক্ৰমণৰ উদ্দেশ্যে এডাল প্ৰকাণ্ড বট গছত উঠি যাদুকৰী তিৰুতাজনী গুৰুৰ ফালে আহিব ধৰে।কিন্তু গুৰুৰ  ইচ্ছানুসৰি তেওঁৰ পৰা কিছু দূৰৈত সেই গছজোপা ৰৈ যায়। গুৰুদ্বাৰাত সেই গছ এতিয়াও বিৰাজমান ।তেতিয়া সেই যাদুকৰী তিৰুতাজনীয়ে বুজি পাই যে গুৰু টেগবাহাদুৰজী কোনো সাধাৰণ মানুহ নহয় । সেয়ে তেওঁ গুৰুজীৰ শৰণাপন্ন হয় ।আৰু তেওঁৰ কৃতকাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে । গুৰুজনাই তেওঁত উদাৰতাৰে ক্ষমাদান কৰি ভৱিষ্যতে যাদুবিদ্যা প্ৰয়োগেৰে কোনো লোকক ক্ষতি সাধন নকৰিবলৈ পৰামৰ্শ দিছিল। লগতে তেওঁক আৰ্শীবাদ কৰিছিল, তোমালোকৰ বংশৰ পৰিচয়েৰে এই স্থান সদায় চিৰস্মৰণীয় হৈ ৰ’ব।নেতাই ধুবুনীৰ নামৰ পৰা “ধুবুৰী”। গুৰুদ্বাৰাত পুৱা সন্ধ্যা ভজন কীৰ্তনে মুখৰিত হৈ থাকে।ইয়াতে সকলো দৰ্শনাৰ্থীৰ বাবে লংগৰত (Langar) বিনামূলীয়া খোৱাৰ ব্যৱস্থা আছে । ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে লাগি থকা গুৰুদ্বাৰাৰ ফিৰ ফিৰীয়া বতাহ বৈ থকা আমেজে মন পবিত্ৰ কৰি ৰাখে ।তাতে শৰণাৰ্থী থকাৰ ব্যবস্থা আছে।এই অভাগীয়ো দুহেজাৰ তেইশ বৰ্ষৰ আগষ্ট মাহৰ দুই তিনি তাৰিখে এই স্থান সমূহ দৰ্শন কৰি ধন্য হ’লো ।