অলচেৰিংগা ২০২৫ – সংস্কৃতি আৰু সৃষ্টিৰ বুনন
বৈচিত্ৰ্যৰ উছৱ, প্ৰতিভাৰ উৎকৰ্ষতা – ২৯ সংখ্যক সংস্কৰণ
ৰঙিলী বাৰ্ত্তাসেৱা- আইআইটি গুৱাহাটীৰ প্ৰতিষ্ঠিত বাৰ্ষিক সাংস্কৃতিক মহোৎসৱ অলচেৰিংগাৰ ২৯ সংখ্যক সংস্কৰণ অহা ৩০ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী ২০২৫লৈকে অনুষ্ঠিত হ’ব। এবাৰ সৰু আয়োজন হিচাপে আৰম্ভ হোৱা এই উৎসৱ এতিয়া এটা বিশাল সাংস্কৃতিক উদযাপনলৈ ৰূপান্তৰিত হৈছে। প্ৰতিবছৰে প্ৰায় ১,৪০,০০০ ৰ আগমন পৰিসংখ্যাৰ লগতে ৫৫০তকৈ অধিক মহাবিদ্যালয়ে অংশগ্ৰহণ কৰে। অলচেৰিংগাই ভাৰতৰ পৰিসৰত এটা চিনাক্ত নাম হিচাপে পৰিগণিত হৈছে। চাৰি দিনৰ এই উৎসৱত উদযাপন আৰু বিনোদনৰ বিভিন্ন অনুষ্ঠান থাকে। তাত থাকে উত্তেজনাপূৰ্ণ ৰক পাৰ্ফৰ্মেন্স, মোহনীয় শাস্ত্ৰীয় অনুষ্ঠান, চৌকস ফেশ্বন শ্ব’, মনোগ্ৰাহী কুইজ, আৰু উদ্দীপনাৰে ভৰা ডিজে নাইট আদি।পিছৰ কেইবছৰৰ ভিতৰত, অলচেৰিংগাই বিনোদন জগতৰ কেইবাটাও নামজুঁই ব্যক্তিক উপস্থাপন কৰিছে। তাৰে এজন হৈছে অৰ্মান মালিক, বিশাল-শেখৰ, মিকা সিং, মহিত চৌহান, আমাল মালিক, ৱইড। আনহাতে আন্তঃৰাষ্ট্ৰীয় শিল্পী যেনে চাৰ্লছ বি, ইজৰাইলৰ ডেথ মেটেল বেংড অৰ্ফানড লেণ্ড, ছুইছ ফ’ক মেটেল বেংড ইলুৱেইটি, আইৰিছ বেংড চিঅ’ৰাছ আৰু ফ্ৰেণ্টিক জেকৰ লগতে শাস্ত্ৰীয় সুৰৰ প্ৰতিভাসমূহ যেনে শংকৰ-এহছান-লয়, কে কে, জাভেদ আলি, শ্বান, সোনু নিগম আৰু বীৰ দাশ উপস্থিত আছিল। অলচেৰিংগা ২০২৫ – এটা অপৰিসীম অভিজ্ঞতা আপোনাক অপেক্ষা কৰিছে৷ অলচেৰিংগা ২০২৫ৰ হৈ,মিডিয়া আৰু আউটৰিচৰ মুৰব্বি সুলভ নাপিতে এইবাৰৰ উৎসৱ সংস্কৃতি একত্ৰিত কৰা আৰু সৃষ্টিশীলতাক অনন্য উচ্চতালৈ নিয়া উদ্দেশ্যৰ বাট দেখুৱাব বুলি নিশ্চিত কৰিছে। অহা ৩০ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী ২০২৫ লৈ এই অনন্য শিল্পী মহিমা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ যাত্ৰাৰ অংশ হ’বলৈ আটাইকে আমন্ত্ৰণ জনাইছে৷