অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ

pc Economic Times

অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে সুখবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৩০ জুনৰ পৰা আৰম্ভ হ’ব অমৰনাথ যাত্ৰা।২০২০ চনত মহামাৰীৰ প্ৰাদুৰ্ভাৱ দেখা দিয়াৰ পিছত এয়া প্ৰথম অমৰনাথ যাত্ৰা।যাত্ৰীৰ সুবিধাৰ্থে যাত্ৰাৰ সময়ত সকলো শ্ৰেণীৰ পৰিবহণ সেৱা বৃদ্ধিৰ নিৰ্দেশ দিছে মোদী চৰকাৰে।ক’ভিড–১৯ৰ বাবে অতিৰিক্ত স্বাস্থ্য সতৰ্কতা অৱলম্বন কৰিব কেন্দ্ৰীয় চৰকাৰেঅমৰনাথ যাত্ৰীৰ বাবে মোদী চৰকাৰৰ বৃহৎ পদক্ষেপ।অধিক উচ্চতাৰ কাৰণে,স্বাস্থ্যৰ সমস্যা থকাসকলৰ বাবে চৰকাৰে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।যাতায়াত, থকাৰ ব্যৱস্থা, বিদ্যুত‍, পানী, যোগাযোগ আৰু স্বাস্থ্য সেৱাসহ প্ৰয়োজনীয় সকলো সুবিধাৰ বাবে পৰ্যাপ্ত ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে মোদীয়ে।অমৰনাথ তীৰ্থযাত্ৰীসকলৰ বাবে ৬,০০০ ফুটৰো অধিক উচ্চতাত পাব অক্সিজেন চিলিণ্ডাৰ আৰু মেডিকেল সুবিধা।স্থাপন কৰা হ’ব ম’বাইল টাৱাৰ। জৰুৰীকালীন অৱস্থাত এম্বুলেঞ্চ আৰু হেলিকপ্টাৰো মোতায়েন কৰা হ’ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে নতুন দিল্লীত বাৰ্ষিক তীৰ্থযাত্ৰাৰ পৰ্যালোচনা কৰাৰ পিছত দুখনকৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে।