অম্বুবাচী মেলাৰ বিষয়ে কিছু কথা – লখিমী শৰ্মা

অম্বুবাচী মেলাৰ বিষয়ে কিছু কথা 
লখিমী শৰ্মা 
অম্বুবাচী হিন্দুুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ । আৰম্ভ হয় আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্থ পাদ , প্ৰবৃত্তি । শেষ হয় আহাৰ মাহত আদ্যা নক্ষত্ৰৰ প্ৰথম পাদ , নিবৃত্তি ।  আহাৰ মাহত জুন মাহৰ মাজভাগত আৰম্ভ হয় ইয়াৰ প্ৰবৃত্তি । জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনিপদ শেষ হ’লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী আই ঋতুমতী হয় । এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।অম্বুবাচীৰ নিয়ম সমূহ  : অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা , চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় । অম্বুবাচী সমগ্ৰ উত্তৰ – পূব ভাৰততে পালন কৰা হয় । অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য  সম্পন্ন কৰা নহয় । এই সময়ছোৱাত মঠ – মন্দিৰৰ দুৱাৰ সমূহ বন্ধ থাকে ।শস্য ৰোৱা , খন্দা আদি কাৰ্যৰ পৰা বিৰত থকা দেখা পোৱা যায় অম্বুবাচীৰ এই সময়ছোৱাত ।এই অম্বুবাচীৰ সময়ত বিধৱা সকলে বা মাহেকীয়া হোৱা সকলক মাটিত থকা খাদ্য বা পানী আদি খাব দিয়া নহয় । ওপৰত ৰাখি থোৱা খোৱা খাদ্য বা পানী আদি খাবলৈ দিয়া দেখা পোৱা যায়।ব্ৰতত থকা লোকসকলক বিশেষকৈ বিধৱা সকলক ফল – মূল , বুট – মগু , গাখীৰ আদি মানুহে  দি অহাও দেখিবলৈ পোৱা যায় এই অম্বুবাচীৰ সময়ছোৱাত ঘৰুৱা নীতি – নিয়মৰ ক্ষেত্ৰত মাটিত কোনো ধৰণৰ আচাৰ বা টেঙা জাতীয় সামগ্ৰী ,  খোৱা খাদ্য আদি আৰু লোহাৰ সামগ্ৰী ৰখা নহয় । এই অম্বুবাচী মেলাৰ সময়ত দেশ – বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় নীলাচল পাহাৰত অৱস্থিত , শ্ৰী শ্ৰী মাঁ কামাখ্যা দেৱীৰ মন্দিৰত ।অম্বুবাচীৰ শেষৰ দিনা অৰ্থাৎ সমাপ্ত হোৱাৰ দিনা বাচন – বৰ্তন , কাপোৰ আদি ধুই  পেলোৱা হয় আৰু সেইবোৰত শান্তি পানী চটিওৱা হয় । এই সকলো শুদ্ধিৰ কাম কৰাৰ  পিছত আৰু প্ৰয়োজনীয় ৰীতি – নীতি সমূহ সম্পূৰ্ণ কৰাৰ পাছত কামাখ্যা দেৱীক প্ৰাৰ্থনা কৰা হয় । এই সকলোবোৰৰ পাছত মঠ – মন্দিৰত প্ৰৱেশ কৰাটো শুভ বুলি জ্ঞান কৰা হয় ।  অম্বুবাচী মেলা হৈছে পূব ভাৰতৰ সৰ্ববৃহত সমাৰোহ । কামাখ্যা মন্দিৰৰ ই এক অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু প্ৰতিবছৰে জুন মাহত ইয়াক অতি ধূমধামেৰে পালন কৰা দেখা পোৱা যায় । এই উৎসৱ হৈছে প্ৰধানকৈ কঠোৰ ধৰ্মীয় ৰীতি – নীতি , শক্তিমূলক কাৰ্য্যকলাপৰে উদযাপন কৰা এক উৎসৱ বিশেষ । কামাখ্যাই মাঁ প্ৰথা , শক্তিক সূচাই বুলি বিশ্বাস কৰা হয় । এই সময়ছোৱাক মাঁ – কামাখ্যাৰ ৰজস্বলাৰ সময় বুলি জ্ঞান কৰা হয় । ইয়াৰ শেষৰ দিনা আনুষ্ঠানিক ভাৱে মন্দিৰৰ দুৱাৰ খুলি দিয়া আৰু মন্দিৰ চৌহদত সেইদিনাই এক বিশাল মেলাৰ আয়োজন কৰা হয় ।অম্বুবাচীৰ অৰ্থ হৈছে পানীৰ সৈতে উচ্চাৰণ কৰা আৰু এই মাহত বৰষুণ অহাৰ সম্ভাৱনাকো বুজোৱা হয় । অম্বুবাচীৰ দিন কেইদিনা বৰষুণ অহাটো নিশ্চিত।এইদৰেই অম্বুবাচীৰ এক স্বকীয়তা আছে , কৃষি – সমাজ আৰু ধৰ্মীয় আদৰ্শৰ গঠনমূলক প্ৰভাৱে এই পৰিঘটনা বাস্তৱ হোৱাৰ ক্ষেত্ৰত অৰিহনা যোগাইছে । এইদৰে ধৰ্মীয় পন্থীয়ে সহাৰি জনোৱা এই এক প্ৰতিকী স্বৰূপ । তান্ত্ৰিক সাধনাৰ ক্ষেত্ৰত কামাখ্যা এক অপ্ৰতিদণ্ডি কেন্দ্ৰ  স্বৰূপ । ইয়াত এক তান্ত্ৰিক সমাজো আছে যি তেওঁলোকৰ গুৰুত্বপূৰ্ণ ৰাজেশ্বৰী পূজাও উদযাপন কৰে ।প্ৰতিবছৰে ধূমধামেৰে উদযাপন কৰা শক্তিপীঠ মাঁ কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ কথাই অতুলনীয় ।