কবিতাৰ শিৰোনাম
অম্বুবাচী
পাৰুল বৈশ্য
গুৱাহাটী
হে মাঁ কামাখ্যা দেৱী
ভাৰতবৰ্ষৰ ৫১ খন
দেৱীপীঠৰ ভিতৰত তুমিওঁ
এখন গুৰুত্বপূৰ্ণ দেৱীপীঠ।
তোমাৰ বুকুত প্ৰতি বছৰে
হিন্দু ধৰ্মাৱলম্বী লোকে,
পালন কৰি আহিছে
অম্বুবাচীৰ নিচিনা পবিত্ৰ উৎসৱ।
আহাৰ মাহৰ মৃগশিৰা নক্ষত্রৰ
তিনিপদ শেষ হ’লে আদ্ৰা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিবী ঋতুমতী হয় বাবে—-
এই সময়ক কোৱা হয় অম্বুবাচী।
এই দুই বছৰ কৰ’না ভাইৰাছৰ বাবে অলপ ব্যতিক্রম হৈছে যদিওঁ
তোমাৰ দৰ্শন আৰু আনন্দত
ভাগ ল’বলৈ দেশ-বিদেশৰ পৰা ভক্ত সকল অহাৰ ফলত তেওঁলোকৰ মাজত সম্প্ৰীতি আৰু
সমন্বয়ৰ ভেটি গঢ়ি উঠিছে।
ষাঁঠ, আমতি বা আমেতি আদি নামেৰে কামাখ্যাকেন্দ্ৰিক অম্বুবাচী উৎসৱলৈ মানুহৰ সোঁতে ভক্তি ৰসৰ এক অনাবিল আনন্দ
প্ৰদান কৰি ,সম্পৰ্কৰ সেতুৰ
বন্ধন মজবুত কৰে।
এই আমতিৰ পিছতে ধৰিত্ৰী
শস্য শ্যামলা হয়।
এই খিনি সময়ত কৃষি কাৰ্য, কোৰ
ক’দাল আদিৰ কাম নিষিদ্ধ হয়।
মন্দিৰৰ দুৱাৰ খোলাৰ পিছত
দেৱীপীঠৰ পৰা অনা ৰক্ত বস্ত্ৰ
পৰিধান কৰি অভীষ্ট সিদ্ধি হোৱাৰ কামনা কৰে।
কামাখ্যা ধামৰ অম্বুবাচী মেলাই
আন্তর্জাতিক আৰু জাতীয় সম্প্রীতিত ভালে খিনি
অৰিহণা যোগাইছে।
জয় মাঁ কামাখ্যা। 🙏🙏