অমৃত মহোৎসৱ
ভাৰতৰ আমি সকলো সন্তান,
ভাৰতৰ আমি সকলো প্ৰাণ।
ভাৰতীয় বুলি সকলোৱে কৰোঁ গৌৰৱ,
পালন হৈছে স্বাধীনতাৰ অমৃত মহোৎসৱ।
ঘৰে ঘৰে উৰিছে জাতীয় পতাকা,
উৰি-উৰি কৈছে ভাৰতৰ কথা
ঘৰ কাৰ্যলয়,সকলোতে হৈছে পালন,
উলাহিত হৈছে ভাৰতীয়ৰ মন।
মনত পেলোৱা সেই ভাৰতৰ ইতিহাস,
স্বাধীন হবলৈ কিমান যে কৰিছিল প্ৰয়াস।
কত শ্বহীদৰ ফাঁচী হৈছে,
কত শ্বহীদৰ হিয়াত তেজৰ ধল বৈছে।
শ্বহীদ সকলতো এতিয়া নাই,
মোহৰা চকুলো হিয়াৰ আই।
মৰিলেও শ্বহীদ সকল সদায়ে অমৰ,
অমৰ সন্তান স্বাধীন ভাৰতৰ।
শ্বহীদ সকলৰ কৰ্ম স্মৰণীয়,
স্বাধীন ভাৰতৰ আমি স্বাধীন ভাৰতীয়।
ত্ৰিৰঙ্গা নীল গগনত আনন্দেৰে উৰে,
ত্ৰিৰঙ্গাক লৈ সকলোৱে গৌৰৱ কৰে।
কত যে ভাৰতত সংগ্ৰাম হৈ গ’ল,
ভাৰতৰ সংস্কৃতি-ভাষাৰ ৰক্ষা হ’ল৷
শ্বহীদ সকলৰ দৰে বাৰু ক’ত ৰতন পাম,
শ্বহীদ সকলক জনালোঁ সহস্র-কৌটি প্রণাম।
প্ৰণামো অজেয় নৱ যোৱান,
প্ৰণামো ভাৰতৰ সকলো সন্তান।
আহক ভাৰত ৰক্ষাৰ আমি ৰাখোঁ প্ৰতিশ্ৰুতি,
বিশ্বত ভাৰতৰ নাম থাকক জিলিকি।
-নিতিষ্মান দাস
অষ্টম শ্রেণী