অভিনেত্ৰী,সৰবৰহী মহিলা ৰঞ্জু চক্ৰৱৰ্তীৰ মৃত্যু

অভিনেত্ৰী,সৰবৰহী মহিলা ৰঞ্জু চক্ৰৱৰ্তীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ পোৰাকুছিৰ অভিনেত্ৰী,সৰবৰহী মহিলা ৰঞ্জু চক্ৰৱৰ্তীৰ ৮ জুলাইত নিজ বাসগৃহত কেঞ্চাৰ ৰোগত চিকিৎসাধীন অৱস্হাত মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ৷তেওঁ এজন সহজ-সৰল,নিৰ্জু,অমায়িক স্বভাৱৰ মহিলা আছিল৷চক্ৰৱৰ্তীৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷তেওঁ ভানুকুছি তৰুণ সংঘৰ নাট্য মঞ্চৰ এগৰাকী প্ৰতিভাৱান অভিনেত্ৰী আছিল৷মৃত্যুৰ আগলৈ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল৷তেওঁ বহুদিন ধৰি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল৷মৃত্যুৰ সময়ত স্বামী,জী,জোঁৱাই,নাতিসহ অনেক গুণমুগ্ধক এৰি যায়৷