অভিনেতা কিশোৰ দাস আৰু নাই

অভিনেতা কিশোৰ দাস আৰু নাই

ৰঙিলী বাৰ্ত্তাসেৱা-  বহু চেষ্টাৰ পিছতো অসমবাসীক কন্দুৱাই গুচি গ’ল কিশোৰ দাস। দীৰ্ঘদিন ধৰি জটিল ৰোগত ভুগি অসুস্থ হৈ থকা অভিনেতা কিশোৰ দাসে অৱশেষত এই পাৰ্থিৱ জীৱনৰ পৰা বিদায় মাগিলে।অতি কম সময়তে অসমৰ ৰাইজৰ আপোন হৈ পৰা কিশোৰৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক জগতখনতে শোকৰ ছাঁ পৰিছে।ব্লাড কেন্সাৰত আক্ৰান্ত অভিনেতা কিশোৰ দাস শেহতীয়াকৈ ক’ভিডতো আক্ৰান্ত হৈছিল।অতি দুৰ্বল হৈ থকা কিশোৰক ক’ভিডেই মৃত্যুৰ মুখলৈ ঠেলি দিলে বুলিও অনুৰাগীসকলৰ মাজত চৰ্চা চলিছে।কিশোৰ দাসে ৩০০ তকৈও অধিক সংগীত ভিডিঅ’ত অভিনয় কৰিছে।যাৰ ভিতৰত তেওঁৰ এটা চুপাৰ হিট গান “তুৰুত তুৰুত” অসমৰ শীৰ্ষ দৰ্শন ভিডিঅ’ হৈ পৰিছিল।নৃত্য কৰি ভাল পোৱা কিশোৰে কেইবাটাও ৰাষ্ট্ৰীয় টেলিভিছন চেনেলত হোৱা ৰিয়েলিটি শ্ব’ত অ’ডিশ্বনো দিছিল।তেওঁ ২০১৯ চনত “কেণ্ডিড ইয়ং এচিভমেণ্ট এৱাৰ্ড” আৰু এছিয়ানেট আইকন বঁটাত “আটাইতকৈ জনপ্ৰিয় অভিনেতা ২০২০-২০২১” লাভ কৰিছিল।মণ্টু মণিৰ জনপ্ৰিয় গীত ‘চেলফী লে লে ৰে’ ৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰা কিশোৰে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া ছবিতো অভিনয় কৰিছিল।কিশোৰ দাসৰ অভিনীত প্ৰথম খন ধাৰাবাহিক হ’ল “বিধাতা”।কেইবাজনো জনপ্ৰিয় সংগীত শিল্পীৰ গানৰ ভিডিঅ’ৰ অতি চিনাকী মুখ হৈ পৰা কিশোৰে ২০১৪ চনৰ পৰা অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিছিল।উল্লেখযোগ্য যে,কিশোৰৰ অন্তিমখন ছবি মুক্তি পাইছিল যোৱা ২৪ জুনত।‘দাদা তুমি দুষ্ট বৰ’ ছবিত অন্তিম অভিনয় কৰিছিল কিশোৰ দাসে।