অভিজ্ঞতা- সংযুক্তা দত্ত

Pc Pearson

অভিজ্ঞতা

জীৱনত অভিজ্ঞতা লাভ কৰাটো অতি প্ৰয়োজনীয় । আমি যেতিয়া কিছুমান কাম কৰোঁ তেতিয়া আমাৰ সেই কামটোৰ পৰা লাভ হওঁক বা নহওঁক কিন্তু অভিজ্ঞতা নিশ্চয় হয়। প্ৰতিটো কামেই আমাক কিছুমান অভিজ্ঞতা দি থৈ যায়। আৰু সেই অভিজ্ঞতাৰ পৰা হে আমি বেলেগ এটা কাম কৰিবলৈ উৎসাহ পাওঁ। যেতিয়া এজন বয়োজেষ্ঠ ব্যক্তিয়ে কথা কৈ থাকে আমি কথাখিনি শুনিব লাগে । কাৰণ তেওঁলোকে অভিজ্ঞতা ফালৰ পৰা হে কিছুমান কথা কয়। সেই কাৰণেই কিছুমান লোকক কোৱা হয় কিছু অভিজ্ঞতাৰ অভিব্যক্তি বুলি। যেতিয়া নতুন ঠাই এডোখৰলৈ ফুৰিবলৈ যোৱা হয় তেতি য়াও মানুহৰ বহুত অভিজ্ঞতা হয়। এজন মানুহৰ পৰা পোৱা কিছুমান অভিজ্ঞতাই আমাক কেতিয়াবা বহুত সহায় কৰে। কিন্তু নিজৰ পৰা পোৱা অভিজ্ঞতাই হে জীৱনত আগুৱাই যোৱাত সহায় কৰে।

সংযুক্তা দত্ত
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়