অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত ধিং অঞ্চল

অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত ধিং অঞ্চল

 আদিলুৰ ৰহমান,টুকটুকী,ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি নগাঁও জিলাৰ ধিং থানাৰ এলেকাধীন বিলতীয়া, টুকটুকী, পানবাৰী, ধুপগুৰি ,মাৰ্কেডিং আদি ঠাইত অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে। টুকটুকীত দীৰ্ঘ দিন ধৰি এটা দুষ্ট চক্ৰই ড্ৰাগছৰ ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে। দিনে নিশাই বৃহত্তৰ টুকটুকীৰ অলিয়ে-গলিয়ে চক্ৰটোৱে চলাই গৈছে মাৰাত্মক ড্ৰাগছৰ। ব্যৱসায় । গুৰু গোহাঁই নমনা উক্ত দুষ্ট চক্ৰটোৱে দিনে নিশাই চলাই আছে অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। টুকটুকী অঞ্চলৰ শতাধিক ৰাইজে তিনিমাহ পূৰ্বে স্বাক্ষৰ কৰি দুষ্ট চক্ৰৰ বিৰুদ্ধে আহোমগাঁও আৰক্ষী পহৰা চকীত লিখিত অভিযোগ দিয়াৰ পিছতো আৰক্ষীয়ে চকু মুদাৰ কুলিৰ ভাও ধৰা পৰিলক্ষিত হৈছে। টুকটুকী অঞ্চলৰ ৰাইজে জিলা আৰক্ষীৰ হস্তক্ষেপ বিচাৰিছে। ইপিনে ধিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিটু দাসে এক গোপন সূত্ৰৰ পাম খেদি যোৱা নিশা ধিঙৰ বিলতীয়া গাঁৱৰ আজাদুৰ আলী ওৰফে গাঁওবুঢ়াক আটক কৰে ।আজাদুৰৰ পৰা আৰক্ষীয়ে ২৪টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচৰ সৈতে এখন বিলাহী বাহনো জব্দ কৰে। আৰক্ষীয়ে জানিব দিয়া মতে জব্দ কৰা ড্ৰাগছ খিনিৰ বজাৰ মূল্য আনুমানিক চাৰি লাখ বিশ হাজাৰ টকা। ড্ৰাগছ সৰবৰাহকাৰী আজাদুৰ আলীক আৰক্ষীয়ে মাৰথান জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।