অবুজ প্ৰেম – এছ  ইছলাম

PC - Allpicts
অবুজ প্ৰেম 
এছ  ইছলাম, বৰপেটা
তুমি মোৰ লগৰীয়া
ময়ো তোমাৰ সমনীয়া
“অকণিৰ কুঁহিপাঠ “
কিতাপখন হাতত লৈ
গৈছিলোঁ পঢ়াশালি লৈ ।
দুয়োজন একেলগে
হাতে-হাত ধৰাধৰিকৈ
নিতৌ যাওঁ পঢ়াশালিলৈ
তুমি এদিন নগ’লে মই
পঢ়াশালি লৈ যোৱা নাই ।
তুমি মোৰ ডিঙি চুই
চুমা দিছিলা মোলৈ চাই
হাঁহি হাঁহি প্ৰতি-চুমা দিছিলোঁ মই
তোমাৰ বাবে অপেক্ষা কৰিছিলোঁ
আমি একেলগে বহিছিলোঁ
পঢ়াশালিলৈ গৈ।
আজিও মনত পৰে
সেই ল’ৰালি কালৰ কথা
মোৰ হৃদয়ত লাগে বৰ ব্যথা
তোমাৰ-মোৰ সেই প্ৰতিচ্ছবি
তুমি হয়তো পাহৰিলা নেকি
ল’ৰালি কালত দিয়া সেই ফাঁকি?