” অপৰূপা “
“অপৰূপা”তাইৰ নাম। সঁচাই তাইৰ নামটো বৰ ধূনীয়া। তাই দেখাটো ধুনীয়া আৰু কামে কাজেও বৰ ভাল ছোৱালী। লাহে লাহে তাই গাভৰু হ’ল। তাইৰ ৰূপ লাবণ্যই গাওঁৰ সকলোকে মোহিত কৰিব ধৰিলে। গাওঁৰ ডেকা ল’ৰাবোৰ তাইৰ কাৰনে বালিয়া আছিল। তাই চহৰৰ কলেজ এখনত ডিগ্ৰী পঢ়ি আছিল। এদিন অপৰূপাই লগৰ ছোৱালী এজনীৰ বিয়া খাবলৈ গৈছিল চহৰলৈ । বিয়াত চহৰৰ ল’ৰা এজনৰ চকুত অপৰূপাৰ ৰূপ লাবণ্যই ধৰা দিলে। সি তাইৰ মাক দেউতাকক লগ পাব বিচাৰিলে অপৰূপা হঁতৰ ঘৰৰ অৱস্থা ইমান ভাল নাছিল। কোনোমতে খায় বৈ চলি থকা । কেইদিনমানৰ পিছত ল’ৰাটো অপৰূপা হঁতৰ ঘৰলৈ আহিলে। তাই তাক দেখি আচৰিত হ’ল। তাই ভাবিছিল সি এনেয়ে তাইৰ ঘৰৰ কথা শুধিছে। এনেকৈ আহি ওলাবহি বুলি তাই ভবাই নাছিল। অপৰূপাই ল’ৰাজনক বহিবলৈ দি মাক দেউতাকক মাতি দিলে। তাই ল’ৰাজনক চাহ , জলপান আৰু তামোলেৰে আপ্যায়ন কৰিলে। কথাৰ চলেৰে সি মাক দেউতাকক তাইক বিয়া কৰাৰ প্ৰস্তাৱ দিলে। মাক দেউতাকেও চহৰৰ ধনী ঘৰৰ এটাই ল’ৰা , গাড়ী গুৰা থকা , তাই ও সুখত থাকিব বুলি বিয়া দিয়াৰ সিদ্ধান্ত ল’লে। তাইৰো সন্মতি বিছাৰিলে মাক দেউতাক আৰু ল’ৰাটোৱে। তাইৰ আপত্তি নাই বুলি সন্মতি জনালে বিয়াখনত । এমাহৰ ভিতৰতে অপৰূপাৰ বিয়া হৈ গ’ল। বিয়া খন অনুষ্ঠুপিয়াকৈ পাতিলে। দৰা ঘৰত খুবা খুবিৰ দিনা অভ্যৰ্থনাৰ আয়োজন কৰিলে।বহুতো মানুহ হৈছিল অভ্যৰ্থনাত। তাইক বৰ ধূনীয়া লাগিছে বুলি অভ্যৰ্থনালৈ অহা সকলো মানুহে কৈছিল। বিয়াৰ এবছৰ মান ভালেই গৈছিল। তাৰপিছত শহুৰ শাহুয়েকে নাতি পুতি অহাতো বিছাৰিলে।কাৰন তেওঁলোকৰ ল’ৰা এটাই। আগলৈ বংশটো কেনেকৈ ৰক্ষা পৰিব তাৰ কাৰণে সন্তানৰ কথা চিন্তা কৰিবলৈ ক’লে । কিন্তু বহু চেষ্টা কৰিও ল’ৰা ছোৱালী নোহোৱাৰ কাৰনে শহুৰ শাহুয়েকে তাইকেই দোষ দিবলৈ ধৰিলে। সদায় সদায় একেবোৰ কথা শুনি শুনি তাই অতিষ্ঠ হৈ পৰিছিল। তাই ভগৱানক সদায় কয় , মোক কিয় ইমান দূখ দিছা প্ৰভু। মোক যেনেতেনে সন্তান এটাৰ মুখ দেখুৱাই দিয়া। মোক মাতৃত্বৰ পৰা বঞ্চিত নকৰিবা। এগৰাকী ভুক্তভোগী মাতৃয়েহে যানে মাতৃত্ব নোহোৱাৰ যন্ত্ৰণা। এদিন অপৰূপাৰ স্বামীৰ বন্ধু এজন তাহাঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিল। কথাৰ মাজত এই কথাটো ওলাল। তেতিয়া বন্ধুজনে ক’লে তোমালোকে পৰিক্ষা কৰি লোৱা। তেতিয়া গম পাবা কাৰ দোষ আছে। পৰিক্ষা নিৰিক্ষা কৰি গম পালে যে অপৰূপাৰ দোষ নাই , গিৰিয়েকৰহে দোষ আছে। তথাপি শহুৰ শাহুয়ে তাইকেই দোষ দি থাকে। তাই মানসিক অশান্তিত থাকিব নোৱাৰা হ’ল । তেনেকৈ ২ বছৰমান থাকি তাই মাকৰ ঘৰলৈ গুছি আহিল। তাইক দেখি গাঁৱৰ মানুহে বু বু , বা বা কৰিবলৈ ল’লে। আমাৰ সমাজত এইটো চিৰাচৰিত কথা। লোকৰ কথাৰ শুং লৈ থকা এচাম মানুহেই আছে। আনৰ দোষ গুন বখানি বৰ ভাল পায়। লাহে লাহে মাক দেউতাকেও গাওঁৰ মানুহ বোৰৰ কথাবোৰ শুনি অশান্তি পাবলৈ ধৰিলে। তাইৰ কানটো কথাবোৰ আহি পৰিলে । তাই আকৌ ভাবি আছিল গিৰিয়েক এদিন আহিব তাইক নিবলৈ। কিন্তু সি নাহিল তাইক ঘুৰাই নিবলৈ। অৱশেষত তাই ভাবিলে মই থাকিলে এই গাওঁৰো অশান্তি আৰু মাক দেউতাকৰো অশান্তি হ’ব। সেইকাৰণে তাই সিদ্ধান্ত ল’লে তাই চহৰত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী আশ্ৰমত থকাৰ। তাইৰ সিদ্ধান্তক মাক দেউতাকে প্ৰথমে আপত্তি কৰিছিল আৰু কৈছিল তই আকৌ বিয়াত বহ। কিন্তু তাইৰ মনটোৱে নামানিলে পুনৰ বিয়াত বহিবলৈ । অৱশেষত তাইৰ সিদ্ধান্তক মাক দেউতাকে মানি ল’বলৈ বাধ্য হ’ল । তাই এতিয়া ব্ৰহ্মকুমাৰী আশ্ৰমৰ ভগ্নী। এতিয়া তাই জীৱনৰ মায়া মোহৰ পৰা সম্পূৰ্ণ মুক্ত আৰু সমাজৰ কামতেই ব্ৰতী হৈ থাকিম বুলি প্ৰতিজ্ঞাবদ্ধ। অৱশেষত অপৰূপাই জীয়াই থকাৰ এটা নতুন পথ পালে। আমাৰ সমাজত এনেকুৱা বহু কেইজনী অপৰূপা ওলাব । যি এতিয়াও মানসিকতাৰ বলি হৈ আছে। এতিয়াও বহুতো এনেকুৱা মানসিকতাৰ মানুহ আছে। এনেবোৰ কাৰণতে এখন এখন সুন্দৰ সংসাৰ ধ্বংস হৈ যাবলৈ ধৰিছে। আমাৰ মানসিকতা পৰিবৰ্তন হলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব। এতিয়াও বহুতে মহিলা গৰাকীকে সন্তান নোহোৱাৰ দোহাই দি থাকে। লাগিলে পুৰুষ জনৰেই দোষ নাথাকক কিয় ? আমি নাৰী হʼলো বুলিয়েই যে সকলো দোষ মোৰ পাতি লʼম , সেইটো কেনেকুৱা কথা ? এগৰাকী মহিলাৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকিবও পাৰে । সেই কাৰণে কি মহিলা গৰাকীক আমি চিৰজীৱন দোষ দি থাকিম? তেওঁক সকলো ফালৰ পৰা বঞ্চিত কৰি ৰাখিম ? এনেবোৰ মানসিকতা এতিয়া এৰিবৰ হ’ল। সন্তান থাকিও আজিকালি মাক দেউতাকক বহুতে বৃদ্ধাআশ্ৰমত থয়। গতিকে এগৰাকী নাৰী সন্তানৰ অবিহনেও সুন্দৰকৈ জীয়াই থকাত সমাজ খনৰ দায়িত্ব আছে। বৰ্তমান অবশ্যে বিভিন্ন পদ্ধতিৰে সন্তান জন্ম দিয়াৰ ব্যবস্থা কৰা হৈছে। তাৰফলত বহুতো পতি পত্নী উপকৃত ও হৈছে। অপৰূপা এটা উদাহৰণহে মাথোঁ , বৰ্তমান সমাজত হৈ থকা ঘটনা সমূহৰ ।
হিমাদ্ৰী বৰকটকী
নগাঁও