অপৰাধ নিয়ন্ত্ৰণত অসম আৰক্ষী কিমান সফল ? – দেবর্ষি গৌতম

অপৰাধ নিয়ন্ত্ৰণত অসম আৰক্ষী কিমান সফল ?

দেবর্ষি গৌতম, বনগাঁও

অসম হৈছে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক বৈচিত্ৰ্যৰে ভৰপূৰ এখন ৰাজ্য। অসমৰ লগতে সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই ভৌগোলিক ভাবে অতিকৈ বিচিত্ৰ আৰু সকলো ধৰণৰ পৰ্য্যটকৰ বাবে অতিকৈ আকৰ্ষণৰ কেন্দ্রবিন্দু। অসমৰ বহু এনেকুৱা ঠাই আছে যিবোৰ ঠাইৰ প্ৰতি দেশী-বিদেশী পৰ্য্যটক সদায় আকৰ্ষিত হোৱা আমি দেখিবলৈ পাওঁ। কিন্তু অসমৰ পৰ্য্যটন উদ্যোগটো যিদৰে আগবাঢ়িব যাব লাগিছিল সেয়া হয়তো এতিয়াও সম্ভৱ হৈ উঠা নাই। অসমৰ প্ৰেক্ষাপটত এনে এটা সময় আছিল যি সময়ত অসমক পৰ্য্যটন স্থলী হিচাপে নহয় সন্ত্ৰাসবাদীৰ বিশ্বৰণস্থলী হিচাপে অসমৰ বাহিৰত মানুহে ভাবিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত অসমৰ বহু কেইটা নিষিদ্ধ ঘোষিত সংগঠনৰ কাৰ্যকলাপৰ বাবে সাধাৰণ অসমীয়া লোকসকলেও বহুতো জিয়াতু ভুগিব লগীয়া হোৱাৰ নাজীৰ আছে। বহু অসমীয়া ডেকা যুৱকৰ কেঁচা তেজেৰে ৰাঙলী হৈছিল অসমৰ বহুতো প্ৰান্ত। বহু ডেকা যুৱকে নিষিদ্ধ ঘোষিত সংগঠনত যোগ দি মৃত্যুবৰণ কৰাৰ পৰিবৰ্তে বহু নিৰীহ যুৱকক সেই নিষিদ্ধ সংগঠনৰ বিৰুদ্ধে চলোৱা অভিযানৰ নামত ভুৱা এনকাউণ্টাৰ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ আজিও উত্থাপিত হৈ আহিছে। ইয়াৰ পিছত আকৌ অসমত আন এক কলা অধ্যায় আৰম্ভ হৈছিল। চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ বহু তেজল যুৱকে গুপ্তঘাটকৰ হাতত প্ৰাণ হেৰুৱাব লগীয়া হৈছিল। এনেবোৰ ঘটনা আজি এক কলা অতীত হিচাপে সকলোৱে পাহৰিবলৈ চেষ্টা কৰিছে। কিন্তু বৰ্তমান সময়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সভাপতিৰ মাজত যি তৰ্কযুদ্ধ আৰম্ভ হৈছিল সেই যুদ্ধৰ পৰিপ্ৰেক্ষিতত আলফাই অসমৰ বিভিন্ন ঠাইত কূটাঘাটমূলক কাৰ্য সংঘটিত কৰি আলফাৰ শক্তি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে। এই কাৰ্য সংঘটিত কৰাৰ আঁৰত আলফাৰ হাত থকা বুলি নিষিদ্ধ ঘোষিত সংগঠনটোৱে নিজে দায়িত্ব স্বকীৰ কৰিছে। এই ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। অসম আৰক্ষীৰ তদন্ত আৰু অভিযানৰ ওপৰিও ৰাষ্ট্রীয় অনুসন্ধান সংস্থাৰ এটা দলেও ঘটনাৰ স্থান পৰিদৰ্শন কৰে আৰু  সুকীয়াকৈ অনুসন্ধান আৰম্ভ কৰে। অসম আৰক্ষীয়ে তদন্তৰ অন্তত অভিযান চলাই এই ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুকেইগৰাকী ব্যক্তিক আটক কৰি সোধাপোছা কৰে। কিন্তু লক্ষণীয়ভাৱে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি তদন্তৰ সময়ত প্ৰায় আটাইকেইগৰাকী ব্যক্তিয়ে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে গুলিচলনা কৰিব লগীয়া হয়। যাৰ ফলত গুলীবিদ্ধ অৱস্থাত আটাইকেইগৰাকী ব্যক্তিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু এই সকলোবোৰৰ মাজতে এটা ভয়ানক খবৰে সকলোকে চিন্তিত কৰি তুলিছে। যোৰহাটৰ সেনা ছাউনিৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ সন্দেহত আটক কৰা এগৰাকী ব্যক্তিক আৰক্ষীয়ে উপৰ্যপূৰি জেৰা চলাই। প্ৰায় চাৰি পাঁচ দিন ধৰি চলোৱা জেৰাৰ অন্তত সেই ব্যক্তিগৰাকীয়ে আত্মহত্যা কৰে। এতিয়া যোৰহাটৰ ব্যক্তিগৰাকীয়ে পুলিচৰ জেৰাৰ অন্তত আত্মহত্যা কৰাৰ ঘটনাই সকলোৰে মনত বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে ? পৰিয়ালৰ অভিযোগ অনুসৰি পুলিচৰ জেৰাৰ সময়ত সেই ব্যক্তিগৰাকীক ঘটনাৰ লগত জড়িত থকা বুলি মানি লবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। আনহাতে পুলিচৰ জেৰাৰ সময়ত ব্যক্তিগৰাকীক শাৰীৰিক অত্যাচাৰ চলোৱাৰো অভিযোগ উত্থাপিত হৈছে। যদি সচাকৈ যোৰহাটৰ ব্যক্তিগৰাকী পুলিচৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাছি ললে তেনেহলে ইয়াৰ বাবে দায়ী কোন ? অসম পুলিচে নিজৰ ব্যৰ্থতা ঢাকিবলৈ এইবোৰ পদক্ষেপ নেকি ? এতিয়া সকলোৱে এই প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে। আচলতে ইয়াতে উত্থাপন হোৱা মূল প্ৰশ্ন সমূহ হল যে যিকোনো ঘটনা এটা সংঘটিত হোৱাৰ আগতে অসম আৰক্ষীয়ে কিয় ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰে ? অসম আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যস্তনীৰ মাজত কিদৰে যোৰহাট চহৰৰ মাজমজিয়ালৈ গ্ৰেণেড লৈ কোনো যুৱকে প্ৰৱেশ কৰিবলৈ সমৰ্থ হল। যদি কোনো যুৱকে হাতত গ্ৰেণেড লৈ এখন চহৰৰ মাজমজিয়ালৈ আহি সেই গ্ৰেণেড বিস্ফোৰণ সংঘটিত কৰি নিঃসংকোচে আঁতৰি যাব পাৰে তেনেহলে অসম আৰক্ষীৰ নিৰাপত্তা ব্যস্তনীত যে সুৰুঙা আছে সেয়া ধুৰূপ। যদি সচাকৈ অসম আৰক্ষীত কোনো সুৰুঙা নাই তেনেহলে প্ৰতিটো ঘটনাৰ পিছতহে অসম আৰক্ষীয়ে হাতেকামে লাগিবলগীয়া কিয় হয় ? অসমৰ গৃহাবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে সদায় কৈ আহিছে যে অসম আৰক্ষী জনতাৰ বন্ধু হৈ কাম কৰিব লাগিব। সাধাৰণ লোকসকলৰ মনত আৰক্ষীৰ প্ৰতি যি এক ঋণাত্মক মনোভাব গঢ় লৈ উঠিছিল সেয়া আৰক্ষীয়ে নিজেই আঁতৰাব লাগিব। অসম আৰক্ষীৰ সকলো বিষয়া-জোৱানে নিজৰ উগ্ৰ স্বভাৱ পৰিহাৰ কৰি এক শান্ত আৰু অমায়িক স্বভাৱৰ পৰিচয় প্ৰদান কৰি নিজ কৰ্মক্ষেত্ৰত কৰ্ম সম্পাদন কৰিব লাগিব। কিন্তু মুখ্যমন্ত্ৰীৰ এনেবোৰ আহ্বান আৰু নিৰ্দেশ যেন সময়ে সময়ে অসম আৰক্ষীৰ দ্বাৰা উলংঘা কৰা পৰিলক্ষিত হৈ আহিছে। অসম আৰক্ষীক আধুনিকীকৰণ কৰি যি স্মাৰ্ট পুলিচ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হৈছে সেয়াও যেন এনেবোৰ ঘটনাই ফুটুকাৰ ফেনত পৰিণত কৰিছে। অসম আৰক্ষীৰ বৰমুৰীয়া সকলে বৰষুণ গলে জাপি চোৰ গলে বুদ্ধিৰ দৰে স্থিতি গ্ৰহণ কৰাৰ পৰিবৰ্তে তেওঁলোকৰ সামগ্ৰিক যি ব্যৰ্থতা আৰু ভুল সেইসমূহ ভালদৰে পৰ্য্যালোচনা কৰি লৈ ইয়াক পুনৰাবৃত্তি নকৰিবলৈ চেষ্টা কৰাটোহে উচিত। ভয় ভাবুকিৰে কেতিয়াও অসম পুলিচে জনতাৰ আপোন হব নোৱাৰে। এনেবোৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে জনতাৰ পৰা ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰিব অসম আৰক্ষী। অসমত এতিয়া অসম পুলিচৰ যি কৰ্ম কাণ্ড দেখিবলৈ পোৱা গৈছে এইবোৰৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে নিজৰ ভুল ঢাকিবলৈ অসম আৰক্ষী যিকোনো পৰিস্থিতিলৈ যাবলৈ সাজু। প্ৰতিগৰাকী সচেতন লোকে এতিয়া প্ৰশ্ন কৰিছে যে অসম আৰক্ষীৰ ব্যৰ্থতা ঢাকিবলৈ আৰক্ষীৰ বৰমুৰীয়া সকলৰ নিৰ্দেশতে ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হবলৈ আৰম্ভ হৈছে নেকি ? গণতন্ত্ৰত বিশ্বাসী কোনো লোকে অসম আৰক্ষীৰ এনেধৰণৰ কাৰ্যক সমৰ্থন নকৰে। চৰকাৰৰ গৃহবিভাগে যাতে অসম আৰক্ষীৰ এনেবোৰ কাৰ্যৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে সচেতন লোকসকলে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আচলতে সাধাৰণ লোকে কিবা দোষ কৰিলে পুলিচে তাৰ তদন্ত কৰে কিন্তু যেতিয়া পুলিচে বিৰুদ্ধে অভিযোগ আহে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও বৰ্তমান সময়ৰ এক ডাঙৰ প্ৰশ্ন। কাৰণ পুলিচে পুলিচৰ বিৰুদ্ধে কৰা তদন্ত অথবা ব্যৱস্থা কিমান নিকা হব তাৰ ওপৰত সকলোৰে এক সন্দেহৰ দৃষ্টি থাকে। অসমত যাতে আকৌ সেই অতীতৰ বিভীষিকাময় পৰিবেশ পৰিস্থিতি ঘূৰি নাহে তাৰ বাবে সকলোৱে কামনা কৰিছে। কোনেও আশা নকৰে যে নিমিষতে কোনো মাতৃৰ বুকু শুদা কৰি নিজ সন্তান হেৰাই যাওক, কোনো পত্নীৰ শিৰৰ সেন্দুৰ উকা কৰি তেওঁৰ স্বামী আঁতৰি যাওক। পুলিচৰ দ্বাৰা নিৰ্যাতিত হৈ আত্মহত্যা কৰা বুলি অভিযোগ উঠা যি ঘটনা সেয়া যোৰহাটৰ পৰা সমাপ্ত হওক। অসমৰ কোনো প্ৰান্তৰ পৰা যাতে আৰু এনেধৰণৰ খবৰ শুনিবলৈ পোৱা নাযায় তাৰ ক্ষেত্ৰত আৰক্ষীৰ বৰমুৰীয়া সকল কিছু পৰিমানে সতৰ্ক হোৱাটো অতিকৈ জৰুৰী। দোষীক কৰয়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাটো আমাৰ সকলোৰে কাম্য। কিন্তু দোষীক কৰয়ত্ত কৰাৰ নামত যাতে কোনো নিৰীহ লোক পুলিচৰ দ্বাৰা নিৰ্যাতিত হব লগা নহয় সেয়া নিশ্চিত হব লাগে। যেতিয়া একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিগৰাকী হঠাৎ পৰিয়ালটোৰ মাজৰ পৰা নোহোৱা হৈ যায় তেতিয়া সেই পৰিয়ালটোৰ কি অৱস্থা হয় সেইখিনি কেৱল পৰিয়ালৰ সদস্য সকলেহে অনুভৱ কৰিব পাৰে। অসমী আইৰ বুকু যাতে ভৱিষ্যতে কেতিয়াও আৰু নিৰীহ অসমীয়া যুৱকৰ কেঁচা তেজেৰে ৰাঙলী নহয় সেয়া প্ৰতিগৰাকী অসমীয়া লোকৰে কাম্য।