” অপেক্ষা “- হিমাদ্ৰী বৰকটকী

pc DeVon franklin

” অপেক্ষা “

তুমি এন্ধাৰৰ এচাকি জোনাক
নিশা পাৰ হয় জোনাকীৰ সতে
ধুমুহা আৰু এন্ধাৰৰ সতে মোৰ মিতিৰালি
তুমি অবিহনে ও ভাল পাওঁ তোমাক
তুমি ভবাতকৈ ও বহু বেছি
আতৰি গʼলেও তোমাক পাহৰিব পৰা নাই
কোনো পৰীৰ দেশত
হাবাথুৰি খোৱা সেই মুহূৰ্ত
এবাৰ ভাবি চোৱাচোন
আমাৰ ভালপোৱা…
অভিনয় মই বেয়া পাওঁ
মিছা অভিনয়
ভালপোৱা তুমি কি বুজিলা
মই নাজানো
সপোনৰ ঘৰখন সজাম বুলি
ভাঙি থৈ গলা
তুমি সুখী হ’ব পাৰিছানে?
এতিয়া মোৰ মাথোঁ
অতীতক সুৱৰী নীৰৱতাৰ প্ৰেম
এতিয়া মাথোঁ অপেক্ষা
নীৰৱতাৰ যাত্ৰাৰ…

হিমাদ্ৰী বৰকটকী
শিৱনগৰ ২ নং উপপথ
নগাঁও