অন্ধবিশ্বাস – মেঘালী দেৱী, দেৰগাঁও

pc Agriculture Monthly

অন্ধবিশ্বাস

✒️মেঘালী দেৱী,
দেৰগাঁও

মাগনী ফুলমনি,
আজলীও তাই।
বাৰীৰ ঢাপৰ বাঁহজোপা ফুলিল।
মূৰত গোজি ফুল–
কপালত বৈ পৰা সূৰ্য,
তাই হ’ল ৰঙতে বাউলী।
বস্তিত বিয়পিল
গোন্ধ, প্ৰমুখাত,
প্লেগ — মহামাৰীৰ
প্ৰেতধুমেৰে আৱৰিলে আকাশ
সেয়াই তাইৰ জগৰ।
উদৰৰ উচুপনিত,
থাকিব নোৱাৰি,
ভৰুণ কলথোকত চকুভাঙি চাওঁতেই
তাইৰ হেনো অপৰাধ হ’ল।
ৰোপন হ’ল অন্ধবিশ্বাসৰ বীজ।
আজিও স্মৃতি হৈ ৰ’ল–
তাইৰ জীৱন্ত সমাধিৰ
কান্দোনবোৰ—-।