অন্ধবিশ্বাস
অমূল্য চেতিয়া
তই পাৰিব লাগিব
নিজৰ পছন্দ নিলগাই…
নিজৰ সপোন গছকি…
আপোনৰ শ্ৰুতলিপি
আখৰে আখৰে পালন কৰিব লাগিব!
তই পাৰিব লাগিব
নিজক হেৰুৱাই হ’লেও,
কলিজাত জুই জ্বলাই হ’লেও …
দহৰ কথাত হয়ভৰ দিব লাগিব !
কাৰণ…
তই অতি নম্ৰ ভদ্ৰ আজ্ঞাৱাহী!
তই পাৰিব লাগিব
কাঁইটে বিন্ধিলেও
গোলাপ ল’ব লাগিব…
পুৰিলেও তপত বালিত
খোজ দিব লাগিব
কাৰণ …
তই এটা শিলৰ চোলা পিন্ধি লৈছ!
তই পাৰিবই লাগিব।