অন্তিম পাথেয় – শুৱলা দাস

Pc Unsplash

অন্তিম পাথেয়

শুৱলা দাস
যোৰহাট

যিদিনা যামগৈ
যিদিনা যামগৈ
লৈ যাম সযতনে  তোমাক।
বুকুৰ ভিতৰৰো ভিতৰত
গভীৰৰো গভীৰৰ
নি:ছিদ্ৰ  আবেষ্টনিত
পোহৰো  য’ত নিসিদ্ধ
বায়ুৰ গতিও য’ত আবদ্ধ
তেনে সুৰক্ষিত আসনত
থাপি,
আহি থকাৰ দৰেই,
গতি কৰিম অনন্ত ধামলৈ।
চৌদিশে এটি খবৰ
বিয়পি  পৰাৰ  পৰত,
মোক চিৰ বিদায় দিবলৈ
মোৰ আত্মীয় সকলে
উবুৰি খুৱাৰ ক্ষণত
একান্তই অকলশৰীয়া মুহূৰ্তত
সুৰক্ষিত আসনৰ পৰাই
আশ্বাস দি থাকিবানে তুমি!
তোমাৰ অশৰিৰী দুুহাতত
ধৰিয়ে মই পাৰ হ’ম
নেদেখা নদীখনি!
পাৰ হোৱাৰ পিছত
এই পাৰে মোৰ শৰীৰৰ থাকি যাব যেতিয়া,
নিঃছিদ্ৰ ৰন্ধই দি
ৰূদ্ধদ্বাৰ বেষ্টনি ফালি
মোৰ লগত এক মাত্ৰ সাৰথি হৈ
যাবাগৈনে তুমি
অনন্ত ধামলৈ
অন্তহীন,সত্তাত বিলিন হ’বলৈ
অভিন্ন ভাৱেৰে
অনন্ত কাললৈ এক জ্যোতি হ’বলৈ।
যামগৈ যিদিনা কায়িক
দেহৰ পৰা অনন্ত ধামলৈ
সযতনে লৈ যাম তোমাৰ সত্তাক!!