“অনুশোচনা” – জয়শ্ৰী দুৱৰা

pc Medium

            শাহুৱেকে কেকাই থকা শুনি মাজু বোৱাৰী পাহি টোপনিৰ পৰা সাৰ পাই দৌৰি গ’ল। গাত হাত দি  চাই দেখিলে যে শাহুৱেকৰ জ্বৰ উঠিছে। দোভাগ ৰাতি সকলো টোপনিত লালকাল। পাহিৰ স্বামী পৰাণ, পুত্ৰ ৰণক টোপনিৰ পৰা জগাব তাইৰ বেয়া লাগিল। তাই নিজে লাহেকৈ পাকঘৰলৈ গৈ মিঠাতেল অকনমান গৰম কৰি আনি শাহুৱেকক ভালকৈ মালিচ কৰি কাপোৰ-কানি উৰাই দি কাষতে বহি থাকিল। গাটো মালিচ কৰি দিয়াত শাহুৱেকৰ ভালদৰে টোপনি আহিল। পাহিয়ে চকিখনতে বহি টোপনিয়াই থাকিল। এনেকৈয়ে ৰাতি পুৱাল।  শাহুমাকে পাহিক তেনেকৈ  বহি থকা দেখি  মুখৰ মাত হেৰাল। কেৱল দুচকুৰে চকুপানী বৈ আহিল।

            পাহিৰ শাহুৱেক নিৰলাৰ তিনিটা সন্তান। ডাঙৰ ল’ৰা-বোৱাৰী দুয়ো ডাক্তৰ, মাজু ল’ৰা জলসিঞ্চন বিভাগৰ কৰ্মচাৰী, সৰু ছোৱালীজনীকো এজন উচ্চ পদস্থ বিষয়ালৈ বিয়া দি তেওঁ আজৰি। নিৰলাৰ ডাঙৰ ল’ৰা-বোৱাৰী আৰু জী-জোৱাইক লৈ বৰ অহংকাৰ। য’তে যাকে লগ পাই তেওঁলোকৰ প্ৰশংসা নকৰাকৈ নেৰে। মাজু ল’ৰা-বোৱাৰীৰ কথা বৰকৈ নকয়। কামৰ অজুহাতত ডাঙৰ ল’ৰা-বোৱাৰী একেখন চহৰতে নিজাকৈ ঘৰ সাজি থাকিবলৈ লয়। ছোৱালীও একেখন চৰহৰতে থাকে। ব্যস্ততাৰ বাবে ঘৰলৈ আহিবলৈ সময়েই নাপায়। কেতিয়াবা বছৰেকৰ বিহুটোত আটাইখিনি লগ হয়। কিন্ত, সেয়া যেন নকৰিলে নোহোৱা কৰ্মহে। যেনে-তেনে মাকক এবাৰ দেখা কৰি উভতি যায়।

            এইবাৰ বিহুত ককায়েক-বৌৱেক, ভনীয়েক-ভনীজোৱায়েক আহিব বুলি পৰাণৰ গাত তত্ নাই। কেইবাদিনৰ আগৰ পৰাই তেওঁলোকে ভালপোৱা বস্তুবেৰ গোটাবলৈ আৰম্ভ কৰিছে। সধ্য অনুসাৰে সকলোলৈকে বিহুৱানো যোগাৰ কৰিছে। বিহুৰ দিনা পাহিৰ গা সাতখন-আঠখন। পুৱাই উঠি ঘৰ-চোতাল চাফ-চিকুন কৰি নামঘৰত চাকি-বন্তি দি পাহি পাকঘৰত সোমাল। বিধে বিধে খোৱা বস্তু ৰান্ধিলে। বিভিন্ন সুস্বাদু খাদ্যৰে খোৱা টেবুল সজাই থলে। কিন্তু অপেক্ষা কৰি কৰি তেওঁলোকৰ আমনি লাগিল। আবেলি সময়ত ফোন কৰি জনালে যে – তেওঁলোক আহিব নোৱাৰে। পাহিক শোকে খুন্দা মাৰি ধৰিলে। শাহুৱেকে আকৌ ওলোটাই পাহি আৰু পৰাণকে গালি সোধালে। ক’লে, “তেওঁলোক কৰ্মব্যস্ত মানুহ, আহোঁ বুলিলেই আহিব নোৱাৰে নহয়।“ সুবিধা পালেই নিৰলাই পাহি আৰু পৰাণক ককৰ্থনা কৰে। কিন্তু বেমাৰ-আজাৰ হ’লে পাহিয়ে দিন ৰাতি একাকাৰ কৰি শাহুৱেকৰ শুশ্ৰুষা কৰে। ডাঙৰ ল’ৰা-বোৱাৰী আৰু জী-জোৱাইৰ খবৰ লবলৈ আহৰিয়ে নাই। ফোনযোগে কবৰ লৈয়ে দ্বায়ীত্ব সামৰে। পাহি আৰু পৰাণে কিন্তু কেতিয়াও মাকক অৱহেলা নকৰে।

            বয়সৰ লগে লগে মাকৰ গাটো সঘনাই বেয়া হৈ থাকে। পাহি আৰু পৰাণে অশেষ কষ্ট কৰি মাকক সুস্থ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিলে। কিন্তু মাকৰ অসুস্থতা  দিনে দিনে বাঢ়িবলৈহে ধৰিলে। ডাক্তৰৰ পৰামৰ্শমতে তেওঁলোকে মাকক সুস্থ কৰিবলৈ সকলো কৰিলে। চিকিৎসালয়ৰ বিচনাত কেকাই থকা মাকক দেখিলে পাহিয়ে মনে মনে চকুলো টুকে।

            আজি মাকৰ ৰিপ’ৰ্টবোৰ চাই ডাক্তৰে যিটো কথা ক’লে পৰাণৰ পেটতে হাত-ভৰি লুকাল। পৰাণে অতি দুখেৰে পাহিক জনালে যে মাকৰ দুয়োটা কিড্নিয়ে বেয়া হ’বলৈ ধৰিছে। পাহি কিছুসময় স্তব্ধ হৈ ৰ’ল। কিন্তু বিপদত ধৈৰ্য্য় ধৰিব পৰাটোহে আচল কথা। তেওঁ মনটো ডাঠ কৰি পৰাণক ককায়েক আৰু ভনীয়েকৰ লগত কথাটো আলোচনা কৰিবলৈ পৰামৰ্শ দিলে। পৰাণে মাকৰ এই অৱস্থাটোৰ কথা ককায়েক আৰু ভনীয়েকক ফোনযোগে  জনালে। তেওঁলোক পিছদিনা আহি মাকক দেখা কৰি পৰাণৰ হাতত অলপমান টকা দি দ্বায়িত্ব সামৰিলে। ডাক্তৰে অনতি পলমে মাকৰ কিড্নি সলনি কৰিব লাগিব বুলি পৰাণক জনালে। পৰাণে চকুৰি ধোৱা-কোৱা দেখিলে। তেওঁটো আৰ্থিকভাৱেও দুৰ্বল। কি কৰিব কি নকৰিব ভাবি থাকোতেই পাহিয়ে পৰাণৰ কান্ধত হাত থৈ তেওেঁই শাহুমাকক কিড্নি এটা দিব বুলি ক’লে। পৰাণে প্ৰথমে অস্বীকাৰ কৰিছিল। কিন্তু মাতৃক মৃত্যুৰ মুখৰ পৰা বচাই আনিবলৈ আন উপায়ো নাই। কথা মতেই কাম। ডাক্তৰে পাহিৰ পৰীক্ষা-নিৰিক্ষা কৰি সকলো মিলিলত অ’পাৰেশ্বন কৰিলে। লাহে লাহে নিৰলা সুস্থ হৈ উঠিল। চিকিৎসকে ঘৰলৈ আহিবলৈ পৰামৰ্শ দিলে। শাহু-বোৱাৰী দুয়ো সুস্থ হৈ ঘৰলৈ আহিল।

            যিগৰাকী বোৱাৰীক বিয়াৰ দিন ধৰি অপদস্ত কৰি আহিছিল সেইগৰাকী বোৱাৰীয়ে তেওঁক মৃত্যুৰ মুখৰ পৰা আজুৰি আনিলে। তেওঁৰ অন্তৰখন অনুশোচনাই দগ্ধ কৰিলে। তেওঁ পাহিক হাতযোৰ কৰি ক্ষমা বিচাৰিলে। শাহুৱেকে দেৰিকৈ হ’লেও তাইক বুজি পোৱাৰ বাবে পাহিৰ আনন্দৰ অশ্ৰু নিগৰি আহিল।

            নিৰলাই পৰাণ পাহি আৰু ৰণৰ সৈতে এক নতুন জীৱনৰ পাতনি মেলিলে।

জয়শ্ৰী দুৱৰা,

মানপাৰা, গুৱাহাটী

***